দিগন্ত ওজা
আহক, অলপ কল্পনা কৰোঁ৷
আহক, অলপ ডুব যাওঁ ভাবালুতাত৷
কল্পনা কৰোঁ বতাহত নোহোৱা হৈ গ'ল ধূলি-ধোঁৱা- যতমানে ৰোগৰ বীজাণু৷
মনোৰম সেউজীয়াই আৱৰি ধৰিছে আমাৰ নগৰ-মহানগৰ-গাঁৱৰ প্ৰতিটো পথৰ দুদাঁতি৷ বতাহত সেই গছৰ সুহুৰি তল পেলাবলৈ কোনোৱে বজোৱা নাই উৎকট হৰ্ণ, কোনো চালকে প্ৰণয়ীৰ কাষৰ পৰা বিম্বাশৱদে ঢাপলি মেলা নাই পানশালালৈ, সকলো বাহনৰ গতিৰ শবদত মূৰ্তমান যেন ৰবিশংকৰ-বিলায়েৎ খাঁৰ যুগলবন্দী৷ আৰু তাত সংগত কৰিবলৈ প্ৰতিজোপা গছৰ ডালত বহিছে যতমানে পখী৷
হাস্পতাললৈ যাবলগীয়া হোৱা নাই কোনো শিশু অথবা তৰুণ-তৰুণী৷ অপৰাধহীন পৰিৱেশত ফুল ৰুবলৈ ওলাই গৈছে প্ৰতিজন আৰক্ষী৷ চহৰ-নগৰৰ অন্তিমজন মগনীয়াই কালি পাই গৈছে সংস্থাপন, জেগেলা চুবুৰীৰ শেষটো শিশুৰো বিদ্যালয়ত হৈ উঠিছে নামভৰ্তি৷
নিৰন্তৰ অফুৰন্ত বিদ্যুৎ, অবিৰত অপৰ্যাপ্ত পানী৷
সুচাৰুৰূপে চলি আছে প্ৰতিটো দপ্তৰ৷ কোনো বিষয়াৰ মেজত নাই পুৰণি ফাইল৷
নাই যি নাই, অভিযোগ-আপত্তিও নাই৷ সকলোৰে মুখত প্ৰাপ্তিৰ আনন্দ৷ এটাই আছিল মধ্যবিত্তৰ অসন্তুষ্টি, ইমান সুবিধা আমাক কিয়! সকলোৰে উপাৰ্জন পৰ্যাপ্ত৷ ৰেচনৰ পৰা বিদ্যুতলৈ এতিয়া নহ'লেও হ'ব চৰকাৰী সুবিধা৷
সেই আপত্তিৰো মীমাংসা হৈ গ'ল৷ ৰাহি বাজেটেৰে টনকীয়াল ৰাজ্যৰ ৰাজকোষ৷
কোনো নতুন ওজৰ নথকাত অলস বিয়লি বিভাগীয় উন্নয়নৰ নতুন খচৰা প্ৰস্তুতিৰ প্ৰস্তাৱ দিবলৈ ওপৰৱালাক খাটনি ধৰিছে কৰ্মহীনতাত ক্লান্ত কৰ্মচাৰীয়ে৷
সংবাদ মাধ্যমৰ পৰা নোহোৱা হৈ গ'ল হত্যা-হিংসা-লুণ্ঠনৰ বাতৰি৷ চৰকাৰৰ বিৰুদ্ধে ক'বলৈ-লিখিবলৈকো একো নাই৷ ভয়ত ভজি নহয়, খামিডাঠ সাংবাদিকৰ বাবেও কৰ্মযোগী চৰকাৰৰ বিৰুদ্ধে লিখিবলৈ বিষয়ৰ আকাল৷ ভাল খবৰ আৰু চৰকাৰৰ প্ৰশস্তিৰেই চলিছে সংবাদসেৱা৷
...আহ! এই তৰংগহীন জীৱনে জীৱনৰ অৰ্থক অনৰ্থ কৰি নোতোলেতো!
এতেকে হে সুধীজন, আহক-- বাস্তৱতে থাকোঁ৷ এতিয়াৰ দৰেই পালন কৰোঁ অনাগত দিন৷
2 comments:
সুন্দৰ উপস্থাপন… মাৰ্জিত অথচ তিৰ্যক আৰু ৰূঢ় বাস্তৱ লিখনিত স্পষ্ট… ধন্যবাদ
অপৰ্যাপ্ত সুখেও অসুখ বঢ়ায়। সংগ্ৰামহীন জীৱন মাদকতাহীন৷ সততা, নৈতিকতা,কৰ্মতৎপৰতাৰে যিখিনি পোৱা যায় তাতেই সন্তুষ্ট থকাৰ নামেই জীৱন উদযাপন। উদযাপনহীন জীৱন কেৱল যাপন ইতৰ প্ৰাণীৰ দৰে। ভাৱালুতাও কেতিয়াবা কৃপণৰ গোৰত টেকেলি ভঙাৰ লেখীয়াহে হয়গৈ।
Post a Comment