দিগন্ত ওজা
পুৰণি কাকত খুঁচৰি থাকিলে অনেক সম্ভেদ পোৱা যায়৷বিশেষ কাৰণত ১৯৫০ৰ দশকৰ কাকতৰ পাত লুটিয়াই থাকোঁতে আমাৰ মূল কাৰণটোও বাদ দি আন কিছু বিষয়ে মন কাঢ়ি নিছে৷ দৃষ্টি আকৰ্ষণ কৰা তেনে এটা বিষয় হৈছে জাহাজৰ খবৰ৷
কোৱা হয়, আদা বেপাৰীক জাহাজৰ খবৰ নালাগে৷ দেখাত আমিও জাহাজৰ খবৰৰ প্ৰয়োজন নথকা ‘আদা বেপাৰী’য়েই৷ কিন্তু আদা বেপাৰীক সঁচাকৈয়ে জাহাজৰ খবৰৰ প্ৰয়োজন নাথাকেনে? শদিয়ালৈ প্ৰথমবাৰ যাবলৈ ওলাওঁতে জ্যেষ্ঠ ভাতৃপ্ৰতীম সাংবাদিক-ব্যংগ লেখক- এসময়ৰ বিখ্যাত যাদুশিল্পী ৰূপহদা, মানে ৰূপহ চলিহাই মোক কৈছিল ঃ শদিয়াত আদা বেপাৰীয়েও জাহাজৰ খবৰ ৰাখিব লাগে৷(ৰূপহদাৰ কথা ওলাইছে বাবেই কওঁ, মূল্যবোধ আৰু সততাক আগস্থান দিয়া এইগৰাকী ব্যক্তিয়ে বহু ত্যাগ কৰিবলগীয়া হৈছে যদিও সমাজৰ পৰা আজিও যোগ্য মৰ্যাদা আৰু সন্মান পোৱা নাই৷) হয়৷ এনেৰে ওখ মাটিত হোৱা আদাৰ বেহা-বেপাৰৰ বাবে জাহাজৰ প্ৰয়োজন নাথাকে৷ পিছে শদিয়া আছিল ব্যতিক্ৰম৷ তেতিয়াও দলঙৰ কথা ভাবিবলৈকে বহু বাকী৷ সিপাৰে হোৱা আদা খেতিৰ ফচল বণিকে এইপাৰে আনিবলৈ একালত জাহাজেই আছিল ভৰসা৷ গতিকে ফকৰাবোৰৰ সদায় সাধাৰণীকৰণ সম্ভৱ নহয়৷ সেইবাবে মোৰ দৰে ‘আদা বেপাৰী’ৰো দৃষ্টি থৰ হ’ল নতুন অসমীয়া কাকতৰ ১৯৫৮ চনত প্ৰকাশিত ‘জাহাজৰ বাতৰি’ত৷
কেন্দ্ৰীয় জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ উদ্যোগত জাহাজেৰে অসমলৈ সামগ্ৰী কঢ়িওৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ লৈছে৷ ভাৰতৰ অন্য ৰাজ্যৰ সৈতেই নহয়, বাংলাদেশৰ সৈতেও জল পৰিবহনৰে বাণিজ্যিক সম্পৰ্ক স্থাপনৰ যো-জা অব্যাহত আছে৷ আমি সকলোৱে জানো, একালত জলপথেৰেই দূৰ-দূৰণিৰ পৰা লাম-লাকটু আহিছিল৷সাউদে নাৱেৰে বণিজ কৰাৰ কথা আমি শৈশৱতে তেজীমলাৰ সাধুটোৰ মাজেৰেই জানি আহিছোঁ৷ ‘উজায়ে আহিলে কোম্পানীৰ জাহাজ ঐ…’জাতীয় বিহুগীতেও ধৰি ৰাখিছে বণিক ইংৰাজে অসমত ব্যৱহাৰ কৰা জলপথৰ কথা৷ স্বাধীনতাৰ পাছত এই বেপাৰ কেনেদৰে চলিছিল? তাৰেই লেখ ধৰি ৰাখিছে নতুন অসমীয়াৰ ‘জাহাজৰ বাতৰি’-এ৷
১৯৫৮ চনৰ এনে কেইটামান খবৰে আমাক জানিবলৈ দিছে যে সেইসময়ত ব্ৰহ্মপুত্ৰৰ বুকুত চলিছিল ‘জইণ্ট ষ্টীমাৰ কোম্পানী’ৰ জাহাজ৷ আন কোনো কোম্পানীৰ জাহাজো হয়তো চলিছিল, কিন্তু কাকতত সঘনে যিটো কোম্পানীৰ জাহাজসেৱাৰ খবৰ প্ৰকাশ পাইছিল, সেইটো আছিল ’জইণ্ট ষ্টীমাৰ কোম্পানী’৷ কোম্পানীটোৰ অধীনত চলাচল কৰা জাহাজসমূহৰ ভিতৰত আছিল ‘মায়েটো’, ‘পাকশ্বান’, ‘ৰজণ্ডা’ আদি৷ ৩ ছেপ্টেম্বৰৰ নতুন অসমীয়াৰ খবৰ অনুসৰি তেজপুৰ, বিশ্বনাথ আৰু নিমাতীৰ মাল লৈ অহা মায়েটো নামৰ জাহাজখন ৬ ছেপ্টেম্বৰত তেজপুৰ আৰু ৮ ছেপ্টেম্বৰত নিমাতী পোৱাৰ কথা৷ বাতৰিটোত মায়েটো বিশ্বনাথত কোন তাৰিখে উপস্থিত হ’ব তাৰ উল্লেখ নাছিল— হয়তো মাজৰ দিনটোত (অৰ্থাৎ ৭ ছেপ্টেম্বৰত)বিশ্বনাথৰ মাল নমাইছিল৷ সেইদৰে পাকশ্বান নামৰ জাহাজখনে মাল আনিছিল গুৱাহাটীলৈ, আৰু উপস্থিত হোৱাৰ কথা আছিল ৫ ছেপ্টেম্বৰৰ দিনা৷১৯৫০ৰ দশকৰ নতুন অসমীয়াৰ বহুকেইটা সংখ্যাতে এনে ‘জাহাজৰ খবৰ’ ছপা হৈছিল৷ উপস্থাপন-ৰীতিলৈ চাই অনুমান কৰিব পাৰি যে এয়া আছিল বিজ্ঞাপন৷ মূলতঃ বণিক গোষ্ঠীৰ সুবিধাৰ্থে কোম্পানীৰ উদ্যোগত কাকতত প্ৰকাশ পাইছিল এনে খবৰ৷ পাছলৈ কিদৰে এনে জাহাজ পৰিবহন বন্ধ হৈছিল সেয়া অন্য প্ৰসংগ৷ কিন্তু জাহাজৰ খবৰে আমাক দিয়ে তেতিয়াৰ এই সেৱাৰ বহু ছবি৷
(আমাৰ দৰে আদা বেপাৰীয়ে লোৱাৰ বাবেই এই জাহাজৰ খবৰ ইয়াত কিছু আধৰুৱা হৈ ৰ’ল৷ পিছে আমি ইয়াৰ পম খেদি অসমত কেতিয়ানো মালবাহী জাহাজ সেৱা আৰম্ভ হৈছিল, এই পৰিবহনে কেনেবোৰ বিলাই-বিপত্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল, আৰু কেতিয়ানো সেয়া বন্ধ হৈছিল সেইবোৰৰ কিছু ফুট লোৱাৰ যত্ন কৰি আছোঁ৷ সময়ত তাৰো বকলা মেলাৰ আশা ৰাখিছোঁ৷)
1 comment:
ভাল লাগিল দিগন্ত দা... অন্যান্য খবৰবোৰো অনালৈ বাট চালোঁ.. :)
Post a Comment