বিদায়, নে লগ পাম দুনাই?
দুৱাৰডলিত
মগজুৱে কথাষাৰ পিটিকি থাকোঁতে
গান্ধীনগৰ
ধুৱাই আছিল তমোময় ৰ’দে
নিশাহৰ দূৰত্বৰ
কায়াটোক লৈ আবেগৰ উজান-ভাটি
হাত শিথিল,
শৰীৰ আটিল
মনৰ পোৰণি,
বাহুৰ কঁপনি
দুবাহু প্ৰসাৰিত হওঁ কি নহওঁতেই
বেৰত ওলমি থকা ছবিখনৰ পৰা ওলাই আহিল অমিতাভ
কৰ্ণপটহত বজ্ৰধ্বনিৰ আঘাত, যি নিৰ্দেশত হতচকিত হৈছিল অংগুলিমাল
সকলোৱেইতো অস্থিৰ৷ সম্পৰ্ক৷ জীৱন৷ আবেগ৷ বিবেক৷ সময়৷
মনৰ স্থিৰতাৰ সূত্ৰও জানো সহজ, হে শুদ্বোধন-তনয়?
কৰুণ ৰ’দৰ মাজেৰেই অৱশেষত ওভতনি যাত্ৰা৷
উত্তৰটো আজিও অনিৰ্ণিত৷ মহাবিশ্বৰ সকলো বিদায়তেই থাকেনে
নেজাল তৰাৰ দৰে প্ৰত্যাৱৰ্তনৰ সহজ সম্ভাৱনা?
No comments:
Post a Comment