Friday, February 03, 2023

বন্ধ খাম খোলাৰ পাছত প্ৰাসংগিক হ‘ব পাৰে এই কথা

 আজি, খন্তেক পাচতেই বন্ধ খাম খোল খাব৷ তাৰ ঠিক প্ৰাকক্ষণত মনলৈ অহা দুআষাৰ৷

১৯৭৪ৰ কাণ্ড এই পত্ৰত থাকক-নাথাকক, পৰৱৰ্তী কালত নীলমণি ফুকনক আঘাত দিয়া আন এষাৰ কথা ফুকনে উনুকিয়াই থৈ যাব পাৰে, হয়তো! সেইটো হ‘ল ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ ষষ্ঠ খণ্ডত প্ৰদীপ আচাৰ্যই লিখা কথা৷ ফিলিপ কেমিনো নামৰ কবি গৰাকীৰ যিটো কবিতাৰ পৰা ফুকনৰ কবিতা নকল কৰা বুলি অভিযোগ উঠিছিল, সেই কবিতাটোযে আচলতে ফুকনৰেই কবিতাৰ অনুবাদহে আছিল, তেনে এটা কথা ১৯৭৪তে গম পোৱা গৈছিল৷ গুৱাহাটীত বিদ্বৎ সমাজৰ এখন সভাত সেই কথা উচ্ছাৰিতও হৈছিল৷ (এই বিষয়টো এইকেইদিনত ইমানেই চৰ্চিত যে তথ্যসূত্ৰ দিয়াৰ প্ৰয়োজন ইয়াত নাই৷) অথচ তাৰ পাছতো হোমেন বৰগোহাঞি সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ ষষ্ঠ খণ্ডত আচাৰ্যই ‘অসমীয়া কবিতাৰ কুৰিটা বছৰ’ শীৰ্ষক আলোচনাত লিখিছিল—“…স্পেনীয় কবি কেমিনোৰ প্ৰভাৱ পৰা ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ (পৃ.৪) কবিতাটো ৰসোত্তীৰ্ণ আৰু ইয়াৰ অনুষঙ্গ আৰু পৰিমণ্ডল আৰু স্বকীয় অনুভূতিৰে সমুজ্জ্বল৷…” (অ. সা. বু., ষষ্ঠ খণ্ড, ১৯৯৩, পৃ. ৩৯০)

এইটো ঠিক যে বীৰেশ্বৰ বৰুৱাই ১৯৮৫ চনতে নীলমণি ফুকনৰ কবিতাত অনেক কবিৰ প্ৰভাৱ কিদৰে পৰিছে সেয়া ফঁহিয়াই দেখুৱাইছিল আৰু দেখুৱাব খুজিছিল যে আনকি ফুকনে অনুবাদ কৰা কবিৰ কবিতাৰ পংক্তিও কোনো সময়ত তেওঁৰ মৌলিক সৃষ্টিৰ ৰূপত প্ৰকাশ পাইছিল৷ কিন্তু কেমিনোৰ ‘নাইটমেয়াৰ’ৰ অস্তিত্বহীনতা প্ৰতিপন্ন হোৱাৰ পাছতো আচাৰ্যই প্ৰায় বিশ বছৰৰ পাছত আশ্চৰ্যজনক অভিযোগ তুলিছিল কিয়?

এইখিনিতে উনুকিয়াব খুজিছোঁ, প্ৰদীপ আচাৰ্যই নীলমণি ফুকনকে নহয়, অজিৎ বৰুৱাৰ বিৰুদ্ধেও নকলৰ অভিযোগ আনিছিল৷  ১৯৯২ চনৰ ১৪ জানুৱাৰীত (অধুনালুপ্ত) নতুন দৈনিক কাকতত“জেংৰাই, ১৯৬৩’ কবিতাটোৰ বিৰুদ্ধে আনিছিল এই গুৰুতৰ অভিযোগ৷ আচাৰ্যৰ বক্তব্য আছিল ‘জেংৰাই ১৯৬৩’ কবিতাটো জেইমছ ৰাইটৰ এটা কবিতাৰ (Lying in a Hammock at William Duffy’s Farm at Pine Island, Minnesota) পৰা লোৱা৷ অজিৎ বৰুৱাই এই বিষয়ত নিজৰ প্ৰত্যুত্তৰ দিয়াৰ পাছতো (অধুনালুপ্ত) পষেকীয়া ‘সূত্ৰধাৰ’ আলোচনীৰ ১৯৯৩ৰ ১-১৫ জানুৱাৰী সংখ্যাত লিখিছিল ঃ “বহু লব্ধপ্ৰতিষ্ঠ সমালোচকে অজিৎ বৰুৱাৰ আটাইতকৈ জনাজাত কবিতা জেংৰাই ১৯৬৩ক মহান সৃষ্টিৰ মৰ্যাদা দিছে যদিও এই কবিতাটোৰ বক্তব্য, উপস্থাপন, চিত্ৰকল্প আৰু ভাৱানুষংগ জেইমছ ৰাইটৰ এটা কবিতাৰ পৰা লোৱা, এই সত্য ইতিমধ্যে প্ৰতিষ্ঠাপিত হৈছে৷” অজিৎ বৰুৱা কিন্তু দমি নগ‘ল৷ তেখেতে ‘জেংৰাই, ১৯৬৩’ মূল কবিতাটো, ইয়াৰ ইংৰাজী অনুবাদ, জেইমছ ৰাইটৰ মূল কবিতাটো, আৰু তাৰ ইংৰাজী অনুবাদ একেলগে সন্নিবিষ্ট কৰি থৈ গ‘ল ‘পদ্যৰ পাছৰ কাব্য’ গ্ৰন্থত (প্ৰথম প্ৰকাশ ডিচেম্বৰ, ১৯৯৪)৷ বৰুৱাৰ বক্তব্য হ‘ল ‘‘আচাৰ্যদেৱে ক‘লেই সত্য প্ৰতিষ্ঠাপিত হয়—আচাৰ্যদেৱৰ নিজৰ মতে৷ কিন্তু নহ‘বও পাৰে৷ সেই কাৰণে সহৃদয় পাঠকৰ বিচাৰৰ কাৰণে ‘জেংৰাই, ১৯৬৩’ সম্পৰ্কে মোৰ হাতত থকা অলপ তথ্য-পাতি এই কিতাপত সন্নিবিষ্ট কৰি সেইবিলাকক আপেক্ষিকভাৱে স্থায়ী কৰা হ‘ল৷ যাতে বহুদিনলৈ আচাৰ্যদেৱৰ ‘সত্য’ৰ বিচাৰ হৈ থাকিব পাৰে৷”

এই কথাখিনি খন্তেক পাছতেই পযতো প্ৰাসংগিক হৈ উঠিব পাৰে৷   

No comments: