দিগন্ত ওজা
[৩১ আগষ্টৰ হৰেন্দ্ৰনাথ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে দৈনিক অসমৰ প্ৰথম
পৃষ্ঠাত প্ৰকাশিত]
মাত্ৰ ২৫ বছৰ বয়সতে সেইসময়ৰ জনপ্ৰিয় কাকত ‘অসমীয়া’ৰ (পোনতে তিনিদিনীয়া, পাছলৈ সাদিনীয়া আৰু দৈনিক) সম্পাদকৰ দায়িত্ব লোৱা হৰেন্দ্ৰনাথ বৰুৱাই ‘অসমপ্ৰাণ’ বিশেষণ লাভ কৰিছিল নিৰন্তৰ অসম আৰু অসমীয়াৰ স্বাৰ্থ আগত ৰাখি মাত মতাৰ বাবে, অকুতোভয় আৰু বলিষ্ঠভাৱে মন্তব্য সাব্যস্ত কৰাৰ কাৰণে৷ তেওঁৰ সম্পাদকীয়বোৰ প্ৰমাণ, সুদীৰ্ঘকাল (১৯৩৪-১৯৭৮ চন, মাজৰ দুবছৰমানৰ বাহিৰে) সম্পাদক হিচাপে থকা হৰেন্দ্ৰনাথৰ ধাৰাল কলমৰ পৰা কোনো সাৰি যোৱা নাছিল; কংগ্ৰেছৰ আদৰ্শ লোৱা সত্ত্বেও জৱহৰলাল নেহৰু, বিমলাপ্ৰসাদ চলিহা আদিক সমালোচনা কৰাৰ লগতে আনকি মহাত্মা গান্ধীৰ নীতিৰ সন্দৰ্ভতো কেতিয়াবা প্ৰকাশ কৰিছিল নিজৰ অসন্তুষ্টি৷ এই কলম-সৈনিকৰ অৱশ্যেই সৰ্বাধিক আক্ৰমণৰ সন্মুখীন হৈছিল ছৈয়দ মহম্মদ ছাদুল্লা৷
তাৰ কাৰণ আছিল অনেক৷ মুছলীম লীগৰ নীতি অনুসৰি অসমক পূৱ পাকিস্তানৰ লগত সাঙুৰিবলৈ কৰা চেষ্টা বা অসমলৈ অবাধ অনুপ্ৰৱেশত পৃষ্ঠপোষকতা— ছাদুল্লা বুলিলে এই দুই কথাই পোনছাটেই মনলৈ আহে৷ কিন্তু হৰেন্দ্ৰনাথ বৰুৱাৰ সম্পাদকীয় নিবন্ধবোৰৰ মাজেৰে বিশ্লেষণ কৰিলে ছাদুল্লাৰ আন বহু অসম-অসমীয়াবিৰোধী অভিসন্ধি উপলব্ধি কৰিব পাৰি৷ ১৯৪০ চনৰ ১১ নবেম্বৰত অসম পৰিষদৰ অধিৱেশন পাতিবলৈ বাধ্য হৈছিল তেতিয়াৰ অসমৰ এইজন প্ৰধানমন্ত্ৰী (এতিয়াৰ বিচাৰেৰে মুখ্যমন্ত্ৰী)৷ কিন্তু আহিবলগীয়া অনাস্থা প্ৰস্তাৱত পৰাজয় আসন্ন দেখি, হৰেন্দ্ৰনাথৰ ভাষাত— “মন্ত্ৰিত্ব ৰক্ষা কৰিবৰ কাৰণে নিজৰ দলৰ সদস্য সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে এমাহৰো আগৰেপৰাই খুব জোৰ দি” এনেদৰে লাগিছিল যে “বিৰুদ্ধ দলৰ লৰকফৰক আৰু দূৰ্বলমনা সদস্যকেইজনক হাত কৰিবলৈ নানান উপায়ে উৎকট চেষ্টা” কৰিছিল৷ তাৰেই পন্থা হিচাপে “বিৰোধী দলত থকা বনুৱা সদস্য শ্ৰীযুত বিদেশীপাণ তাঁতীক সিদিনা তিনচুকীয়াৰ পৰা হৰণ কৰি নি শ্বিলং শৈলত দুৰ্ভেদ্য প্ৰাসাদত বন্ধ কৰি ৰখাগৈ হৈছে৷” (এম এল এ হৰণ পৰ্ব শীৰ্ষক সম্পাদকীয় টোকা, ‘তিনদিনীয়া অসমীয়া’, ২৯ অক্টোবৰ, ১৯৪০৷) অসমততো হয়েই, সম্ভৱতঃ ভাৰততো অনাস্থা প্ৰস্তাৱৰ সন্মুখত মন্ত্ৰীসভা ৰক্ষাৰ বাবে ইয়াৰ আগতে এম এল এ হৰণৰ দৰে নিকৃষ্ট পন্থা লোৱা হোৱা নাছিল৷
১৯৩৮ চনৰ ১৪ ছেপ্টেম্বৰত ছাদুল্লা মন্ত্ৰীসভাৰ পতন হৈছিল৷ এই পতনৰ বাতৰিত জনতা ইমানেই উৎফুল্লিত হৈছিল যে “গাঁৱলীয়া কৃষকসকলে আনন্দত মতলীয়া হৈ ত্ৰিবৰ্ণ ৰঞ্জিত জাতীয় পতাকা হাতত লৈ” সমদল কৰিছিল– “বহুত বৃদ্ধ হাতত লাখুটী আৰু জাতীয় পতাকা লৈ দন্তবিহীন মুখত ‘বন্দেমাতৰম’ ধবনি কৰি শোভা যাত্ৰাৰ লগে লগে পৰিভ্ৰমণ” কৰিছিল৷ (‘দৈনিক অসমীয়া’, ১৮ ছেপ্টেম্বৰ, ১৯৩৮ চনৰ বাতৰি– শিৰোনাম ঃ ‘অসম মন্ত্ৰীসভাৰ পতনত ৰাইজৰ আনন্দ প্ৰকাশ’৷) পৰিণতিত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছ যুক্ত-মন্ত্ৰীসভা গঠন কৰিছিল ঠিকেই, পিছে দ্বিতীয় মহাযুদ্ধত সহযোগ নকৰাৰ আদৰ্শ আগত ৰাখি বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰাতেই দ্বিতীয়বাৰলৈ অসমৰ প্ৰধানমন্ত্ৰী হৈছিল ছাদুল্লা৷ জনমতক উপেক্ষা কৰি ১৯৪০ চনৰ নবেম্বৰত মহাযুদ্ধলৈ অসমৰ পৰা ছাদুল্লা চৰকাৰে আগবঢ়াইছিল এক লাখ টকাৰ বৰঙণি৷ হৰেন্দ্ৰনাথ বৰুৱাই দেখুৱাইছিল, এই যুদ্ধ-দান দিয়াৰ নৈতিক বা সাংবিধানিক অধিকাৰেই ছাদুল্লাৰ নাছিল৷ (‘ছাদুল্লা মন্ত্ৰীসভাৰ যুদ্ধ-দান’ ২৬ নবেম্বৰ, ১৯৪০)
ছাদুল্লা দ্বিতীয়বাৰ প্ৰধান মন্ত্ৰী হৈ থকাৰ কালতে আৰম্ভ হ’বলৈ লৈছিল ১৯৪১ চনৰ লোকপিয়ল৷ অসমত এই পিয়লৰ সময়ত— ভৱিষ্যতৰ এক ইছলাম ৰাষ্ট্ৰত অসমক অন্তৰ্ভূক্তিৰ উদ্দেশ্যেৰেই হয়তো— ছাদুল্লা চৰকাৰে কিছুমান উদ্ভট নিৰ্দেশাৱলী প্ৰণয়ন কৰিছিল৷ হৰেন্দ্ৰনাথ বৰুৱাই কেইবাটিও সম্পাদকীয় লেখাত এইবোৰ ফঁহিয়াই দেখুৱাইছিল৷ ছাদুল্লা চৰকাৰৰ এনে এটা নিৰ্দেশ আছিল জনজাতিসকলৰ ধৰ্ম তেওঁলোকৰ কূলৰ নামেৰে দেখুওৱা– “Tribal relegions should be recorded
by their caste names, e.g., Khasi, Lalung etc.” বৰুৱাই এটা সম্পাদকীয় নিবন্ধত লিখিছিল— “ট্ৰাইবেলসকলক এইদৰে ফালি নি একোটা কাল্পনিক ধৰ্ম্মাৱলম্বী বুলি দেখুৱাবলৈ হ’লে অন্যায়কৰা হ’ব; বিশেষতঃ হিন্দুসকলৰ প্ৰতি অন্যায় কৰা হ’ব৷ ট্ৰাইবেলসকলৰ ভিতৰত কোনো কোনো লোকে হিন্দু, মুছলমান, বৌদ্ধ, খৃষ্টানৰ বাহিৰেও আন কোনো ধৰ্ম্মাৱলম্বী বুলি নিজকে পৰিচয় দিব খুজিলে তেওঁলোকক নিশ্চয় তেনে কৰিবলৈ দিয়া উচিত৷ কিন্তু তেওঁলোকৰ ধৰ্ম্ম তেওঁলোকৰ কূল বা উপজাতি হিচাপেই লিপিবদ্ধ (record) কৰিবলৈ দিয়া নিৰ্দেশ অতি অন্যায় আৰু দূৰঅভিসন্ধিমূলক৷” (ধৰ্মৰ কথা, তিনদিনীয়া অসমীয়া, ৬ ডিচেম্বৰ, ১৯৪০) ছাদুল্লাই আনকি জাতিৰ কথাও ধৰ্ম অনুসৰি লিখিবলৈ ছেঞ্চাছ নিৰ্দেশাৱলীত পৰামৰ্শ দিছিল৷ এই অভিসন্ধিমূলক ব্যৱস্থাৰ সংশোধনী কৰাৰ বাবে ৰায় বাহাদূৰ দূৰ্গেশ্বৰ শৰ্মাৰ জৰিয়তে গুৱাহাটীবাসীয়ে কৰা আবেদনো গমি পিটি চাইহে সিদ্ধান্ত লোৱাৰ ঘোষণাৰে ছাদুল্লা চৰকাৰে দীৰ্ঘদিনলৈ পেলাই থৈছিল৷ আশ্চৰ্যকৰভাৱে বিভিন্ন লোকৰ দাবীৰ পাছতো ২৭ নবেম্বৰৰ (১৯৪০ চন) অসম গেজেটত ছাদুল্লা চৰকাৰে যি
‘সংশোধিত নিৰ্দেশ’ প্ৰকাশ কৰিছিল, তাত ধৰ্ম সম্পৰ্কীয় নিৰ্দেশ সংশোধন কৰা দূৰৈৰ কথা, আন বহু দাবী সন্দৰ্ভতো কোনো সংশোধনী কৰা নাছিল৷ এইবোৰৰ বিৰুদ্ধে জাগি উঠিছিল বৰুৱাৰ সম্পাদকীয়৷ তেওঁ তীৰ্যকভাৱেই লিখিছিল– “শ্বাদুল্লা গবৰ্নমেণ্টে এইবিলাক অতি যুক্তিসংগত আৰু ন্যায্য জাতীয় দাবী পূৰণ কৰক বা নকৰক, “তেওঁলোকক এইবিষয়ে শেষ সাৱধানবাণী শুনাই সকলো কথা ৰাইজক জনাই থোৱা আমি উচিত বুলি ভাবোঁ৷” (‘শ্বাদুল্লা ছাহাবৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ নমুনা’, তিনদিনীয়া অসমীয়া, ১৩ ডিচেম্বৰ, ১৯৪০) এনে অভিসন্ধিমূলক কাৰ্যত সহযোগ কৰাৰ বাবে এই ছাদুল্লা চৰকাৰত থকা ৰোহিনী কুমাৰ চৌধুৰীলৈকো বৰুৱাই প্ৰশ্নবাণ এৰিছিল৷ (‘ছেঞ্চাছ বিষয়ক অন্যায়’, তিনদিনীয়া অসমীয়া, ২৪ ডিচেম্বৰ, ১৯৪০)
ছাদুল্লাৰ খিলঞ্জীয়াবিৰোধী নীতি উদঙাই দিয়া হৰেন্দ্ৰনাথ এটা উল্লেখনীয় সম্পাদকীয় হ’ল ১৯৪০ৰ ২৭ ডিচেম্বৰত প্ৰকাশিত ‘অসম গভৰ্নমেণ্টৰ ডেভেলপমেণ্ট স্কীম’৷ ভূমিহীনক মাটি দিয়াৰ বাবে ছাদুল্লাই লোৱা ডেভেলপমেণ্ট স্কীমে কিদৰে লাইন প্ৰথা সমূলি বিলোপ কৰি জনজাতি আৰু খিলঞ্জীয়া লোকক বিপন্ন কৰিবলৈ ওলাইছিল, তাক তথ্য আৰু যুক্তিৰ আধাৰত বৰুৱাই উদঙাই দিছিল৷ এই সম্পাদকীয় নিবন্ধটোত প্ৰকাশ পোৱা মতে গোপীনাথ বৰদলৈ মন্ত্ৰীসভায়ো অসমৰ ভূমিহীনক মাটি দিয়াৰ এখন আঁচনি কৰিছিল৷ “বৰদলৈ মন্ত্ৰীসভাৰ মনোভাৱ আছিল এই যে তেওঁলোকে প্ৰথমতে অসমৰ সমগ্ৰ খেতিৰ উপযোগী মাটিৰ এটা জৰীপ কৰিব৷ তাৰ পিছত খেতিৰ উপযোগী মুঠ পতিত মাটিৰ অৰ্ধাংশ বা তেনে কোনো এটি ভাগ ভৱিষ্যত সংখ্যা বৃদ্ধি হৈ অহা অসমীয়াৰ বংশধৰসকলক বন্দবস্ত দিবৰ কাৰণে আচুতীয়াকৈ ৰাখি বাকী অংশ পতিত মাটি এটা সুনিৰ্দিষ্ট আৰু সুবিবেচিত আঁচনি মতে প্ৰথমতঃ মাটি নোহোৱা খাচ অসমীয়াক আৰু তাৰ পাছত কেইবছৰমান আগলৈকে অহা অনা-অসমীয়া পমুৱাক বন্দবস্তি দিয়া হ’ব৷” বিপৰীতে, বৰুৱাই দেখুৱাইছিল যে “লাইন ভাঙি দি আৰু পতিত মাটিলৈ পাৰ্যমানে বঙালী পমুৱা মুছলমান আমদানি কৰি অসমক মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰত পৰিণত কৰাটোৱেই অসমৰ সাম্প্ৰদায়িকতা গুৰু ছাৰ শ্বাদুল্লাৰ মনোভাৱ৷”
বৰুৱাৰ সম্পাদকীয় লিখাৰ পৰা বুজা যায়, অসমৰ প্ৰধান মন্ত্ৰীৰ দায়িত্ব লোৱাৰো আগৰেপৰাই ছাদুল্লাৰ কাৰ্যপ্ৰণালী আছিল অসমীয়াৰ স্বাৰ্থৰ প্ৰতিকূলে সাম্প্ৰদায়িকতাৰ স্বাৰ্থত৷ ১৯৩৭ চনত অসমৰ মন্ত্ৰীসভা গঠনৰ সময়ত জুনৰ পহিলাতে তিনদিনীয়া অসমীয়াত প্ৰকাশিত এজন অসমীয়া মুছলমান লোকৰ এটা নিবন্ধৰ আঁত ধৰি সাদিনীয়া অসমীয়াৰ ৫ জুন সংখ্যাত বৰুৱাই সম্পাদকীয় স্তম্ভত মন্তব্য কৰিছিল– “ছাৰ শ্বাদুল্লা চাহাবৰ আগৰ ৰাজনীতি, আগৰ কাৰ্য্যাৱলী যে অসমীয়া জাতিৰ পক্ষে ঘোৰ অনিষ্টজনক আৰু পৰিপন্থী, তাত কোনো সন্দেহ নাই৷ তেওঁৰ এই মতি গতি এতিয়া পৰিৱৰ্তন হৈছে নে নাই, সেইকথাও আমি নাজানো৷...” [শ্বাদুল্লা মন্ত্ৰীসভাৰ ওপৰত ভৰসা, সাদিনীয়া অসমীয়া, ৫ জুন, ১৯৩৭] হৰেন্দ্ৰনাথ বৰুৱাই আশা কৰিছিল, প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত ছাদুল্লাৰ ‘মতি গতি’ৰ ‘পৰিৱৰ্তন’ ঘটিব৷ কিন্তু বৰুৱাৰ পৰৱৰ্তীকালৰ সম্পাদকীয় নিবন্ধসমূহেই প্ৰমাণ কৰে, ছাদুল্লাক লৈ তেওঁ কৰা আশা দূৰাশাহে আছিল৷
(ওপৰৰ মূল লেখাৰ লগতে সংযোজন ঃ হৰেন্দ্ৰনাথ বৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত আৰু আমাৰ সম্পাদনাত বৰুৱাৰ অসমৰ জাতীয় সমস্যা সম্পৰ্কীয় নিবন্ধসমূহৰ লগতে তেওঁৰ ভাৱাদৰ্শৰ প্ৰতিনিধিত্বমূলক তথা এতিয়াও প্ৰাসংগিক হ’ব পৰা প্ৰাপ্ত সকলো লিখাৰে পৰিকল্পিত আৰু প্ৰণালীবদ্ধ সংকলনৰ কাম চলি আছে৷ একাধিক খণ্ডৰ এই সংকলনে অসমপ্ৰাণ হৰেন্দ্ৰনাথক পুনৰাৱিষ্কাৰ কৰাৰ লগতে সেই সময়ৰ অসমৰ অৰ্থসামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি বুজাত সহায় কৰিব বুলি আমি আশাবাদী৷
)
No comments:
Post a Comment