Sunday, August 28, 2022

বঁটা-বাহনে সাহিত্যিকৰ মান নিৰূপণ নকৰে

 

‘ডাঙৰ মানুহৰ সাধু’ৰ বাবে সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক, সাংবাদিক দিগন্ত ওজাৰ সৈতে সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণঃ কিশোৰ গোস্বামী

২০২২ বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটাপ্ৰাপ্তিৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ আৰু অসমীয়া সাহিত্যলৈ এই সন্মান কঢ়িয়াই অনাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
দিগন্ত ওজা : ধন্যবাদ৷
আপোনাৰ পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থখনৰ নাম ‘ডাঙৰ মানুহৰ সাধু’৷ নিঃসন্দেহে নামটো অত্যন্ত আকৰ্ষণীয় আৰু কৌতূহল উদ্দীপক৷ ডাঙৰ মানুহ মানে আপুনি কাক বুজাইছে?
দিগন্ত ওজা : ডাঙৰ মানুহ মানে… আচলতে কিতাপখন যিহেতু শিশুৰ কাৰণে লিখা হৈছে— শিশুৰ কাৰণে ডাঙৰ মানুহৰ ধাৰণাটো এনেকুৱা— যিসকল মানুহক অনুকৰণ কৰিব লাগে, যিসকল মানুহ আদৰ্শনীয়, যিসকল মানুহে সমাজলৈ, জীৱনলৈ কিবা এটা দিছে৷ এই ধাৰণাটোকে স্পষ্ট কৰিবলৈ কিতাপখনত চেষ্টা কৰা হৈছে৷
শিশুৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনেই শিশু-সাহিত্য সৃষ্টিৰ প্ৰধান আৰু মহৎ উদ্দেশ্য বুলি আমি ভাবোঁ৷ শিশু সাহিত্য যিয়ে ৰচনা কৰে, তেওঁলোকে সাহিত্যৰ শিল্পগুণৰ প্ৰতিও মনোযোগী হ’ব লাগে বুলি আপুনি ভাবেনে?
দিগন্ত ওজা : শিল্প গুণটো যিকোনো লেখাতেই লাগিব৷ শিল্প গুণ নহ’লে লেখাই মানুহক আকৰ্ষণ কৰিব নোৱাৰে৷ প্ৰত্যেক লেখকৰে— যিকোনো বিষয়ৰ ভিত্তিত— লক্ষ্য-পঢ়ুৱৈ থাকে৷ যিকোনো এজন লেখকে বিষয় এটা লিখিবৰ সময়ত কাৰ বাবে লিখিছে সেই ধাৰণাটো মনলৈ আনে; মনলৈ নহাটোহে অস্বাভাৱিক৷ গতিকে সেইসকল পঢ়ুৱৈক উদ্দেশ্য কৰি লিখোঁতে সেইসকল পঢ়ুৱৈয়ে কি ধৰণে লিখিলে ভাল পাব, তেওঁৰ বক্তব্যই সেইসকল পঢ়ুৱৈক কেনে ধৰণে স্পৰ্শ কৰিব, সেই কথাটোৰ প্ৰতি যিকোনো লেখকেই মনোযোগী হয় বা হোৱা উচিত৷ শিশু-সাহিত্যৰ ক্ষেত্ৰতো এই কথাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ শিশুৰ মানসিক জগতখন আনসকলৰ দৰে নহয়৷  আমাৰ—এইটো অৱশ্যে লোকৰ পৰা ধাৰ কৰা বক্তব্য— আজি প্ৰায় ২৫ বছৰ আগতে ‘শিশু সাহিত্য ন্যাস’ৰ সচিব হৃষীকেশ গোস্বামীয়ে এক প্ৰসংগত কৈছিল, আমি ডাঙৰসকলে হীৰেন গোহাঁয়ে লিখা বুলি, ভৱেন বৰুৱাই লিখা বুলি বা নৱকান্ত বৰুৱাই লিখা বুলি যিকোনো লেখা এটা ভাল নালাগিলেও হয়তো শেষলৈকে পঢ়িম৷ কিন্তু শিশুৰ ক্ষেত্ৰত কথাটো তেনেকুৱা নহয়৷ শিশুৱে লেখকৰ নাম চাই নপঢ়ে৷ শিশুৱে কিতাপ এখন ল’ব আৰু বিষয়টোৱে যদি তেওঁক আকৰ্ষণ নকৰে বা লেখাই যদি তেওঁক আকৰ্ষণ নকৰে, তেন্তে শিশুৱে সেই কিতাপখন আঁতৰাই বা দলিয়াই দিব৷ গতিকে শিশুৰ কাৰণে লিখোঁতে শিল্পগুণৰ প্ৰতি, বিষয়বস্তুৰ প্ৰতি মনোযোগী হ’বই লাগিব৷
শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ অসমীয়া প্ৰাচীন সাহিত্যৰ উল্লেখনীয় সৃষ্টি আৰু ‘বুঢ়ী আইৰ সাধু’, ‘ডাৱৰৰ সিপাৰে ধুনীয়া দেশ’, ‘ঈছপৰ সাধু’ আদি শিশু-সাহিত্য বুলি ক’ব পৰা অসংখ্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল হৈ আছে৷ গুণগত দিশেৰে অতি সম্প্ৰতি তেনে ধৰণৰ সাহিত্য সৃষ্টি হৈছে বুলি আপুনি ভাবেনে?
দিগন্ত ওজা : কথাটো হৈছে সময় আৰু সমাজ সাপেক্ষে বিষয়বস্তুৰ সাল-সলনি, বিষয়বস্তুৰ অন্তৰ্ভুক্তি (শিশু-সাহিত্যত) হ’বই লাগিব৷ আমাৰ দুৰ্ভাগ্যজনক কথাটো হৈছে যে… শিশু সাহিত্য বুলিয়েই নহয়, সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰে এটা দুৰ্ভাগ্যজনক বিষয় হৈছে আমি নতুন নতুন বিষয়, নতুন নতুন দিশবোৰৰ প্ৰতি ব্যাপক ৰূপত আগ্ৰহী হোৱা নাই৷ কোনোবাই বিক্ষিপ্তভাৱে কিবা এটা কৰিছে, সেইটো এটা বেলেগ কথা৷ কিন্তু সামগ্ৰিকভাৱে— মই এটা সৰু উদাহৰণ দিব খুজিছোঁ,— যিহেতু বিষয়টো হৈছে শিশু-সাহিত্য— শিশু সাহিত্য মানে আমি এতিয়াও সাধুকথা বা  শিশুৰ কাৰণে উপযোগী উপন্যাস আদিক গুৰুত্ব দি আহিছোঁ৷ গুৰুত্বপূৰ্ণ কথা এটা হ’ল— ‘এমাজন’ নাইবা ‘ফ্লিপকাৰ্ট’ত চালে দেখা পাব,— আমেৰিকাত এনেকুৱা ধৰণৰ কিতাপো ওলাইছে যে ‘নিউক্লিয়াৰ ফিজিক্স ফৰ বেবিজ’, ‘প্লাজমা ফিজিক্স ফৰ বেবিজ’ আৰু আনকি ‘ৰিলেটিভিটি ফৰ বেবিজ’ জাতীয় কিতাপো লিখা হৈছে, যিবোৰ কিতাপৰ লক্ষ্য-পঢ়ুৱৈৰ বয়স হৈছে ৪ৰ পৰা ৬ বছৰ৷ আমাৰ ইয়াত আপেক্ষিকতাবাদ, প্লাজমা ফিজিক্স বুলি ক’লে আমি সপ্তম-অষ্টম শ্ৰেণীৰ ল’ৰা-ছোৱালীৰ কাৰণেও মনোগ্ৰাহী কিতাপ নাপাওঁ৷ আমেৰিকা-ইংলেণ্ডত ৪ বছৰৰ পৰা ৬ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ কাৰণেও এনেকুৱা কিতাপ ওলাইছে৷ কথাটো এনেকুৱা নহয় যে আমেৰিকাত ল’ৰা-ছোৱালীৰ মগজুৰ উৎকৰ্ষ বেছি, আমেৰিকা-ইউৰোপৰ ল’ৰা-ছোৱালীয়ে সেইবোৰ হজম কৰিব পাৰে, আমাৰ নোৱাৰে৷ কথাটো সেইটো নহয়৷ কথাটো হৈছে আমি— আমাৰ যিসকল জ্যেষ্ঠ, অগ্ৰজ, তেওঁলোকৰ মনোজগতত এতিয়াও এই নতুন বিষয়বোৰৰ প্ৰতি আকৰ্ষণ হোৱা নাই আৰু শিশুক এনেধৰণৰ বিষয়ৰ সৈতে পৰিচয় কৰাই দিব লাগে বুলি ভবা হোৱা নাই৷ ‘কাণখোৱা’ নাইবা ‘বুঢ়ী আইৰ সাধু’ নিঃসন্দেহে উল্লেখনীয় সৃষ্টি, কিন্তু মনত ৰাখিব— সময়ৰ লগত আমি শিশু সাহিত্যৰ ধ্যান-ধাৰণা, নতুন বিষয়বস্তু অন্তৰ্ভুক্তি, এইবোৰ কৰি যাবই লাগিব৷ তেতিয়াহে অসমীয়া শিশু সাহিত্যৰ মান উন্নত হ’ব৷

অতি সম্প্ৰতি প্ৰকাশ পোৱা ছায়েন্স ফিকচন অৰ্থাৎ কল্প-বিজ্ঞান সাহিত্যক শিশু-সাহিত্য বুলি ক’ব পাৰিনে? ডিটেকটিভ উপন্যাস অথবা ৰহস্য উপন্যাসবোৰ যথা– পাফু ছিৰিজ, ভাস্কৰ ছিৰিজ শিশু সাহিত্যৰ শ্ৰেণীত পৰিব বুলি আপুনি ভাবেনে?
দিগন্ত ওজা : কল্প-বিজ্ঞান সকলো সময়তে শিশুৰ উপযোগী নহ’বও পাৰে, আৰু বহু সময়ত হয়৷ এই কল্প-বিজ্ঞান শব্দটোক লৈও অৱশ্যে মোৰ অলপ দ্বিমত আছে৷ আমি ছায়েন্স ফিকচনৰ অসমীয়া কল্প-বিজ্ঞান কৰোঁ, আচলতে বিজ্ঞান কল্প হ’ব লাগে৷ কল্পনাৰ বিজ্ঞান নহয়৷ যি নহওক, কথাটো হৈছে বিজ্ঞানভিত্তিক কল্প-কাহিনীৰ প্ৰতি ল’ৰা-ছোৱালী আগ্ৰহী তেতিয়া হ’ব, যেতিয়া বিজ্ঞানৰ যিবোৰ তত্ত্ব, যিবোৰ ধ্যান-ধাৰণাৰ আধাৰত সেই কল্পনা গঢ় লৈ উঠিছে, সেইবোৰ আয়ত্বাধীন হয়৷ আমাৰ ইয়াত ছায়েন্স ফেণ্টাচি আৰু ছায়েন্স ফিকচন বহু সময়ত একাকাৰ কৰি দিয়া হৈছে৷ গতিকে— ছায়েন্স ফেণ্টাচি সৰু ল’ৰা-ছোৱালীৰ কাৰণেও মনোগ্ৰহী হ’ব পাৰে, ছায়েন্স ফিকচন নহ’বও পাৰে৷ গোটেই কথাটো নিৰ্ভৰ কৰিব সেই যিখিনি বৈজ্ঞানিক ধ্যান-ধাৰণাৰ আধাৰত কল্প বিজ্ঞান গঢ় লৈ উঠিছে, বিজ্ঞান ভিত্তিক কল্প কাহিনী সৃষ্টি কৰা হৈছে, সেই ধ্যান- ধাৰণাখিনি ল’ৰা-ছোৱালীয়ে ইতিমধ্যে হজম কৰিব পাৰিব লাগিব৷ আৰু পাফু ছিৰিজ বা দস্যু ভাস্কৰ ছিৰিজৰ যি কথা কোৱা হৈছে সেয়া শিশু-সাহিত্য হ’ব পাৰে৷ আপুনি যদি চায়, লীলা গগৈৰ সম্পাদনাত অসমীয়া গ্ৰন্থপঞ্জী এখনৰ কাম হৈছিল ১৯৬৮ চনমানত৷ সেই গ্ৰন্থপঞ্জীত দস্যু ভাস্কৰ ছিৰিজৰ কেইবাখনো কিতাপ শিশু-উপযোগী কিতাপ বুলিয়েই অন্তৰ্ভুক্ত কৰা হৈছিল৷ আৰু সেয়া চাগে এতিয়াৰ সামাজিকতাত শিশু সাহিত্যতে পৰিণত হৈছে৷
শিশু সাহিত্য ৰচনা কৰাটো অতি কষ্টসাধ্য বুলি বহুতেই ক’ব খোজে৷ আপুনি এই কথা মানি লয়নে? যদিহে মানি লয়, তেন্তে ই কি হিচাপে কষ্টসাধ্য?
দিগন্ত ওজা : যিকোনো সৃষ্টিশীল কাম— সেয়া খেতিয়েই হওক, কাপোৰ চিলাই হওক, ছবি অঁকাই হওক,— সকলো সৃষ্টিশীল কৰ্মই কষ্টসাধ্য৷ সাহিত্যও সৃষ্টিশীল কৰ্ম৷ শিশুৰ মনোজগতখন বুজি শিশুৰ উপযোগীকৈ বিষয়বস্তু, ভাব-ভাষা সকলোখিনিৰ সমাহাৰ ঘটোৱাটো… হয়, অন্ততঃ এয়া মোৰ কাৰণে কষ্টসাধ্য৷ কাৰোবাৰ কাৰণে অনায়াসলব্ধও হ’ব পাৰে৷ যেতিয়া আমি নৱকান্ত বৰুৱাৰ ‘শিয়ালী পালেগৈ ৰতনপুৰ’ নাইবা ‘ভত উ-কাৰে ভু’ পঢ়ো, তেতিয়া এনেকুৱা লাগে যেন নৱকান্তবৰুৱাই অনায়াসে সেয়া ৰচনা কৰিছিল৷ নাজানো তেখেতে কি পৰিমাণৰ কষ্ট কৰিব লগা হৈছিল৷ পঢ়ি যাওঁতে ভাব নহয় যে সেইখিনি কষ্টসাধ্য৷ মূল কথাটো হ‘ল সেই জগতখনৰ মাজত লেখকজন বা লেখিকাগৰাকী সোমাব লাগিব— শিশুৰ মনোজগতৰ ভিতৰত৷ আৰু সেই মনোজগতৰ উপযোগীকৈ ভাষাৰ দখল থাকিব লাগিব৷ এতিয়া ধৰক এনেকুৱা শিশু-কিতাপো আমি পঢ়ো য’ত আৰম্ভণিতে চৰিত্ৰ এটাৰ নাম পিছ মুহূৰ্তত সলনি হৈ গৈছে আৰু বাক্যৰো পুনৰাবৃত্তি হয়৷ এনেকুৱা কিছুমান ধাৰণা আমি দেখোঁ যিবোৰ ধাৰণা হয়তো শিশুৰ উপযোগী নহ’বও পাৰে৷ কথাটো হ’ল, শিশু বুলি ক’লে আমাৰ এতিয়া ইউনিচেফৰ যিটো সংজ্ঞা— সেই সংজ্ঞা মতে ১৮ বছৰ বয়সলৈকে শিশু হিচাপে ধৰা হয়৷ গতিকে শিশুৰ মাজতো আকৌ বয়সৰ ভিত্তিত একো একোটা ভাগ থাকে৷ মই ৫-৬ বছৰৰ কাৰণে লিখা কিতাপ এখন ১৬-১৭ বছৰীয়া শিশুৰ কাৰণে বেলেগ ধৰণৰ হ’ব৷ আকৌ ১৬-১৭ বছৰীয়াৰ বাবে লিখা শিশু কিতাপ এখন ৪-৫ বছৰীয়া শিশুৰ বাবে হয়তো গ্ৰহণযোগ্য নহ’ব৷ লক্ষ্য-পঢ়ুৱৈৰ কথা মনত ৰখাটো উচিত৷ সেইমতে ভাব-ভাষা, বিষয়বস্তু ঠিৰাং কৰিব লাগে৷ গতিকে শিশু-সাহিত্য ৰচনা কৰাটো নিঃসন্দেহে কষ্টসাধ্য৷
সঁফুৰা, ৰংমন, মুকুতা প্ৰমুখ্যে সম্প্ৰতি প্ৰকাশ হৈ থকা অসমীয়া শিশু আলোচনীত ভালেমান পদ্য ছন্দত ৰচিত কবিতা প্ৰকাশ হৈ থকা দেখা গৈছে, যিবোৰক শিশু-সাহিত্য বা শিশু-কবিতা বুলি কোৱা হয়৷ এই বিষয়ে আপোনাৰ মতামত কি?
দিগন্ত ওজা : এনেকুৱা এটা প্ৰশ্নৰ উত্তৰ থাওকতে দিয়াটো জটিল৷ কিন্তু কথাটো হৈছে আলোচনীসমূহত যিবোৰ লেখা ওলাই আছে, সেয়া সম্পাদনা সমিতিয়ে নিশ্চয় ছাত্ৰ-ছাত্ৰী, শিশুৰ মনোগ্ৰাহী বুলি ভাবিয়েই প্ৰকাশ কৰিছে৷ এটা কথা চাব, শিশুৰ মানসিক স্তৰ যিদৰে বেলেগ বেলেগ থাকে, শিশুৰ সাংস্কৃতিক স্তৰ যিদৰে বেলেগ বেলেগ থাকে, গতিকে… এটা সাংস্কৃতিক স্তৰৰ, এটা বয়সৰ ল’ৰা-ছোৱালীয়ে গ্ৰহণ কৰা সাহিত্য আন এটা সাংস্কৃতিক স্তৰৰ ল’ৰা-ছোৱালীৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে৷ সাগৰৰ জোৱাৰত মণি-মুকুতাও আহে আৰু জাবৰো আহে৷ বিচাৰখিনি সেই মতে কৰি ল’ব লাগিব৷ সকলো কবিতা নিঃসন্দেহে সাৰ্থক কবিতা নহয়৷  যিকোনো সময়তে পৃথিৱীৰ যিকোনো ঠাইতে উচ্চ  স্তৰৰ সাহিত্যই সকলোৱেই সৃষ্টি কৰি যোৱা নাই৷ গতিকে তাৰ মাজতে থাকিব কোনো ভাল কবিতা৷
আপোনাৰ এই বঁটাপ্ৰাপ্তিয়ে আপোনাক এগৰাকী বিশিষ্ট শিশু-সাহিত্যিক হিচাপে অসমীয়া সাহিত্যত এখন স্থায়ী আসন প্ৰদান কৰিলে৷ সেই সূত্ৰেই আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, এতিয়ালৈকে আপুনি কিমানখন গ্ৰন্থ ৰচনা কৰিলে, গ্ৰন্থসমূহৰ নাম কি, গ্ৰন্থসমূহৰ ভাগ কি?
দিগন্ত ওজা : এইটো মোৰ কাৰণে বৰ আচহুৱা প্ৰশ্ন এই কাৰণেই যে মই প্ৰথম শিশু গ্ৰন্থ লিখিছোঁ আৰু তাৰ বাবে মই সাহিত্য অকাদেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰিছোঁ৷ সেই বুলিয়েই মই নিজকে এগৰাকী শিশু সাহিত্যিক বুলি অন্ততঃ কেতিয়াও ধাৰণা নকৰোঁ বা মই মোৰ সন্মানীয় পঢ়ুৱৈ সমাজকো তেনে ধাৰণা নানিবলৈ অনুৰোধ জনাওঁ৷ মহিম বৰাৰ কথা কৈছোঁ, তেখেতে ‘এধানি মাহীৰ হাঁহি’ গ্ৰন্থখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল৷ কিন্তু ‘ৰঙা জিঞা’ৰ কবি, ‘কাঠনিবাৰীৰ ঘাট’ৰ স্ৰষ্টা গল্পকাৰ মহিম বৰাৰ আপুনি যদি খুব নিৰপেক্ষ বিচাৰ কৰে, তেতিয়াহ’লে ‘এধানি মাহীৰ হাঁহি’ গ্ৰন্থখন তেখেতৰ উৎকৃষ্টতো নহয়ে, সেইখন ৰচনা নকৰা হ’লেও চাগে মহিম বৰা মহিম বৰা হৈ থাকিলহেঁতেন৷ তেনেদৰে নৱকান্ত বৰুৱাৰ নামটো ওলালেই আমাৰ সকলোৰে মনত এগৰাকী মহীৰূহ কবিৰ ধাৰণাটো আহে৷ কবি হিচাপে তেখেত বহুল সমাদৃত৷ তেখেতে ‘ককাদেউতাৰ হাড়’ৰ কাৰণে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল৷ সেই বুলি নৱকান্ত বৰুৱাক ঔপন্যাসিক বুলি নিশ্চয় প্ৰথম পৰিচয়তে কোনেও নকয়৷ অৱশ্যে ‘ককাদেউতাৰ হাড়’খন এখন ভাল উপন্যাস আছিল৷ বঁটা-বাহনে কেতিয়াও এজন সাহিত্যিকৰ মান নিৰূপণ নকৰে৷ মহেশ্বৰ নেওগে কাহানিও সাহিত্য অকাদেমি বঁটা লাভ কৰা নাছিল৷ কিন্তু আপুনি যিকোনো অসমীয়া সাংস্কৃতিক বা সাহিত্যৰ ইতিহাস যদি অধ্যয়ন কৰিবলৈ যায়, তেতিয়াহ’লে মহেশ্বৰ নেওগ অপৰিহাৰ্য৷ মহেশ্বৰ নেওগক বাদ দি আপুনি কোনো কাম কৰিব নোৱাৰে৷ মই শিশুৰ বাবে লিখা প্ৰথম কিতাপখনৰ বাবে পুৰস্কাৰ লাভ কৰিছোঁ, সেইটো মোৰ কাৰণে নিঃসন্দেহে সন্মানৰ কথা৷ কিন্তু মই নিজকে এগৰাকী শিশু-সাহিত্যিক বুলি ভাবিব নোৱাৰোঁ৷ মই আচলতে নিজকে এগৰাকী সাহিত্যিক বুলিয়েই ভাবিব নোখোজোঁ৷ মই সমাজ বিজ্ঞানৰ, সামাজিক ইতিহাসৰ প্ৰতি অনুৰাগী৷ লেখক জীৱনৰ প্ৰথম পৰ্যায়ত মই সাহিত্য আলোচনা কৰিছিলোঁ৷ আজিকালি সাহিত্য আলোচনা মোৰ খুব কম৷ কিন্তু মই ‘অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন’ লিখিছোঁ৷ যিখন গ্ৰন্থ ড॰ হীৰেন গোহাঁইৰ দৰে কৃতবিদ্য সমালোচকে যথাৰ্থ মৌলিক গৱেষণামূলক গ্ৰন্থ বুলি মন্তব্য কৰি সুদীৰ্ঘ আলোচনা লিখিছে৷ ড॰ গোৱিন্দ প্ৰসাদ শৰ্মা, অমৰজ্যোতি চৌধুৰীকে আদি কৰি বহুতেই এইখন কিতাপৰ উচ্ছ প্ৰশংসা কৰিছে৷ মই ‘প্ৰথম মহাসমৰ’ লিখিছোঁ৷ এই গ্ৰন্থখন অসমীয়া ভাষাৰ এইধৰণৰ প্ৰথম গ্ৰন্থ বুলি বহুতে অভিহিত কৰিছে৷ মুনিন বৰকটকী বঁটা পাইছিলোঁ ‘সন্ধিক্ষণত মানুহ’ গ্ৰন্থৰ বাবে৷ সেই গ্ৰন্থখন আছিল জীৱন আৰু সমাজক বুজিবলৈ মই কৰা চেষ্টা৷ ‘জীৱনৰ গদ্য’ও এনে ধৰণৰ ৰচনা আছিল৷ আৰু মই অসম চুক্তি ৰূপায়ণ বিভাগে উদ্যোগ লোৱা ‘অসম আন্দোলনৰ তথ্যকোষ’ৰ সম্পাদনাও কৰিছোঁ৷ মোৰ সম্পাদনাত তাৰ তিনিটা খণ্ড প্ৰকাশ পাইছে৷ বাকী তিনিটা খণ্ডৰ কামো সম্পূৰ্ণ কৰি ইতিমধ্যে জমা দিছোঁ৷  সোনকালে সেয়াও প্ৰকাশ পাব৷ এই ধৰণৰ কামবোৰ কৰি আছোঁ৷ মই নিজকে সমাজ বিজ্ঞানৰ, সামাজিক ইতিহাসৰ অন্বেষক বুলি ক’বলৈহে ভাল পাওঁ বা সেই কাম কৰিহে মই আনন্দ লাভ কৰোঁ৷
দীৰ্ঘসময় ধৰি আপুনি এখন সাহিত্য আলোচনীৰ সৈতে জড়িত হৈ আছিল৷ সেই সূত্ৰে, আলোচনীৰ সম্পাদনাৰ স্বাৰ্থতে হওক অথবা মনৰ তাগিদাৰ বাবেই হওক, আপুনি বিভিন্ন প্ৰবন্ধ, সমালোচনা-সাহিত্যও সময়ে সময়ে চৰ্চা কৰি আহিছে৷ পাঠকে আপোনাক নিবন্ধকাৰ অথবা প্ৰবন্ধকাৰ-সমালোচক হিচাপেও ওচৰৰ পৰা পাইছে৷ সেয়ে সুধিব বিচাৰিছোঁ, আপুনি নিজকে এগৰাকী শিশু-সাহিত্যিক হিচাপে মনত ৰখাটো বিচাৰিব নে নিবন্ধকাৰ অথবা প্ৰবন্ধকাৰ হিচাপে মনত ৰখাটো বিচাৰিব? যিহেতু, আপুনি নিজেই বিভিন্ন মাধ্যমত কৈছে যে পুত্ৰ চয়নৰ আব্দাৰ-তাগিদাতহে আপোনাৰ এই ‘ডাঙৰ মানুহৰ সাধু’ সৃষ্টি হৈছিল৷
দৈনিক জনমভূমি, পৃ.৭, ২৭ আগষ্ট, ২০২২

দিগন্ত ওজা : হয়, ‘ডাঙৰ মানুহৰ সাধু’ৰ আঁৰত আছিল মোৰ পুত্ৰ চয়নৰ আব্দাৰ৷ ঠিক ৫-৬ বছৰমান বয়সত মোক কৈছিল– দেউতা মোৰ কাৰণে এখন কিতাপ লিখিবা৷ সেই কথাটোৱে মোৰ মনত ৰেখাপাত কৰিছিল৷ আৰু চয়নক আমি সৰুৰে পৰা ম’বাইলৰ লগত সম্পৰ্ক কৰিব দিয়া নাছিলোঁ৷ এতিয়াও তাৰ ম’বাইলৰ সৈতে সম্পৰ্ক নাই৷ আমি সৰুৰে পৰা বিভিন্ন কাহিনী কৈ ভাত খুওৱা বা শুওৱাৰ ব্যৱস্থা কৰিছিলোঁ৷ সেই কাহিনীবোৰ অহৰহ কৈ থাকোঁতে… সদায়তো আৰু কাহিনী মনলৈ নাহে, কেতিয়াবা কাৰোবাৰ জীৱনীও সাধুকথাৰ নিচিনাকৈ কৈছিলো সি ভালপোৱা ধৰণে৷ চাৰে তিনি-চাৰি বছৰতে সি সেই সাধুবোৰ মনত ৰাখিছিল৷ সেই কথাটোৱে তাৰ আব্দাৰবোৰ পূৰণ কৰিবলৈ মোক গ্ৰন্থখন লিখিবলৈ প্ৰৰোচিত কৰিছিল৷

আৰু আপুনি যে সুধিছে মোক কেনেদৰে মনত ৰখাটো মই বিচাৰিম,— তাৰ উত্তৰ হ’ব এনেধৰণৰ— এৰিক হবযবমক সকলোৱে জানে৷ তেওঁ এগৰাকী পৃথিৱী বিখ্যাত বুৰঞ্জীবিদ৷ তেওঁ আত্মকথাত লিখা এটা বাক্যই মোক জোকাৰি যায়৷ তেওঁ আত্মকথা লিখিবলৈ লৈ নিজকে প্ৰশ্ন কৰি চাইছে, এই পৃথিৱীৰ ৬শ কোটি মানুহৰ কিমানৰনো বুৰঞ্জীৰ প্ৰতি আগ্ৰহ আছে আৰু তাৰে কিমানেনো এৰিক হবযবমক চিনি পায়? আৰু চিনি পোৱাসকলৰ কিমানেনো এৰিক হবযবমৰ ব্যক্তিগত জীৱন জানিব বিচাৰিব?

হবযবমৰ দৰে ব্যক্তিয়েই নিজৰ নিঃকিনতা প্ৰকাশ কৰি গৈছে এই সামাজিক ইতিহাসৰ সাপেক্ষে৷ তাৰ তুলনাত আমাক কোনোবাই মনত ৰাখিব পৰাকৈ আমি কিবা কৰিব পাৰিছোঁ বুলি ভবাটো এক বাতুলামি৷ মোক কোনে কিদৰে মনত ৰাখে সেই কথাটো মোৰ মনলৈ কেতিয়াও অহা নাই৷ আৰু মনত ৰাখিব পৰাকৈ কিবা যে ভৱিষ্যতেও কৰিব পাৰিম সেই কথাও মই নাভাবোঁ৷ মই আচলতে অকণমান জাতীয়তাবাদী৷ জাতীয়তাবাদী হ’লেও মই কেতিয়াও ৰাজপথত নানামো৷ মই অসমীয়া ভাষা ভাল পাওঁ৷ আৰু সৰুৰে পৰাই কিতাপ পঢ়িবলৈ ভালপোৱা এজন হিচাপে আৰু আমি অসমীয়া ভাষাৰ লগতে অন্য ভাষাৰ লগত যেতিয়া পৰিচয় লাভ কৰিলোঁ, তেতিয়া এটা অনুভৱ হয় যে অসমীয়া ভাষাত বহু বিষয়ৰ লেখাৰ অভাৱ৷ সেই কাৰণে নিজৰ সামৰ্থ্যৰে অকমান নতুন ধৰণৰ কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ ভাষাটোৰ স্বাৰ্থত৷ ভাষাটোক কিবা এটা বৰঙণি যোগোৱাৰ স্বাৰ্থত৷ কিন্তু মই নিজৰ তুচ্ছতা, নিজৰ অযোগ্যতা, নিজৰ অসমৰ্থতা জানো৷ গতিকে আমি যোগোৱা বৰঙণিক বৰঙণি বুলি ক’বলৈও লাজ লাগে৷ এয়া এক ধৰণৰ ধৃষ্টতা৷ তথাপি কুকুৰে যেনেকৈ হাড়ডালত একো নাই বুলি জানিও চোবায়, ময়ো সেইদৰে নিজৰ বিভিন্ন ধৰণৰ ব্যস্ততাৰ মাজত যিকণ সুযোগ পাওঁ সেই সুযোগত নতুন বিষয়ৰ, নতুন ধৰণৰ কিবা এটা কৰি ভাল পাওঁ৷ তাত কোনোবাই কিবা পালে লাভ বা নাপালেও মোৰ কোনো ক্ষতি নাই৷ গতিকে কোনোবাই ভৱিষ্যতে মনত ৰাখিব পৰাকৈ মই কিবা কৰিছোঁ সেই কথা মই কেতিয়াও নাভাবোঁ৷
শিশু সাহিত্যৰ ক্ষেত্ৰত নতুন  কিবা পৰিকল্পনা?
দিগন্ত ওজা : শিশু-সাহিত্য
— ...মই নিজে লিখিবৰ কাৰণে বুলিয়েই নহয়, শিশু-সাহিত্যক লৈ মোৰ অলপ পৰিকল্পনা নথকা নহয়৷ সেই পৰিকল্পনাটো মোৰ মনলৈ আহিছিল আজি কেইবাবছৰৰ আগতে৷ মই ভাবোঁ এইটো মোৰ মনলৈ অহা পৰিকল্পনা যদিও তাক বেলেগেও কাৰ্যকৰী কৰিব পাৰে৷ অসমীয়া মাধ্যমত পঢ়া-শুনা কৰি ভাৰতৰ বা পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন যুৱক-যুৱতী বা বিভিন্ন ব্যক্তি সংস্থাপিত হৈ আছে৷ তেখেতসকলৰ অসমৰ প্ৰতি টান বিভিন্ন সময়ত অনুভৱ কৰোঁ৷ অসমীয়া ভাষাৰ প্ৰতি, অসমৰ প্ৰতি কিবা এটা অনুদান (তেওঁলোকে) আগবঢ়াব বিচাৰে৷ আমি ব্যক্তিগতভাৱে যি দুই-চাৰিজন ব্যক্তিৰ লগত কথা পাতিছোঁ তেওঁলোকৰ কথাৰ পৰাই এই অনুভৱটো হৈছে৷ যদি আমি সংঘবদ্ধভাৱে কোনোবা অনুষ্ঠানৰ অধীনত (তেওঁলোকক) সন্মিলিত কৰাব পাৰোঁ, তেতিয়া হ’লে তেখেতসকলে জড়িত হৈ থকা বিষয়বোৰৰ ভিত্তিত সৰু ল’ৰা-ছোৱালীৰ উপযোগীকৈ একো-একোখন সৰু সৰুকৈ হ’লেও যদি কিতাপ লিখা যায়, মই ভাবোঁ অসমীয়া ভাষালৈ সেইটো এটা ডাঙৰ অৱদান হ’ব আৰু অসমীয়া শিশু সাহিত্যত বিভিন্ন বিষয়ৰ সমাহাৰ ঘটিব৷ আমাৰ অসমত ডাঙৰ কথাটো হ’ল শিশুৰ কাৰণে আদৰ্শ, শিশুৰ কাৰণে উপযুক্ত মানসিক খোৰাকী কম৷ এয়া ভাষিক অসমীয়া পঢ়ুৱৈৰ কথা মনত ৰাখি কৈছোঁ৷ এই খোৰাকীটো যদি দিব পাৰোঁ তেতিয়াহ’লে সামগ্ৰিকভাৱে সেই যিটো পঠন অভ্যাস গঢ় লৈ উঠিব, সি অসমীয়া সাহিত্যৰ বিকাশ সাধনত সহায় কৰিব৷ এই ক্ষেত্ৰত ব্যক্তিগতভাৱে মই তেওঁলোকৰ কিতাপখিনি যদি সম্পাদনা কৰিব লগা হয়, ভাষিক সম্পাদনা হওক বা বিষয়বস্তুৰ সম্পাদনাই হওক, মই সেয়া কৰিবলৈ আগ্ৰহী৷ মোৰ তেনে এটা পৰিকল্পনা আছে৷

(এই সাক্ষাৎকাৰটো প্ৰকাশ পাইছে দৈনিক জনমভূমি কাকতৰ ২৭ আগষ্ট, ২০২২ সংখ্যাত)

                                সাক্ষাৎগ্ৰহণকাৰীৰ ফ’ন ঃ ৭০০২২-৭২৭৯০

 

No comments: