বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত তিনিখন অগ্ৰগণ্য পত্ৰিকা হৈছে ‘নেচাৰ’, ‘চেল’ আৰু ‘ছায়েন্স’৷ এই তিনিখন আলোচনীৰ আদ্যাক্ষৰেৰে বিজ্ঞানীমহলত CNS (চেল-নেচাৰ-ছায়েন্স) সম্ভ্ৰমৰ নাম৷ সম্প্ৰতি হাৰ্ভাৰ্ডৰ গৱেষক-বিজ্ঞানী ৰুবুল মাউত যে বিগত বেছ কিছুবছৰ জিন গৱেষণা আৰু প্ৰটিন ডিজাইনিঙৰ ক্ষেত্ৰত ক্লান্তিহীনভাৱে নিয়োজিত হৈ আছে, সেইবিষয়ে আমাৰ প্ৰায়ভাগৰে ধাৰণা আছে৷ মাউতৰ অধীনৰ গৱেষকৰ দল এটাই কৰা শেহতীয়া গৱেষণাৰ ফলাফল প্ৰকাশ পাইছিল আগষ্ট সংখ্যা ‘চেল’ত৷ এই গৱেষণা ইমানেই চমকপ্ৰদ যে তেওঁলোকৰ গৱেষণাৰ সাৰাংশ উপযাচি প্ৰকাশ কৰিছে আন এখন প্ৰসিদ্ধ গৱেষণা-পত্ৰিকা ‘নেচাৰে’— হয়তো ‘নেচাৰ’ত এই গৱেষণাৰ উল্লেখ থাকক বুলিয়েই— আৰু তাকো লিখিছে পত্ৰিকাখনিৰ সম্পাদক তেৰেছা ভিলানুৱেভাই৷ ‘নেচাৰ’ৰ সম্পাদকৰ লেখাটোৱে ৰুবুল মাউতৰ এই চমকপ্ৰদ গৱেষণাৰ আভাস দিব বুলি আশা কৰিয়েই—নিজৰ সীমাবদ্ধতাৰ কথা জানিও— তাৰ ভাবানুবাদ তলত আগবঢ়াব খুজিছোঁ৷ কেৱল ভাবানুবাদটি পঢ়াৰ আগতে কেইটিমান কথালৈ পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিব খোজা হৈছে৷ সেয়া হৈছে—
১. খোপ সংকেত প্ৰণালী বা Notch Signaling Pathway হৈছে বহুকোষীয় জীৱৰ প্ৰায় সৰ্বত্ৰ বিৰাজমান এক অত্যন্ত সংৰক্ষিত কোষ-সংযোগ প্ৰণালী। এই প্ৰণালীয়ে কোষৰ ভাগ্য নিৰ্ধাৰণ, বিভেদন (differentiation), প্ৰচুৰোদ্ভৱন (proliferation) আৰু কোষৰ মৃত্যু (apoptosis) নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
২. জটিল যৌগৰ অণুৰ কেন্দ্ৰীয় ধাতৱ পৰমাণুটোৰ চৌপাশে থকা আয়ন বা অণুসমূহক কোৱা হয় লিগাণ্ড৷
৩. টি-চেল বা টি লিম্ফছাইট হৈছে এক ধৰণৰ লসিকাকোষ বা শ্বেতকণিকা আৰু ই ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ৷
৪. DNA origami হৈছে এনে এক কৌশল, যাৰ জৰিয়তে বিজ্ঞানীসকলে ডি এন এক অত্যন্ত সূক্ষ্মভাৱে ভাঁজ কৰি বিভিন্ন ধৰণৰ ক্ষুদ্ৰ (নেন’স্কেল) দ্বিমাত্ৰিক বা ত্ৰিমাত্ৰিক আকৃতি সৃষ্টি কৰে৷
৫. এই অনুবাদত ব্যৱহৃত পৰিভাষাসমূহৰ উৎস ক্ষীৰধৰ বৰুৱা সংকলিত আৰু সম্পাদিত ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ’৷
**
এতিয়া ‘নেচাৰ’ৰ লেখাটিৰ ভাবানুবাদটি—
--------------
ৰোগ প্ৰতিৰোধী কোষকে ধৰি বিভিন্ন কোষৰ বিকাশ আৰু বিভেদনত খোপ সংকেত প্ৰণালী (Notch) অতীব প্ৰয়োজনীয়। Notch ligand-এ T চেলৰ বিভেদন বিকশিত কৰিব পাৰে, যিটো আকৌ চিকিৎসামূলক ব্যৱহাৰৰ বাবে T চেল নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কিন্তু সাধাৰণতে খোপ সক্ৰিয়কৰণৰ বাবে কোষৰ পৰা কোষলৈ পোনপটীয়া সংযোগৰ প্ৰয়োজন, লগতে গ্ৰহিতা বা ৰিচেপ্টৰ সক্ৰিয় কৰাৰ বাবে জৰুৰী হয় এক ভৌতিক কৰ্ষণ শক্তিৰ ৷ ই দ্রৱণীয় প্ৰচালকৰ (soluble agonist) আৰ্হি প্ৰস্তুতিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। সম্প্ৰতি Cell জাৰ্নেলত প্ৰকাশিত এক গৱেষণাপত্ৰ অনুসৰি ৰুবুল মাউত আৰু সহযোগী গৱেষকৰ দলে এনে এটা দ্রৱণীয় খোপ প্ৰচালক (Notch agonist) উদ্ভাৱন কৰিছে, যি ৰিচেপ্টৰ বা গ্ৰহিতা সংকেত প্ৰণালী সক্ৰিয় কৰি কোষ-কোষৰ প্ৰত্যক্ষ সংযোগ গঢ়ি তুলিবলৈ সক্ষম৷ এই প্ৰচালকে দেহ বহিৰ্ভূত (in vitro) পৰিৱেশত প্ৰজনক কোষৰ পৰা T চেল বিভেদনত ইন্ধন যোগায় আৰু এন্দুৰত প্ৰয়োগ কৰি পোৱা মতে সিহঁতৰ অন্তৰ্জাত T কোষসমূহতো উদ্দীপনাৰ সৃষ্টি কৰে৷
সাধাৰণতে খোপ সংকেত প্ৰণালী তেতিয়া সক্ৰিয় হয়, যেতিয়া এটা কোষত থকা প্ৰতি-আৱৰণ লিগাণ্ডে (ট্ৰেঞ্চ মেমব্ৰেন লিগাণ্ড) আন এটা কোষৰ গ্ৰহিতাৰ সৈতে বন্ধন কৰে ৷ এইক্ষেত্ৰত গ্ৰহিতা সক্ৰিয় কৰিবলৈ যান্ত্ৰিক চাপৰ প্ৰয়োজন হয়। অতদিনে কৰি অহা অধ্যয়নে দেখুৱাই আহিছে যে দ্রৱণীয় লিগাণ্ডসমূহ খোপ সক্ৰিয় কৰাত সফল হোৱাটো নায়েই, এইক্ষেত্ৰত বহুসময়ত বাধাদানহে কৰিছে। শেহতীয়া ডি এন এ অৰিগামি প্ৰয়োগ কৰি DLL1 বা DLL4ৰ দৰে খোপ লিগাণ্ডৰ বহুযোজন ঘটাবলৈ গৈ দেখা গৈছে যে ligand-ৰ জ্যামিতি আৰু যোজ্যতাই এই সীমাবদ্ধতা অতিক্ৰম কৰিবলৈ সক্ষম৷
মাউতৰ নেতৃত্বত বিজ্ঞানীৰ দলটোৱে তেওঁলোকৰ পৰীক্ষাত Rosetta protein design tool ব্যৱহাৰ কৰি DLL4ৰ সৈতে জড়িত বহুযোজী প্ৰ’টিন মঞ্চ (মাল্টিভেলেণ্ট প্ৰ’টিন স্কেফল্ড) সৃষ্টি কৰে। পৰীক্ষা কৰা অৱয়বসমূহৰ মাজত ত্ৰিতয়ানু C3-DLL4 কমপ্লেক্সে প্ৰবল খোপ সক্ৰিয়কৰণ প্ৰদৰ্শন কৰিছিল, যিয়ে একেলগে দাঁতি কাষৰীয়া কোষত গ্ৰহিতা গুচ্ছ গঠন কৰাতো সহায় কৰে। ইয়াৰ ফলত এটা কৃত্ৰিম synapse গঢ় লৈ উঠে— যি গঢ়ি তোলে সংকেত প্ৰবাহৰ বাবে অত্যন্ত প্ৰয়োজনীয় কোষৰ সৈতে কোষৰ প্ৰাকৃতিক সংযোগ৷ [synapseৰ প্ৰতিশব্দ স্নায়ুগ্ৰন্থি যদিও সম্প্ৰতি ইয়াৰ সংজ্ঞা কিছু সলনি হৈছে৷ ]
ইয়াৰ পাছতে গৱেষকৰ দলটোৱে দেহ বহিৰ্ভূত পৰিৱেশত মানুহৰ নাভিৰজ্জু ৰক্তৰ পৰা সৃষ্ট প্ৰজনক কোষ আৰু iPSC-প্ৰভাৱিত haematopoietic stem cellৰ পৰা টি চেল বিভেদনত C3-DLL4ৰ দক্ষতা পৰীক্ষা কৰে৷ দেখা গ’ল যে C3-DLL4 ব্যৱহাৰ কৰি উৎপন্ন কৰা CD4+ আৰু CD8+ T চেলৰ পৰিমাণ আছিল অণুজীৱত immobilized DLL4 ব্যৱহাৰ কৰি উৎপন্ন কৰা পৰিমাণৰ প্ৰায় সমশতাংশ, যদিওবা plate-coated DLL4-ৰ তুলনাত আছিল কম।
বৃহৎ পৰিমাণত T চেলৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰায়েই দ্বিমাত্ৰিক পৃষ্ঠত প্ৰয়োজনীয় নিশ্চল খোপ লিগাণ্ডে অসুবিধাৰ সৃষ্টি কৰে৷ এই সীমাবদ্ধতা অতিক্ৰম কৰিবলৈ মাউত আৰু তেওঁৰ গৱেষকৰ দলটোৱে ত্ৰিমাত্ৰিক জৈৱ-ৰিয়েক্টৰ cultureত C3-DLL4-ৰ কাৰ্যক্ষমতা পৰীক্ষা কৰিছিল। দেখা গ’ল, জৈৱ ৰিয়েক্টৰ কালচাৰে দ্বিমাত্ৰিক কালচাৰতকৈ অধিক T চেল উৎপন্ন কৰিবলৈ সক্ষম৷
অৱশেষত, দেহ বহিৰ্ভূত পৰীক্ষাত, ডিম্ব এলবুমিনেৰে প্ৰতিৰোধী কৰি তোলা এন্দুৰত C3-DLL4 প্ৰ’টিন ব্যৱহাৰ কৰাত এণ্টিবডি সৃষ্টি কৰা CD4+ T চেলৰ অনুপাত স্বাভাৱিক এন্দুৰৰ তুলনাত বৃদ্ধি পোৱা দেখা গ’ল৷
মাউতৰ গৱেষকৰ দলটোৱে লাভ কৰা গৱেষণাৰ ফলাফলসমূহে প্ৰমাণ কৰে যে দ্রৱণীয় খোপ প্ৰচালকে (Notch agonist) T চেল উৎপাদনৰ বাবে এটি বহুমুখী মঞ্চ প্ৰদান কৰিব পাৰে। ইয়াৰ আধাৰত ভৱিষ্যতৰ গৱেষণাই নিৰ্দিষ্ট Notch গ্ৰহিতাৰ বাবে প্ৰচালকৰ আকাৰ-প্ৰকৃতি অধিক সূক্ষ্ম কৰা বা এই কৌশল আন সংকেত প্ৰণালীলৈ বিস্তাৰ কৰাটো সহজ কৰি তুলিব৷
*** ***
অৰ্থাৎ দেখাতেই এয়া এক যুগ সৃষ্টিকাৰী গৱেষণা৷ এইখিনিতে উল্লেখ কৰা ভাল যে ৰুবুল মাউতে বিগত ১ আগষ্টৰ ‘দৈনিক অসম’ত উল্লেখ কৰা মতে সম্প্ৰতি তেওেঁলাকে এই দ্ৰবনীয় খোপ প্ৰচালক ব্যৱহাৰ কৰি মানুহৰ বাৰ্ধক্যৰ ফলত সংকুচিত থাইমাছ তথা শৰীৰৰ অৱক্ষয়ী প্ৰতিৰোধ তন্ত্ৰক কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰি তাৰ ব্যাপক গৱেষণা কৰি আছে। মানুহৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে বা কোনো ৰোগত আক্ৰান্ত হৈ ক্ৰমাৎ হ্ৰাস হৈ অহা টি কোষৰ সংখ্যা বৃদ্ধি আৰু সক্ৰিয় কৰি মানুহৰ ৰোগ নিৰ্মূল সম্ভৱ হ’লে সেয়া চিকিৎসা বিজ্ঞানৰ বৃহৎ সাফল্যৰীপে পৰিগণিত হ’ব৷ আমাৰো কামনা—ৰুবুল মাউতৰ গৱেষণাই সফলতা লাভ কৰক৷
No comments:
Post a Comment