UNICEFৰ যোৱা ৪ ছেপ্টেম্বৰৰ এক ৰোমহৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে, গাজা পৰিগণিত হৈছে আতংক, পলায়ন আৰু অন্ত্যেষ্টিৰ চহৰত—a city of fear, flight and funerals৷ ৰাষ্ট্ৰসংঘৰ তথ্যমতেই গাজাত পাঁচ বছৰৰ তলৰ প্ৰায় ১,৩২,০০০ শিশু চৰম অপুষ্টিজনিত কাৰণত মৃ*ত্যুপথযাত্ৰী৷ কোনো উন্মাদপ্ৰায় ৰাষ্ট্ৰনেতাৰ চৰম অমানৱীয় কাৰ্যত কিমান সম্ভাৱনা হেৰাই গৈছে, কিমান সম্ভাৱনা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে! গাজাৰ এই দুঃসহ যাতনাই মনত পেলায় এগৰাকী বিজ্ঞানীলৈ—যি ছবছৰ বয়সতে হেৰাই হোৱাৰ উপক্ৰম হৈছিল৷ এক বিশেষ জাতিবিদ্বেষী আন এজন ৰাষ্ট্ৰনেতাৰ বাবে জাৰ্মানীত ওপজা সেই শিশুটিয়ে ছবছৰ বয়সতে দেশ এৰি পলাই নোযোৱা হ’লে ব্ৰহ্মাণ্ড সৃষ্টিৰ মহানাদ তত্ত্বৰ সাৰ্থক প্ৰমাণ পাবলৈ হয়তো আৰু কিছুবছৰ অপেক্ষা কৰিব লাগিলহেঁতেন৷
বিজ্ঞানীগৰাকীৰ নাম আৰ্ন’ পেনজিয়াছ৷
১৯৩৩চনত জন্ম হৈছিল জাৰ্মানীৰ এটি ইহুদী পৰিয়ালত৷ তেওঁৰ জন্মৰ পাছৰ পৰাই হিটলাৰৰ জাৰ্মানীত
ক্ৰমান্বয়ে ইহুদী বিদ্বেষে প্ৰবল ৰূপ ল’বলৈ ধৰিছিল৷ ১৯৩৯ত এই হিটলাৰৰ বাবেই আৰম্ভ হৈছিল
শতিকাটোৰ দ্বিতীয়খন বিশ্বযুদ্ধৰ৷ জাৰ্মানীৰ পৰিস্থিতি তেতিয়া এনে, যে ছবছৰীয়া আৰ্ন’ৰ
শিশুমনো উগুলথুগুল— অনুভৱ কৰিছিল, ইহুদীসকলক লৈ কিবা এটা হ’বলৈ ওলাইছে৷ মহাসমৰৰ সূত্ৰপাতৰ
প্ৰাকক্ষণত আৰ্ন’ৰ পিতৃ-মাতৃয়ে বুজিলে, আমেৰিকাই এতিয়া একমাত্ৰ নিৰাপদ আশ্ৰয়৷
কিন্তু আমেৰিকালৈ জাৰ্মানীৰ ইহুদী পৰিয়াল
এটা যোৱাটো তেতিয়া সহজ নাছিল৷ তাতে আৰ্ন’ৰ এটি কণমানি ভাইটিও আছিল৷ সেই কণমানি ভায়েকৰ
দায়িত্ব আৰ্ন’ৰ হাততে সঁপি এদিন মাক-দেউতাকে দুই সন্তানক ইংলেণ্ডমুখী ৰে’লত উঠাই দিয়ে৷
ৰে’লত উঠি আৰ্ন’ই ভায়েকক কৈছিল— jetzt sind wir allein, ‘আমি এতিয়া অকলশৰীয়া’৷ আত্মকথাত আৰ্ন’ই লিখিছিল—
In the late spring of 1939, shortly after my sixth birthday, my parents
put their two boys on a train for England; we each had a suitcase with our
initials painted on it, as well as a bag of candy. They told me to be sure and
take care of my younger brother. I remember telling him, “jetzt sind wir allein” as the train pulled out. ‘এক্সিট
পাৰ্মিট’ নথকাৰ বাবেই মাক লগত যোৱাটো সম্ভৱ নাছিল— মাকে প্ৰয়োজনীয় অনুমোদন লাভ কৰিছিল
দুই সন্তানে ইংলেণ্ডত ভৰি থোৱাৰ এমাহৰ পাছত, মহাযুদ্ধ আৰম্ভৰ এসপ্তাহ আগেয়ে৷ দেউতাক
অৱশ্যে গৈ পাইছিল দুই কণমানি ইংলেণ্ড গৈ পোৱাৰ প্ৰায় সমসাময়িকভাৱেই৷ ইংলেণ্ডত এক ৰহস্যময়
ইহুদী লোকৰ সহায়েই আছিল আৰ্ন’হঁতৰ ভৰসা৷ এই ৰহস্যময় ব্যক্তিজনৰ কৃপাতেই তেওঁলোক এদিন
আমেৰিকা পাইছিলগৈ...
আমেৰিকাত
পেনজিয়াছ পৰিয়ালৰ সংগ্ৰামী জীৱনৰ অনেক কথাই লিখিব পাৰি৷ নিউয়ৰ্কৰ যিখন কলেজত আৰ্ন’ই
পঢ়িছিল, সেইখন কোনো উচ্চ পৰ্যায়ৰ কলেজ নাছিল৷ (তেওঁৰ ভাষাত-- a
municipally-supported institution then beginning its second century of moving
the children of New York’s immigrant poor into the American middle class.) কিন্তু
এনেদৰেই পোনতে ৰাসায়নিক কাৰিকৰী বিজ্ঞান, আৰু পাছলৈ পদাৰ্থ বিজ্ঞান পঢ়ি আৰ্ন’ পেনজিয়াছে
পৰৱৰ্তীকালত ৰবাৰ্ট ডব্লিউ উইলছনৰ সৈতে লগ লাগি এনে এক তৰংগ বিকিৰণ উদ্ভাৱন কৰিলে,
যি ব্ৰহ্মাণ্ড সৃষ্টিৰ মহানাদ তত্ত্বৰ বলিষ্ঠ প্ৰমাণ হৈ উঠিল৷ তেওঁলোকে আৱিষ্কাৰ কৰা
এই তৰংগবিধক কোৱা হয় মহাজাগতিক অনুতৰংগ পটভূমি বিকিৰণ (ইংৰাজীত কছমিক মাইক্ৰ’ৱেভ বেকগ্ৰাউণ্ড
ৰেডিয়েশ্যন)৷
ব্ৰহ্মাণ্ড
সৃষ্টিৰ মহানাদ তত্ত্ব (বিগ বেং) অনুসৰি প্ৰায় এহাজাৰ তিনিশ পঁইসত্তৰ কোটি বছৰৰ আগতে
এটি অত্যন্ত ঘন আৰু উত্তপ্ত অৱস্থাৰ আদিম পৰমাণুৰ বিষ্ফোৰণৰ মাজেৰে সমগ্ৰ নক্ষত্ৰ,
গ্ৰহ তথা মহাজাগতিক পদাৰ্থৰ সৃষ্টি হৈছে আৰু সৃষ্টিৰ (বা বিষ্ফোৰণৰ) পাছৰেপৰা সকলো
মহাজাগতিক পদাৰ্থ পৰস্পৰৰ পৰা আঁতৰি গৈ আছে৷ যিহেতু সৃষ্টিৰ পৰত মহাজগত অত্যন্ত উত্তপ্ত
আছিল, সেয়েহে জৰ্জ গেম’ই এই মতবাদৰ আধাৰতে ১৯৪৮ চনত এক মহাজাগতিক অনুতৰংগ পটভূমি বিকিৰণৰ
সম্ভাৱনা দাঙি ধৰিছিল৷ এই বিকিৰণ তেওঁৰ মতে মহাজগতত সমৰূপভাৱে (আইছ’ট্ৰপিক) বিস্তৃত
হৈ থাকিব৷ কিন্তু এনে বিকিৰণ আৱিষ্কাৰ হৈ উঠা নাছিল৷ ১৯৬০ৰ দশকত ভাৰতৰ জ্যোতিৰ্পদাৰ্থ
বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰ আৰু তেওঁৰ ব্ৰিটিছ গুৰু ফ্ৰেড হয়লে স্থিৰ বিশ্ব তত্ত্ব
দাঙি মহানাদ তত্ত্বক প্ৰত্যাহ্বানো জনাইছিল৷ পিছে হয়ল-নাৰ্লিকাৰ তত্ত্বই চাঞ্চল্য সৃষ্টি
কৰিলেও ই খোপনি পুতিবলৈ নাপাওঁতেই ১৯৬৫ চনত পেনজিয়াছ আৰু উইলছনে কছমিক মাইক্ৰ’ৱেভ বেকগ্ৰাউণ্ড
ৰেডিয়েশ্যন আৱিষ্কাৰ কৰিবলৈ সক্ষম হ‘ল৷ -২৭০ ডিগ্ৰী চেলচিয়াছ (২.৭ কেলভিন) উষ্ণতাৰ
এই ৰেডিয়েশ্যনে মহানাদ তত্ত্বৰ সত্যতা প্ৰতিষ্ঠা কৰাৰ বাবেই পেনজিয়াছ আৰু উইলছনলৈ ১৯৭৮
চনৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল৷ (সেইবছৰ পদাৰ্থ বিজ্ঞানৰ আন এগৰাকী ন’বেলপ্ৰাপক আছিল
পিটাৰ কাপ্যিটজা৷)
ছবছৰীয়া
আৰ্ন’ই সমাগত যুদ্ধভূমিৰ পৰা পলায়ন কৰাৰ বাবেই বিজ্ঞানলৈ এনে অৱদান আগবঢ়াব পাৰিছিল৷
প্ৰতিগৰাকী শিশুৰ মাজতেই আছে অপাৰ সম্ভাৱনা৷ গাজাত আজি খাবলৈ নাপায় আঁট শুকুৱা কত শিশুৰ
মাজত আছে কিমান সম্ভাৱনা! এই আতংকৰ অৱসান ঘটি তেনে শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত হোৱাটোও
সাম্প্ৰতিক পৰিস্থিতিত যেন ভাবিব নোৱাৰা কথা…
No comments:
Post a Comment