Monday, March 06, 2023

মই মাউৰত নোযোৱাকৈ আছোঁনে? আপুনি?

⦿ দিগন্ত ওজা 

‘আঁঠু কাঢ়ি শিল্পচৰ্চা নহয়’ আৰু ‘উদ্বেগ-উৎকণ্ঠা ভৰা সময়ৰ মাজতো অব্যাহত ৰাখিব লাগে সৃষ্টিশীল কৰ্ম’— মূলতঃ এই দুই বক্তব্য প্ৰতিপাদন কৰি গুৱাহাটীত পৰিৱেশিত হৈ গ’ল সপোনজ্যোতি ঠাকুৰ ৰচিত-পৰিচালিত দেৰগাঁও নাট্যচৰ্চাৰ ‘মাউৰত নোযোৱা কেইটাৰ কাহিনী’৷ কিন্তু কেৱল হাইজা-ক’লাজ্বৰ-কোভিডেই জানো মাউৰ (মহামাৰী) বা মৰক? বিহ্বল, গোমোঠা, সন্ত্ৰাসজৰ্জৰ সময়ো হৈ উঠিব পাৰে নেকি মাউৰৰ তুল্য? ধান বনা কলত চেপা-খুন্দা খায়ো বানি অনা ধানৰ মাজত নিজৰ অস্তিত্ব বজাই ৰখা দুই-এটা ধানৰ দৰেই ক্ষমতাবানে জাপি দিব খোজা ভয়-শংকাৰ মাজতো বাচি ৰোৱাকেইটিকে ক’ব পাৰি নেকি মাউৰত নোযোৱা বুলি? ধানকলত খুন্দা খাওঁতেইতো প্ৰায় সমস্ত ধানৰ মাজত জাগি উঠে চাউল হোৱাৰ বাসনা৷ তেন্তে কি মনোবল আৰু শক্তিত এমুঠিমান ধানে বজাই ৰাখে স্বকীয়তা? 

যি কেইগৰাকী মুষ্টিমেয় নাট্যকাৰৰ পৰিৱেশনে মন বিভিন্ন ধৰণে আলোড়িত কৰাৰ থল ৰাখে, সপোনজ্যোতি তেওঁলোকৰেই অন্যতম৷ কাহিনীৰ বিন্যাস, গতিশীলতা, অভিনয় আৰু সংলাপ—এই চাৰিটা দিশক ভিত্তি কৰিয়েই পৰিৱেশিত হয় সপোনজ্যোতিৰ নাটক— মঞ্চসজ্জ্বা আৰু পৰিচ্ছদত অত্যধিক গুৰুত্ব দি কেতিয়াও দৰ্শকৰ ওচৰত নাটকক বাস্তৱৰ অনুৰূপ বুলি তুলি ধৰাৰ কচৰৎ তেওঁৰ নাই, অথচ তেওঁৰ নাটক বাস্তৱৰেই প্ৰতিফলন৷ বাস্তৱ জটিল আৰু খহটাই নহয়, মাজে মাজে অবোধ্য-অনতিক্ৰম্যও৷ নাট্যকাৰৰ মাজত সোমাই থকা গল্পকাৰজনৰ বাবেই সপোনজ্যোতিৰ নাটক বাস্তৱৰ যথাযথ ৰূপৰেখা নহয়, বৰঞ্চ নিহিত থাকে শ্লেষ-বিদ্ৰুপ-বিস্ময়৷ আৰু সেইবাবেই তেওঁৰ নাটক অৱশেষত ৰাজনৈতিক৷ 

‘মাউৰত নোযোৱা কেইটাৰ কাহিনী’য়েই ধৰক৷ ৪ মাৰ্চৰ বিয়লি শংকৰদেৱ কলাক্ষেত্ৰৰ  শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰৱেশ কৰা প্ৰতিগৰাকী দৰ্শকৰ হাতত তুলি দিয়া প্ৰচাৰ-পত্ৰত  উল্লেখ থকা মতে এই নাটক হৈছে—The tale of survivors in the pandemic ৷ এই সৰ্বব্যাপী মহামাৰী কোনটো? অধিক স্পষ্টকৈ প্ৰচাৰ-পত্ৰৰ দ্বিতীয় পিঠিত আছিল ঃ “দুবছৰ আগতে মহামাৰীত আক্ৰান্ত সময়ৰ পটভূমিত লিখা নাটক৷ আকাশবাণীয়ে প্ৰচাৰো কৰিছে৷’’ কিন্তু সম্পূৰ্ণ ৭০ মিনিটৰ নাট্য-পৰিৱেশন উপভোগ কৰি প্ৰেক্ষাগৃহৰ পৰা ওলাই অহাৰ পৰত প্ৰায় প্ৰতিগৰাকী দৰ্শকৰ মনত এই ধাৰণাই ৰেশ কাটি যায়— আৰক্ষীৰ ৰাজত্ব, ক্ষমতাবানৰ প্ৰভাৱ আৰু ভীতি-সঞ্চাৰৰ ধাৰাবাহিকতাও নাট্যকাৰৰ দৃষ্টিত হৈ উঠিছে মাউৰৰেই সমতুল্য৷ কৰোঁ-নকৰোঁকৈ তেওঁ নিজকো প্ৰশ্ন কৰিব পাৰে, মই মাউৰত নোযোৱাকৈ আছোঁনে? 

নাটকখনৰ কেন্দ্ৰত সেই অদৃশ্য, অস্পষ্ট হৈও স্বচ্চ ‘মাউৰ’৷ আন সকলো নাটকীয় চৰিত্ৰৰ পৰিধিতেই যেন অৱস্থান৷ নাটকখনৰ মাজতে চলি থাকে নাটক এখনৰ আখৰা, তাৰ সমান্তৰালভাৱে আহে বাস্তৱৰ কিছুমান ঘটনা, আৰু ইয়াৰ মাজত  ‘ডক্টৰ’ বুলি সকলোৱে সম্বোধন কৰা খেতিয়কজনৰ ভূমিকা সূত্ৰধাৰৰ (অভিনয়ত সপোনজ্যোতি ঠাকুৰ)— তেওঁৰ মাজেৰেই অব্যাহত থাকে মাউৰৰ ব্যাখ্যা, অথবা মাউৰৰ উপস্থিতিৰ ঘোষণা৷ এই ব্যাখ্যা বা ঘোষণাত আতংকৰ প্ৰসাৰ নাই, আছে ব্যংগ, কৌতুক৷ অৱশ্যে এনে অনুভৱেও দোলা দি যায়, বক্তব্যৰ আভাস দিবলৈ লৈ ক’ৰবাত যেন নাট্যকাৰৰ মাজতো সৃষ্টি হৈছে সামান্য দোমোজাৰ, যাৰ বাবে ‘মাউৰত নোযোৱা কেইটাৰ কাহিনী’ত টানিবলগীয়া হৈছে অতিৰিক্ত ঘটনা-উপঘটনাৰ সমান্তৰাল৷ এই দোমোজাৰ আঁৰতো আছে নেকি বাস্তৱ সৃষ্ট সংশয়? কিন্তু ক’বই লাগিব, সঠিক সময়ত আৰম্ভ কৰি সত্তৰ মিনিট জুৰি দহোজন অভিনয়-শিল্পীয়ে কেনে এক সাৱলীলতাৰে প্ৰেক্ষাগৃহৰ দৰ্শকক তন্ময় কৰি গ’ল!

আৰু নাটক চাই উভতি অহাৰ পৰত, কিয় নাজানো, মনত ঢৌ তুলি আছিল বিপুলজ্যোতি শইকীয়াৰ কবিতাৰ কেইটিমান পংক্তিয়ে—

‘’আমি শ্লোগান চিঞৰি সমাৱেশলৈ যাওঁ
সকলোৱে কওঁ, ‘’যুদ্ধ নহয়, আমি শান্তি বিচাৰোঁ”
তাৰপিছত পুলিচৰ এছক’ৰ্ট লৈ
ঘৰলৈ গুচি আহোঁ
 
প্ৰতিদিন এনেকৈ যুদ্ধৰ বিৰুদ্ধে শান্তিৰ সপক্ষে”৷

1 comment:

Jayanta Pathak said...

সঠিক সুন্দৰ বিশ্লেষণ | নাটকখন আমাৰো চোৱাৰ সৌভাগ্য ঘটিছিল | সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ এটা অনাকাংক্ষিত দিশক 70 মিনিটত সফলতাৰে আৰু সাহসিকতাৰে সামৰি লোৱাত নাট্যকাৰ সফল হৈছে |