দিগন্ত ওজা
ভাস্কৰ
ঠাকুৰীয়াৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল ‘ই.তি.’ৰ মাধ্যমেৰে৷ এই ‘ই.তি.’ সামৰণি বুজুৱা
‘ইতি’ বা বহিঃগ্ৰহৰ প্ৰাণী বুজুৱা E.T. (Extra Terestrial) নাছিল৷ দুটা চৰিত্ৰ ইপ্সিতা
আৰু তিলকৰ নামৰ আদ্যাক্ষৰেৰে ই.তি. আছিল এক কাহিনীৰ শৃংখল, যাৰ মাজেৰে লেখকে কৰিছিল
দ্বিধা আৰু দ্বন্দ্বপূৰ্ণ অনেক সামাজিক সমস্যা তুলি ধৰাৰ প্ৰয়াস৷ ২০০৬ চনত তেতিয়াৰ
‘জনসাধাৰণ’ কাকতৰ আমাৰ দ্বাৰা সম্পাদিত দেওবৰীয়া পৰিপূৰিকা ‘ইত্যাদি’ত এইলানি লেখা
প্ৰকাশ কৰাৰ আগতেও ভাস্কৰ ঠাকুৰীয়াৰ এটা নে দুটা গল্প প্ৰকাশ কৰা মনত আছে৷ কিন্তু সেই
গল্পতকৈ ‘ই.তি.’য়েহে লেখকজনৰ প্ৰতি আমাক উৎসাহিত কৰিছিল বেছি৷ কাৰণ, এই লেখালানিৰ মাজেৰে
এপিনে প্ৰতিভাত হৈছিল সমাজৰ কেতবোৰ বিষয় ভিন্ন দৃষ্টিকোণৰ পৰা চোৱাৰ বাবে লেখকৰ আগ্ৰহ,
আৰু আনপিনে চিন্তাৰ প্ৰকাশৰ বাবে লেখকে কৰা নতুন বাটৰ সন্ধান৷ পৰৱৰ্তী সময়ছোৱাত ভাস্কৰ
ঠাকুৰীয়াৰ কেইবাটাও গল্পৰ মাজেৰে আমি পালো এনে এগৰাকী লেখকক, যাৰ সৃষ্টি বৌদ্ধিক কচৰৎ
তথা সমাজ ভাৱনাৰ এক স্বকীয় বৈশিষ্ট্যৰ প্ৰকাশ৷
ভাস্কৰ
ঠাকুৰীয়াৰ এই দিশটো বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ ২০০৩-০৪ মানৰপৰা অসমীয়া গল্প-ক্ষেত্ৰলৈ
জাকি মাৰি ওলাই আহিছিল এচাম তৰুণ-তৰুণী৷ উদাৰ অৰ্থনীতি আৰু বিশ্বায়নে সলনি কৰিব ধৰা
সমাজব্যৱস্থাৰ মাজেৰে অহা এইসকল তৰুণ-তৰুণীৰ অভিজ্ঞতা আৰু উপলব্ধিৰ জগতখন স্বাভাৱিকতেই
আছিল পূৰ্বজসকলতকৈ ভিন্ন৷ সেইবাবেই তেওঁলোকে কঢ়িয়াই আনিছিল অপাৰ সম্ভাৱনা৷ কোনোবাই
সেই সম্ভাৱনাখিনি লৈয়েই হয়তো লিখা-মেলা বাদ দিলে (যাৰ বলিষ্ঠ উদাহৰণ স্বাতী হাজৰিকা),
দুই-একে পাছলৈ অভিজ্ঞতা-অধ্যয়নক সামাজিক সমস্যাৰ বিশ্লেষণী দক্ষতালৈ উন্নীত কৰাৰ বিপৰীতে
শব্দৰ ব্যঞ্জনা আৰু কাঠামো নিৰ্মানতে মজি ৰ’ল, বা আন দুগৰাকীমানে ভাৱৰ প্ৰকাশকেই গল্পৰ
নিৰ্মিতি বুলি ধাৰণা কৰিলে৷ এনে পৰিৱেশত যি কেইগৰাকীমানে খুৱ সতৰ্কতাৰে গল্প-চৰ্চাৰ
ক্ষেত্ৰত আত্ম-উৎকৰ্ষণৰো বাট চিকুণোৱাত ব্ৰতী হ’ল আৰু অসমীয়া গল্পকো সমৃদ্ধ কৰাত নিয়োজিত
হৈ ৰ’ল, ভাস্কৰ ঠাকুৰীয়া তেওঁলোকৰে এজন৷
ভাস্কৰৰ
গল্প কেৱল আত্ম-কণ্ডূয়নৰ ফচল নহয়৷ পঢ়ুৱৈৰ চিন্তন-মননত ঝংকাৰ তুলিবলৈ তেওঁ সদা সচেষ্ট৷
বৌদ্ধিক কচৰৎ কৰিলেও জ্ঞান জাহিৰ কৰাৰ পথ তেওঁ লোৱা নাই৷ জীৱন সম্পৰ্কত তেওঁৰ দৃষ্টিভংগীও
আকৰ্ষণীয়৷ তেওঁ দেখিছে— “সৃষ্টিৰ আগতেও আছিল অনন্ত শূণ্যতা, ধ্বংসৰ পাছতো আছে অনন্ত
শূণ্যতা৷’’ আৰু তাৰ মাজৰ মোহ, মায়া, ক্ষোভ, হিংসাৰ অন্তহীন সমীকৰণবোৰ নিৰৰ্থক যদিও
ভাস্কৰৰ দৃষ্টিত অপৰিহাৰ্য “এই শৃংখলৰো এক গতি, ৰস আৰু জীৱন আছে, আমি বিচাৰিলেও, আমি
নিবিচাৰিলেও৷” তেওঁ গল্পৰ সমল বিচাৰে মাজৰ মাজৰ এই সময়ছোৱাৰ পৰা৷
শেহতীয়া সংকলন বিৱৰ্তন ভাস্কৰৰো যেন বিৱৰ্তনৰে গল্প৷ প্ৰথম সংকলন যাত্ৰা যদি এক মননশীল উত্তৰ-আধুনিক চিন্তাশীল গল্পকাৰৰ অংকুৰণ, তেন্তে বিৱৰ্তন সেই প্ৰতিভাৰ স্ফুৰণ৷ গল্প যে কাঠামো বা ভাষাৰ সম্পৰীক্ষণ মাথোঁ নহয়, পঢ়ুৱৈৰ মনলৈ স্ৰষ্টাৰ চিন্তাসূত্ৰ আৰু ধাৰণাৰো বিস্তাৰ, বিৱৰ্তনত সংকলিত কেইবাটিও গল্প তাৰ উদাহৰণ৷ মন কৰিবলগীয়া যে সচৰাচৰ আন সংকলনৰ লেখিয়াকৈ ভাস্কৰৰ এই সংকলনটিৰ নাম সন্নিৱিষ্ট কোনো গল্পৰ শিৰোনামৰে দিয়া হোৱা নাই— দৰাচলতে বিৱৰ্তন নামৰ কোনো গল্প ইয়াত নায়েই, অৰ্থাৎ তেওঁ গল্পবোৰক চাব বিচাৰিছে (হয়তো) ক্ৰমিক বিৱৰ্তন হিচাপেই৷ সেইবাবেই হয়তো সংকলনটিৰ আৰম্ভণিতেই গল্পকাৰে জুৰি দিছে ‘ঋকবেদ’ত উল্লিখিত সেই সৃষ্টিতত্ত্ব— সৃষ্টিৰ পূৰ্বে নাছিল কোনো সত্ত্বা বা সত্ত্বাহীনতা, মৃত্যু বা মৃত্যুহীনতা, আৰু সত্ত্বাহীনতাৰে আৱৰা মহাশূণ্যতাৰ পৰাই প্ৰকট হ’ল এক একক৷
কিন্তু
লেখকে বুজাব বিচৰা এই বিৱৰ্তন নো কি? সমাজৰ? জীৱন-ধাৰণৰ? মানৱ চিন্তাৰ? নে নিজৰ?
মানৱ
সৃষ্টিৰ পৰা নিজৰ সৃষ্টিলৈ ৰূপান্তৰ ঘটা সংকলিত গল্পসমূহৰ অন্তৰালৰ শ্লেষ-বিদ্ৰূপ এইটোৱেই
যে গল্পকাৰৰ দৃষ্টিত সামাজিক বা জীৱন প্ৰণালীৰ বিৱৰ্তিত ৰূপতো স্বৰূপ সলাই অপৰিৱৰ্তিত
আছে মানৱীয় নেতি৷
বিৱৰ্তনত সংকলিত দুটা গল্পৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিব খুজিছোঁ৷
ভাস্কৰ ঠাকুৰীয়াৰ গল্প মানে যে কেৱল কাহিনী-কথন নহয়, সেই কাহিনীৰ আঁৰত থাকে স্ৰষ্টাৰ
অধ্যয়ন আৰু নীৰিক্ষণ, আৰু কাহিনীৰ মাজত থাকে পঢ়ুৱৈৰ মনত ঝংকাৰ তুলিব পৰা অনেক ভাৱনা,
তাৰ উদাহৰণ হিচাপে আমি দাঙি ধৰিব পাৰোঁ ‘পৃথিৱীৰ প্ৰথমটো হত্যাকাণ্ডৰ পাছত’ গল্পটোক৷
‘মই জীৱীত নে মৃত’, ‘মই মানুহ নে ৰাক্ষস’—এনে প্ৰশ্নৰ উত্তৰৰ সন্ধানত উদগ্ৰীৱ গল্পটোৰ
কেন্দ্ৰীয় চৰিত্ৰ৷ কাহিনীটোৰ সময়— “হিৰণ্যগৰ্ভৰ পৰা অনন্তৰ সৃষ্টি হোৱাৰ পাছত, বিষ্ণুৰ
নাভিকমলৰ পৰা প্ৰজাপতিৰ আৱিৰ্ভাৱ হোৱাৰো কিছুক্ষণ পাৰ হোৱাৰ পাছত, পৰমপিতাই সৃষ্টিকৰ্মৰ
মোখানি মাৰি চিলমিলকৈ টোপনি গৈছিলহে মাথোঁ, যেতিয়া মানৱ জাতিৰ আগমন হৈছিল তাৰ কেইদিনমানৰ
পাছৰ কথা৷” গল্পটোত একাকাৰ হৈছে মানৱীয় বিৱৰ্তনৰ বৈজ্ঞানিক তত্ত্ব আৰু পুৰাকথা— মানৱীয়
নীতি আৰু ব্যভিচাৰ৷ গল্পটোৰ মাজেৰে যিমানেই অগ্ৰসৰ হোৱা যায়, কাৰুণ্য, শ্লেষ, বক্ৰোক্তি-খেদোক্তিয়ে
পঢ়ুৱৈক সমানে সংগ দিয়ে৷ এক কথাত এই গল্প পাঠ এক মধুৰ অভিজ্ঞতা৷
থাউকতে
উল্লেখ কৰিব খোজা আনটো গল্প হৈছে ‘নেজাল তৰা’৷ দহ বছৰমানৰ আগতেই আলোচনীৰ পাতত এই গল্পটো
পঢ়াৰ সময়তে ইয়াৰ নিৰ্মিতিয়ে আমাক আকৰ্ষণ কৰিছিল৷ গল্পটোত বুৰঞ্জী আৰু মানৱ মনৰ জটিল
গ্ৰন্থিৰ পাকৰ সমান্তৰাল টানিছে গল্পকাৰে৷ স্বৰ্গদেউ শিৱ সিংহৰ দিনত প্ৰথমবাৰলৈ ইউৰোপীয়
(ব্ৰিটিছ) বণিক অহাৰ এটা সৰু উল্লেখক আধাৰ কৰি প্ৰস্তুত কৰা হৈছে এই গল্পৰ কথকতা৷ ইয়াত
এপিনে আছে বাসনা চৰিতাৰ্থ কৰাৰ বাবে মৃত্যুৰ ওচৰত আত্মসমৰ্পনৰ সাহস, আনপিনে সেই অদম্য
বাসনাক কৰা নিয়ন্ত্ৰণ৷ আছে নিয়তি-নিৰ্ধাৰিত জীৱনক অতিক্ৰমৰ বাসনা, আনপিনে নিয়তিৰ ওচৰত
অসহায় স্থিতিৰো প্ৰকাশ৷
জীৱনৰ
বিচিত্ৰ দিশৰ দিশৰ প্ৰকাশৰ বাবে বিৱৰ্তনৰ
গল্পকাৰে লৈছে সৰল ভাষাৰ আশ্ৰয়৷ প্ৰতিটো গল্পৰ নিৰ্মিতি পৰস্পৰৰ পৰা পৃথক৷ ‘পেণ্ডুলাম’ত
যিদৰে মতাদৰ্শগত অৱস্থানৰ পৰা ভিন্ন দৃষ্টিকোণেৰে বিষয়-বিশ্লেষণৰ আইৰণী ফুটাই তোলা
হৈছে, ‘এটা কবিতাৰ অভিশাপ’ত আছে অপাৰ্থিৱ কাণ্ডৰ দ্বাৰা জীৱন নিয়ন্ত্ৰিত হোৱাৰ ভাৱনা৷
এই অপাৰ্থিৱ শক্তিৰ কথা ভাস্কৰৰ একাধিক গল্পত আছে বাবেই পঢ়ুৱৈৰ মনত প্ৰশ্ন হ’ব পাৰে,
লেখকৰ অৱস্থান কি? অপাৰ্থিৱতা বা নিয়তিৰ ওচৰত মানুহৰ অসহায়তা অতিক্ৰমৰ পথ তেওঁ দিব
নিবিচাৰে নেকি?
আমাৰ বোধেৰে এই প্ৰশ্নৰ উত্তৰো তেওঁৰ গল্পৰ মাজেৰে পঢ়ুৱৈয়েই সন্ধান কৰিব লাগিব৷ উত্তৰ-আধুনিক সমাজত বহু সৃষ্টিশীল লেখকে গ্ৰহণ কৰা পথ অনুসৰণ কৰিয়েই ভাস্কৰেও হয়তো জীৱন-জগতৰ জটিল পৰিস্থিতিত মানুহৰ অসহায় স্থিতি তুলি ধৰাৰহে পক্ষপাতী৷
সংকলনৰ কেইবাটাও গল্পত নিহিত আছে ৰাজনৈতিক ব্যংগও, যদিও সেই শ্লেষ ইংগিতময়তাতেই সীমাৱদ্ধ— অৰ্থাৎ গল্পকাৰৰ বক্তব্য ক’তো শ্ল’গানধৰ্মী হৈ পৰা নাই৷ কিন্তু কেতিয়াবা তেওঁৰ বক্তব্য অধিক বিশ্লেষণাত্মক হোৱাৰ দোষদুষ্টও নোহোৱাও নহয়৷ উদাহৰণস্বৰূপে ‘মট্ৰ্যোস্কা পুতলাৰ সাধু’, যিটো অসমৰ ব্যাখ্যা অংশ বাদ দি আগবঢাই নিয়া হ’লে অধিক সাৰ্থক হ’লহেঁতেন নিশ্চয়৷
ইতিমধ্যে উল্লেখ কৰি অহা বিশেষত্বসমূহৰ বাহিৰেও ভাস্কৰ ঠাকুৰীয়াৰ কেইবাটিও গল্পৰ আন এটা বৈশিষ্ট্যসূচক দিশ হ’ল বিভিন্ন বৈপৰীত্বৰ পৰিমিত প্ৰয়োগ৷ ‘দি লাষ্ট ডেইজ অৱ পম্পেই’ বা ‘দি গুড, দি বেড, এণ্ড দি আগলী’ যিসকলে চাইছে, তেওঁলোকে ইটালীয় চলচ্চিত্ৰ পৰিচালক ছাৰ্জিঅ’ লিঅনৰ এক্সট্ৰিম ক্ল’জ আপ তথা লেংথি লং শ্বটৰ সমান্তৰাল ব্যৱহাৰত অৱশ্যেই মুগ্ধ৷ ভাস্কৰৰ বহু গল্পপাঠৰ সময়ত মনৰ দাপোনত লিঅনৰ এনে কাৰিকৰীয়েই যেন ভাহি উঠে৷ ভাস্কৰ ঠাকুৰীয়াৰ গল্পচৰ্চাই অসমীয়া আধুনিক গল্পৰ স্বাৰ্থতেই লওক অধিক বিৱৰ্তিত ৰূপ৷
বিৱৰ্তন/
ভাস্কৰ ঠাকুৰীয়া /পেপিৰাছ, পানবজাৰ, গুৱাহাটী/ ৩৯৯ টকা
(প্ৰকাশ
: সাতসৰী, ফেব্ৰুৱাৰী, ২০২৩, পৃ. ১১৯-১২০)
No comments:
Post a Comment