Sunday, March 06, 2022

অৰূপা পটংগীয়া কলিতাৰ সাহিত্য

 (৬ মাৰ্চ, ২০২২ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত লেখিকাৰ জছনাৰ ঝিটাছ উপন্যাসৰ উন্মোচনী অনুষ্ঠানত দিয়া ভাষণৰ লিখিতৰূপ )

দিগন্ত ওজা

ছোৱালীজনী গুৱাহাটীত ডাঙৰ হৈছিল৷ নিয়নোজ্জল লাইটৰ শোভাই শৈশৱ-কৈশোৰত তন্ময় কৰি তুলিছিল স্বাভাৱিকভাৱেই৷ ওপজাৰে পৰা পোৱা ভায়েকৰ হাঁহিভৰা মুখখন উজলি থাকে তাইৰ চকুৰ সন্মুখত ৷ যিকোনো সন্তানৰ দৰে তাইৰ বাবেও অপূৰ্ব-সুন্দৰ মাকৰ যুঁইফুলৰ দৰে শুভ্ৰ মমতাময় মুখ৷ শৈশৱ-কৈশোৰত ককাৱকৰ ঘৰলৈ যাওঁতে দৌৰি-ঢাপৰি ফুৰা বিশাল চোতালখন, ধাননি পথাৰখন, মাছে বুৰবুৰণি তোলা পুখুৰীটোৱে অহৰহ দিয়ে হাতবাউলী৷ কলেজত পঢ়ি থাকোঁতে সেই ছোৱালীজনীয়েই কলা প্ৰদৰ্শনীৰ বাবে আঁকিবলগীয়া হৈছিল এখন ছবি৷ ছবিখনত কিন্তু তাই না-আঁকিলে মাক বা ভায়েকৰ মুখ, না-আঁকিলে সেউজী ধানৰ দলিচা, মাছে খলকনি তোলা পুখুৰী— আঁকিলে সেউজীয়া ধূসৰ মিহলি বেকগ্ৰাউণ্ডত এগৰাকী বৃদ্ধা, হাতযোৰকৈ ঘোলা চকুযোৰ মেলি আকাশলৈ চাই আছে, চকুত দুফোটা পানী— এই পৰোঁ, এই পৰোঁ৷

সন্মানীয় আজিৰ সভাত উপস্থিত সুধীমণ্ডলী,

মই অৰূপা পটংগীয়া কলিতাৰ প্ৰথম উপন্যাস মৃগনাভিৰ কথাই ক’ব খুজিছোঁ৷ উপন্যাসখনিৰ কেন্দ্ৰীয় চৰিত্ৰটিয়ে এই ছবিখন কিয় আঁকিছিল? আঁকিছিল এইবাবেই যে এই ঘোলা চকুৰ অধিকাৰীণী বৃদ্ধাগৰাকীয়ে ছোৱালীজনীক শৈশৱ-কৈশোৰতেই আকৃষ্ট কৰিছিল৷ মধ্যবিত্তীয় স্বচ্চল পৰিয়ালৰ সন্তান সেই ছোৱালীজনী কলেজ পোৱালৈ নিসন্দেহে বহু-বিচিত্ৰ অভিজ্ঞতাৰ গৰাকী হৈছিল— কিন্তু ছবিত ফুটাই তুলিব পৰাকৈ হৃদয়ত জোকাৰণি তোলা চৰিত্ৰটো আছিল সকলো থাকিও হেৰুওৱা, অনাদৰ-অৱহেলাৰ মুখামুখি হোৱা এগৰাকী নাৰী৷ এইখন আছিল এখন খুদমানি উপন্যাস, কিন্তু ১৯৮৭ চনত প্ৰকাশ পোৱাৰ সময়তেই অসমীয়া ৰসজ্ঞ পঢ়ুৱৈৰ মন-মগজু মৃগনাভিয়ে একধৰণে চঞ্চল কৰি তুলিছিল৷ জীৱন-যন্ত্ৰণাত দগ্ধ নাৰী এগৰাকীৰ All is not lost অনুভৱটি সজাই তোলাৰ পথত কি অপূৰ্ব কলা-কৌশলৰ আশ্ৰয় লৈছিল লেখিকাই—আৰু ই শেষ হৈছিল  সেউজ পাহাৰৰ মাটি খহি ওলোৱা শিলখিনিও যে পাহাৰটোৰ অহংকাৰ হ’ব পাৰে সেই অনুভৱত৷

Photo credit: Smriti Rekha Bhuyan
মৃগনাভিৰ এই কলা-কৌশল অৰূপা পটংগীয়া কলিতাৰ পৰৱৰ্তীকালৰ গল্প-উপন্যাসতো পৰিলক্ষিত হয়৷ আন অৰ্থত ক’বলৈ গ’লে তেওঁৰ সৃষ্টিৰ চুম্বকীয় সন্মোহনৰ এটা কাৰণ অৰূপা পটংগীয়া কলিতাৰ গল্প-উপন্যাসত অকথিত জীৱনৰ কঠিন কাহিনী-বৰ্ণনত প্ৰায়েই ফুটি উঠা কাব্যিকতা৷ ফেলানীৰ ক্ষেত্ৰতে চাওক—

‘তাইৰ নামটোত ৰৈ গ’ল জপংকৈ পানীত হোৱা এটা শব্দ৷” (পৃ. ১৩)

 “চপাই অনা জাল এখনত মাছে ধৰফৰ কৰাদি তাই কল-ঠৰুৱাবোৰৰ মাজত ধৰফৰাবলৈ ধৰিলে৷” ( পৃ. ৩৪)

“গোসাঁই হ’ল ফুলে ফুলে মৌ চুহি ফুৰা মানুহ৷ এপাহ ফুলেৰে তেওঁৰ নৈবেদ্যৰ শৰাই নভৰে৷…” (পৃ. ৫৩)

সেইদৰে ‘বৃন্দা খুৰীৰ হাতৰ একাপ কফি’ত—

“কাগজবোৰৰ লগে লগে তাৰ চাৰিওকাষে উৰিছিল এক নাৰী শৰীৰ৷ শৰীৰটোও টুকুৰা-টুকুৰ হৈছিল৷ সৰ্বসাধাৰণ নাৰীতকৈ বেছি উন্নত বক্ষযুগল বলৰ দৰে মজিয়াত উৰি ফুৰিছিল, বিছনাৰ এচুকত থৰে থৰে কঁপিছিল জংঘা, গাৰুৰ কাষত পৰি ৰৈছিল নিতম্ব, চিলিঙত ওলমি ৰৈছিল এহাল চকু—এটা নতুলকৈ জন্ম পোৱা গৰু পোৱালিৰ চকুৰ দৰে চঞ্চল, প্ৰাণৱন্ত আৰু বহুদূৰ নিৰ্দোষ আৰু নিৰীহ৷” (মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা, পৃ. ১৫৫)

Photo credit: Smriti Rekha Bhuyan
জছনাৰ ঝিটাছতো ভাষাৰ এই কাব্যিকতাই পঢুৱৈক তন্ময় কৰি তোলে—“সেইদিনা ৰাতি
আকাশত মৰা জোন উঠিছিল৷ পাহাৰৰ পৰা শেঁতা মৰা জোনটো উঠি আহিছিল৷ পোহৰ নাছিল, মাত্ৰ অৰণ্যৰ অন্ধকাৰখিনি আৰু বেছি জয়াল কৰি তুলিছিল৷ গভীৰ নিৰ্জনতাত ডুব গৈছিল৷ অকল নীচ লাইনেই নহয়, গোটেই চাহ বাগানখনকেই৷ প্ৰতি নিশাই অজগৰে গিলাদি নিৰ্জনতাই গিলি পেলাইছিল৷ এই আৰণ্যক নিস্তব্ধতাত আনন্দৰ টোপ এটাও নাই৷ কেৱল ভয় আৰু যন্ত্ৰণা৷” (পৃ. ১৬৯)

পটংগীয়া কলিতাৰ ভাষাৰ এই সৌন্দৰ্যই মনলৈ আনে পদ্মনাথ গোহাঞিবৰুৱাৰ মোৰ সোঁৱৰণিৰ পৰা আৰম্ভ কৰি অসমীয়া কিছু লেখকৰ গদ্যত প্ৰতিভাত হোৱা কাব্যিক সুষমালৈ৷

ভাষাৰ এই সুষমাই তেওঁৰ সৃষ্টিক প্ৰাণৱন্ত কৰিছে সঁচা, কিন্তু অৰূপা পটংগীয়া কলিতাৰ গল্প-উপন্যাসৰ আকৰ্ষণৰ ঘাই কাৰণ তেওঁৰ সামাজিক, বা অধিক স্পষ্টকৈ ৰাজনৈতিক অৱস্থান৷ মৃগনাভিৰ কেন্দ্ৰীয় চৰিত্ৰটিয়ে কলেজীয়া জীৱনত প্ৰদৰ্শনীৰ বাবে অঁকা ছবিখনত সেই যে ঘোলা চকুৰ অধিকাৰী নাৰীগৰাকীকহে ফুটাই তোলাৰ আকূটি অনুভৱ কৰিছিল, সেয়া অৱশেষত উপন্যাসখনৰ স্ৰষ্টাৰেই সামাজিক অৱস্থান৷ বিগত সময়ছোৱাত অৰূপা পটংগীয়া কলিতাৰ প্ৰায় প্ৰতিটো গল্প বা প্ৰতিখন উপন্যাসে আমাক এইকথা প্ৰতীয়মান কৰাইছে৷ সমাজৰ কেন্দ্ৰত থাকিও লেখিকাই কলম ধৰি আহিছে প্ৰান্তীয় অৱস্থানটোক নিৰন্তৰ নীৰিক্ষণ কৰি তাৰ প্ৰতি গভীৰ সহমৰ্মিতাৰে৷ তেওঁৰ এই অৱস্থানটোৰ বাবেই আমি অয়নান্ত যিদৰে পালোঁ, সেইদৰে পালোঁ ফেলানী বা সোণালী ঈগলে কণী পাৰিলে, বেলিয়ে উমনি দিলে অথবা টোকোৰা বাঁহৰ সোণৰ বেজী ৷ এই প্ৰান্তীয় সমাজখনক লেখিকাই হৃদয়ত কিদৰে বহন কৰে তাৰ আভাস আমি পাওঁ অতি সমাদৃত উপন্যাস, ২০০৩ চনত প্ৰকাশিত ফেলানীৰ কৃতজ্ঞতাসূচক এই শাৰীকেইটিত—“আকাশ গোলাপী হোৱাৰ সময়ত ওলোৱা জাউৰিয়া মাছ আনি আমাক খুউৱা আৰু বিয়াৰ বতৰত বেণ্ডপাৰ্টী বজোৱা মাছুৱৈজন, মোক ঘৰুৱা কাম-বনত সহায় কৰি দিয়া আৰতি, মুৰি ভাজি আমাক দি যোৱা সুমতি, কাঁহি বন কটাৰ পৰা ধান কটালৈকে বিভিন্ন কামৰ অভিজ্ঞতাপুষ্ট আমাৰ বাৰীত হাজিৰা কৰা খগেন—এনে বহু মানুহৰ সান্নিধ্য অবিহনে ফেলানী লেখা মোৰ পক্ষে সম্ভৱ নহ’লহেঁতেন ৷” সমাজৰ অৱহেলিত আৰু খাটি খোৱা শ্ৰেণীৰ জীৱন-ধাৰাৰ প্ৰতি কেৱল আগ্ৰহতে তেওঁ থমকি ৰোৱা নাই, সমান্তৰালভাৱে তেওঁলোকৰ জীৱন  নীৰিক্ষণৰ গভীৰতা, বিশ্লেষণৰ তীৰ্যকতা আৰু সমাজ অধ্যয়নত পোষণ কৰি অহা সংবেদনশীলতাও তেওঁৰ সৃষ্টিত পৰিস্ফুত হৈছে৷ পৰিনতিত অৰূপা পটংগীয়া কলিতাৰ সৃষ্টি হৈ উঠিছে সুঠাম আৰু শক্তিশালী ৷ ‘পুতগ্নি’ত আলোকোজ্জ্বল শ্ব’ৰূমত নতুন মডেলৰ বাইক কিনিবলৈ যোৱা ল’ৰাটিয়ে সেয়ে দেউতাকৰ দা বান্ধি থোৱা ভঙা চাইকেলখন সেই শ্ব’ৰূমৰ নাতিদূৰৈৰ অন্ধকাৰক গ্ৰাস কৰাব পৰা নাই— বা একেদৰে ‘অশ্ৰুলিপি’ত সাধুকথাৰ খাজে খাজে ওলাই আহে জীয়া চৰিত্ৰৰ বুকুত খুন্দা খোৱা কাহিনী৷ এইবোৰ কাৰণতে অৰূপা পটংগীয়া কলিতাৰ বহু গল্পৰ সামৰণিত সেই গল্পত বিধৃত কাহিনীতকৈও পঢ়ুৱৈ থৰ হৈ ৰয় অনেক নতুন কাহিনীৰ সম্ভাৱনাৰ বাবে৷

কেৱল সমাজৰ প্ৰান্তীয় লোকসকলৰ ক্ষেত্ৰতেই নহয়, ভোগ-লালসাই গ্ৰাস কৰা মধ্যবিত্তীয় পৰিয়ালসমূহৰ ক্ষেত্ৰতো লেখিকাৰ সমানেই গুৰুত্ব৷ অৰূপা পটংগীয়া কলিতাৰ মৃগনাভি প্ৰকাশ পাইছিল ১৯৮৭ চনত, লেখিকাৰ দৃষ্টিত তেওঁৰ প্ৰকৃত উপন্যাস অয়নান্ত  প্ৰকাশ পাইছিল ১৯৯৪ চনত—মাজৰ সময়ছোৱাত প্ৰকাশ পাইছিল তেওঁৰ গল্প-সংকলন—আৰু এই সময়ছোৱাতেই বিশ্বায়ন তথা উদাৰ অৰ্থনীতিৰ হাত ধৰি আমাৰ সমাজত দ্ৰুতগতিত সহজলভ্য হৈ উঠিছিল অনেক ভোগবাদী উপকৰণ ঃ যাৰ বিনিময়-মূল্য আছিল সাতামপুৰুষীয়া সামাজিক-পাৰিবাৰিক বন্ধন৷ বিগত শতিকাৰ অন্তিম দশকত, আৰু তাৰ পৰৱৰ্তীকালতো অসমীয়া গল্প-উপন্যাসত অনেকৰ অনাকাংক্ষিত এই ব্যাধিৰ লক্ষণীয় প্ৰকাশ ঘটিছিল৷ কিন্তু সৃষ্টি এটা সাৰ্থক তেতিয়া হয়, যেতিয়া সমস্যা এটাৰ ক্ষেত্ৰত স্ৰষ্টাৰ ভূমিকা কেৱল ভুক্তভোগী বা ভুক্তভোগী সমাজখনৰ প্ৰতিনিধি হৈ নাথাকে, তাৰ লগে লগে হৈ উঠে সমস্যাটোৰ বিশ্লেষক৷ এনে বিশ্লেষণৰ বাবেও স্ৰষ্টাৰ পৰ্যবেক্ষণ-বিন্দুটোৰ অৱস্থান গুৰুত্বপূৰ্ণ হৈ উঠে৷ আৰ্কিমিডিছে পৃথিৱী দাঙি ধৰিব পৰা কপিকলটোৰ কল্পনা কৰিছিল পৃথিৱীৰ বাহিৰত বহিবপৰা এডোখৰ ঠাইৰ কথা ভাবি৷ সামাজিক সমস্যা এটাৰপৰাও বাহিৰলৈ গৈ বিচাৰ কৰিলেহে সমস্যাটোৰ পাৰ পাব পাৰি— এই বোধৰ ব্যাপ্তি অৰূপা পটংগীয়া কলিতাৰ সৃষ্টিত প্ৰৱল৷ কাৰ্য-কাৰণৰ বিচাৰ পঢ়ুৱৈৰ আগত তুলি ধৰাত তেওঁ বহুসময়ত সচেষ্ট৷ তেওঁৰ প্ৰায়বোৰ গল্প-উপন্যাসৰ বিষয়বস্তু অধ্যয়ন-আধাৰিত, অথচ তথ্যৰ বিৰক্তিকৰ উল্লেখৰ পৰা মুক্ত, কোনো ৰচনাৰ আৰম্ভণিত আকৰ্ষণৰ মায়াজাল নাই— কিন্তু পঢ়ুৱৈৰ বাবে  আছে অনায়াস যাত্ৰা আৰু বিচৰণৰ পাৰপত্ৰ ৷ এই বৈশিষ্ট্যবোৰ হয়তো সম্ভৱ হৈছে সময়-সমাজ, বিষয়-পঢুৱৈৰ প্ৰতি লেখিকাৰ সমান্তৰাল সংবেদনশীলতাৰ বাবে৷

লেখিকাৰ এই সংবেদনশীলতাই তেওঁক এগৰাকী সবল শিশু সাহিত্যিকৰ ৰূপতো প্ৰতিষ্ঠা কৰাইছে৷ হয়, অৰূপা পটংগীয়া কলিতাৰ কথা যেতিয়া আলোচনা কৰা যায়, তেওঁক গল্পকাৰ বা ঔপন্যাসিক হিচাপেই সচৰাচৰ উল্লেখ কৰা হৈ আহিছে৷ অথচ শিশু-সাহিত্যতো কেনে অপূৰ্ব সৃষ্টি কৰিছে এইগৰাকী লেখিকাই! সম্ভৱতঃ ১৯৯১ চন— মই বিশ্বনাথলৈ বুলি ৰাজ্যিক পৰিবহন নিগমৰ বাছত উঠাৰ পৰত গুৱাহাটীত কিনিছিলোঁ হোমেন বৰগোহাঞি সম্পাদিত কিশোৰ আলোচনীৰ কোনো এটা সংখ্যা—তাতেই পোনতে পঢ়িছিলো অৰূপা পটংগীয়া কলিতাৰ এটা শিশু-গল্প ঃ ‘ভাইটি’৷ কেনে নিটোল, আটিল, হৃদয়স্পৰ্শী গল্প আছিল সেইটো! সেই গল্পটো কেৱল কাহিনী-কথন নহয়, অসমীয়া শিশু-সাহিত্যত সচৰাচৰ দুৰ্লভ শিশু-মনস্তত্বৰ বিচক্ষণ প্ৰকাশ৷ তাৰ পঠন-অভিজ্ঞতা মোৰ বাবে ইমানেই অপূৰ্ব আছিল যে পঢ়ি যোৱা সময়খিনি পৰ্যন্ত আজিও দুচকুত ভাঁহি ৰৈছে৷ পৰৱৰ্তীকালত প্ৰকাশিত তেওঁৰ শিশু উপন্যাসকাঁইটত কেতেকী  সেই গল্পটোৰেই বৰ্ধিত ৰূপ৷ মোৰ ভাব হয়, যি সামাজিক সংবেদনশীলতাই সমাজৰ অৱহেলিত-অনাদৃতসকলৰ প্ৰতি লেখিকাক আগ্ৰহী কৰি তুলিছে, সেই একেই সজাগতাই গল্পকাৰ-ঔপন্যাসিকগৰাকীক শিশু-সাহিত্যত মনোনিৱেশ কৰিবলৈ উযসাহ যোগাইছিল৷ অসমীয়া শিশু-সাহিত্যক সাৰ্থক অৰ্থত সমৃদ্ধ কৰাৰ স্বাৰ্থতে এইগৰাকী লেখিকাই এনে সৃষ্টিত অধিক মনোযোগী হ’ব বুলি কামনা কৰিলোঁ৷

অৰূপা পটংগীয়া কলিতাৰ সাহিত্য-ভাৱনাৰ ক্ষেত্ৰত আৰু এটা কথা উল্লেখ নকৰিলে নহ’ব৷ একাংশ আলোচকে এইগৰাকী সাহিত্যিকক নাৰীবাদী লেখিকা হিচাপেও অভিহিত কৰে৷ লেখিকাৰ সৃষ্টিত নাৰীৰ প্ৰাধান্য আছে সঁচা, তাৰ আধাৰতে এই নিৰ্দিষ্ট দৃষ্টিকোণেৰে লেখিকাক বিচাৰ কৰা সমীচিন নহ’ব বুলিয়েই আমাৰ ধাৰণা৷ সমাজৰ অনাদৃত-অৱহেলিত শ্ৰেণীটোৰে সহমৰ্মিতাৰ হেঁপাহেই হয়তো তেওঁক নাৰী চৰিত্ৰৰ প্ৰতি আগ্ৰহী কৰি তুলিছে৷ কেৱল সন্তান নহয়, অৰ্থ উৎপাদনৰ প্ৰক্ৰিয়াতো নাৰী জড়িত হ’লেহে নাৰীৰ মুক্তি সম্ভৱপৰ—এনে ভাৱনাই বিভিন্নজনৰ মাজত ক্ৰিয়া কৰাৰ সময়ত পটংগীয়া কলিতাই বিষয়টো হয়তো আৰু গভীৰলৈ গৈ বিচাৰ কৰাৰো প্ৰয়াস কৰিছে৷ শেহতীয়া জছনাৰ ঝিটাছৰ ক্ষেত্ৰতে ধৰা হওক৷ ইয়াত যিখন সমাজৰ কথা বিধৃত হৈছে, সেই চাহ বাগিছাত নাৰী অৰ্থ উৎপাদন প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে চামিল হোৱা শ্ৰেণী৷ অথচ চাহাবে বিচৰা বাবে মৰমৰ ফুলজোপাৰ পৰা থোপা এটা চিঙি দিয়াৰ বাবে দুৰ্গাৰ দৰে নাৰী দচাৰুৰ দৰে মৰদৰ প্ৰহাৰৰ সন্মুখীন হয়৷ (পৃ. ১৭০) অৰ্থাৎ উৎপাদন ব্যৱস্থাটোত চামিল হ’লেই নহ’ব, সামাজিক কেৰোণসমূহ দূৰ হ’লেহে নাৰীৰ মুক্তি সম্ভৱ হ’ব৷ লেখিকা হিচাপে অৰূপা পটংগীয়া কলিতাই কেৱল নাৰী-সমস্যাৰেই নহয়— সামগ্ৰিকভাৱে সমাজৰ সমূহ কেৰোণ তুলি ধৰি পঢ়ুৱৈক প্ৰবুদ্ধ কৰোৱাত ব্ৰতী৷ অন্ততঃ বিগত তিনিটা দশকৰো ওপৰকালৰ অৰূপা পটংগীয়া কলিতাৰ সাহিত্য-কৰ্ম ইয়াৰেই নিদৰ্শন৷ অসমীয়া ভাষাৰ লগতে অসমীয়া সমাজৰ অগ্ৰগতিৰ স্বাৰ্থত এই কলম অব্যাহত থাকক, এই কলমধাৰী হৈ ৰওক বহু পঢ়ুৱৈৰ বাবে নতুন সৃষ্টিৰ উৎস৷

No comments: