Thursday, November 21, 2013

অলপ ‘আত্মবন্দনা’

১৯৯২-৯৩ মানতে The Hindu কাকতত এটা সাক্ষাৎকাৰ পঢ়িছিলো, যিমানদূৰ মনত পৰে ৰাখি থৈছিলো৷ সিদিনা কিবা এটা প্ৰয়োজনত কাকতখন বিচাৰোঁতে পালো জনসাধাৰণৰ এই বাতৰিটো৷ তেতিয়া আমি আছিলো কাকতখনৰ সহযোগী সম্পাদক৷ সাপ্তাহিক পৰিপূৰিকা ‘ইত্যাদি’ সম্পাদনা কৰাৰ লগতে প্ৰথম পৃষ্ঠাক বাদ দি প্ৰায় সকলো পৃষ্ঠাত অন্তিম চকু ফুৰাইছিলো৷ এই বাতৰিটোত পৰিৱেশকে মোৰ নাম দিছিল যদিও মই কাটি দিছিলো৷ কিন্তু ‘ইত্যাদি’ৰ গুৰুত্ব থাকক বুলি, তাতে দেৱব্ৰত দাসে কোৱা কথা বুলি বাতৰিটো প্ৰকাশত অনুমোদন জনাইছিলো৷ বহু বছৰৰ বিৰতিৰ পিছত মোৰ (সম্পাদনাৰ) বিষয়ে তেতিয়া কোৱা কথাষাৰে পুলক যোগালে৷ বাতৰিটো প্ৰকাশ পাইছিল কাকতখনৰ ২০০৫ বৰ্ষৰ ২১ ফেব্ৰুৱাৰী সংখ্যাত৷

No comments: