দিগন্ত ওজা
১৯৯২ চনত ‘অনামিকা’ এলবামৰ মাজেৰে ওলাই আহিছিল জুবিন গাৰ্গ৷ তাৰ আগতেই সংগীতানুৰাগীৰ মাজত জুবিন নামৰ সদ্য-কৈশোৰ উত্তীৰ্ণ যুৱকজনে পৰিচিতি লাভ কৰিলেও ‘অনামিকা’ আছিল জুবিন গাৰ্গৰ সবল আত্মপ্ৰকাশ৷ ইতিপূৰ্বেই জিতুল সোণোৱালকে ধৰি মুষ্টিমেয় দুজনমানে অসমীয়া সংগীতত নতুন সাজ পিন্ধোৱাৰ প্ৰয়াস কৰিলেও ‘অনামিকা’ৰ মাজেৰে অসমীয়া সংগীতে লাভ কৰিছিল এক নতুন মাত্ৰা৷ পৰৱৰ্তীকালত ন ন সম্পৰীক্ষাৰে এই ধাৰাটোৰেই স্ফুৰণ ঘটিল৷ এইক্ষেত্ৰত জুবিনেই লৈছিল বিশিষ্ট ভূমিকা আৰু তাৰেই আনুষ্ঠানিক প্ৰকাশ ঘটিছিল ১৯৯২ চনত৷ সেই অৰ্থত অসমীয়া সংগীতত জুবিন গাৰ্গৰ স্থিতিৰ চলিত বৰ্ষতে ত্ৰিশ বছৰ সম্পূৰ্ণ হৈছে৷ চলিত বৰ্ষতে ত্ৰিশ বছৰত ভৰি থৈছে অসমীয়া সংগীতৰো দুটা শিবিৰে— ‘জুবিনক ভাল পোৱা শিবিৰ’, ‘জুবিনক বেয়া পোৱা শিবিৰ’৷ কিন্তু এই সময়ছোৱাত ‘ভাল পোৱা’ আৰু ‘বেয়া পোৱা’ কাৰণ কিছুমানৰ সংবাদসুলভ পৰিৱেশন কিম্বা উপৰুৱা আলোচনাৰ বাগাড়ম্বৰৰ বাহিৰে জুবিনৰ গীতৰ প্ৰাসংগিকতা বা সীমাৱদ্ধতাৰ বৌদ্ধিক আলোচনা হ’ল কিমান? এই দায়িত্ব আছিল জুবিনক ‘বেয়া পোৱা’ শ্ৰেণীটোৰেই বেছি৷ এই কথা অনস্বীকাৰ্য যে ভূপেন হাজৰিকা-পৰৱৰ্তী অসমীয়া সংগীতৰ জুবিনেই সবাতোকৈ প্ৰভাৱশালী ব্যক্তি৷ এই অৰ্থতো ভাল পোৱা-বেয়া পোৱাৰ ঊৰ্ধলৈ গৈ জুবিনৰ সংগীতৰ বস্তুনিষ্ঠ, গভীৰ আলোচনাৰ অতীব প্ৰয়োজন৷ তীক্ষ্ণধী সমালোচনাই গভীৰ জীৱন বীক্ষা, ব্ৰহ্মাণ্ডভেদী প্ৰসাৰিত ভাৱনা তথা সমাজৰ মৰ্মস্থলৰ সত্যসন্ধানী লক্ষ্যেৰে কেৱল সৃষ্টিকৰ্মত জড়িতসকলকে যে উদ্বুদ্ধ কৰে তেনে নহয়, তেনে সৃষ্টিকৰ্মৰ ৰসগ্ৰাহীসকলকো সমৃদ্ধ–দীক্ষিত কৰে৷ এয়া অসমীয়া সমাজ আৰু সমালোচনা ক্ষেত্ৰৰেই দুৰ্ভাগ্য যে বিপুল জনসমাদৰ লাভ কৰা সত্ত্বেও জুবিনৰ সংগীতক কেন্দ্ৰ কৰি তেনে বৌদ্ধিক-তীক্ষ্ণধী সমালোচনা আজিও বিশেষ হৈ উঠা নাই৷ বিপৰীতে জুবিনৰ জনপ্ৰিয়তাৰ আঁৰত সংগীতৰ বাহিৰৰ ক্ষেত্ৰখনত তেওঁৰ কিছু কৃতকৰ্মক তুচ্চ-তাচ্চিল্য কৰাতেই বিদ্যায়তনিক ক্ষেত্ৰৰ একাংশ মজি ৰ’ল৷ আন এচামে সংগীতৰ এই নব্য জনপ্ৰিয় ধাৰাটোকেই অৱজ্ঞা-উপেক্ষাৰে বৌদ্ধিক দূৰত্বত অৱস্থান কৰিলে৷ প্ৰশ্ন হয় জুবিন বা জুবিনে বাট কটা অসমীয়া জনপ্ৰিয় সংগীত সঁচাকৈয়ে আলোচনাৰ যোগ্য নহয় নেকি?
পাশ্চাত্যত ১৯৬০ৰ দশকৰ পৰা সাংস্কৃতিক, গণ-সম্পৰ্ক আৰু সমাজবিদ্যাৰ বিভিন্ন শাখা-প্ৰশাখাৰ অধ্যয়নৰ ক্ষেত্ৰত জনপ্ৰিয় সংগীত (popular music) এক অপৰিহাৰ্য সমলত পৰিণত হৈছে৷ অৱশ্যে এইটোও ঠিক যে পাশ্চাত্যতো পোনতে জনপ্ৰিয় সংস্কৃতি চৰ্চাৰ প্ৰতি প্ৰজ্ঞাজীৱী (intellectual) সকলৰ সঁহাৰি বা উৎসাহ আছিল সেমেকা৷ এলেন মেককীয়ে তেওঁৰ দ্বাৰা সম্পাদিত বিউটিফুল থিংছ ইন পপুলাৰ কালচাৰৰ পাতনিত তেওঁৰ একালৰ অভিজ্ঞতা বিৱৰি লিখিছে—“অগণন-অভগন লোকে চলচ্চিত্ৰ, টেলিভিছনৰ অনুষ্ঠান, কম্পিউটাৰ গেম, প’ৰ্ণ’গ্ৰাফী, নিম্নৰুচিৰ আলোচনী, পপ সংগীত, হেভী মেটেল, ৰেপ, গ্ৰাম্য আৰু পশ্চিমীয়া (সংগীত), অপৰাধ উপন্যাস, ৰোমান্সকে ধৰি হৰেক ৰকমৰ সংস্কৃতি হজম কৰি আছে— এনেদৰে তেওঁলোকে সেইবোৰৰ ভাল-বেয়া বিচাৰ কৰি আছে, সিদ্ধান্ত লৈছে অমুকটো টী-চাৰ্ট, তমুকখন ষ্টেকব’ৰ্ড বা ভচুকটো ৱেবছাইট ভাল নে বেয়া৷ জনপ্ৰিয় সংস্কৃতি নিতৌ হজম কৰি থকা কথাই জনপ্ৰিয় নৈতিক ব্যৱস্থাক প্ৰভাৱিত কৰিছে৷ তথাপি— আশ্চৰ্যকৰভাৱে— নিজে বাস কৰা সংস্কৃতিক বুজাটো যিসকলে উপলব্ধি কৰি বিশ্লেষণ কৰাৰ দৰকাৰ, সেই প্ৰজ্ঞাজীৱীসকলে এই গাঁঠনিটোৰ বিষয়ে খুউব কমেইহে জানে৷” (McKee: 2007: p2. ভাৱানুবাদ এই লেখকৰ) ইয়াৰ কাৰণো মেককীয়ে ব্যাখ্যা কৰিছে এইদৰে ঃ “এই বিভ্ৰান্তিৰ কাৰণ বুজাটো বিশেষ জটিল নহয়—বহু প্ৰজ্ঞাজীৱীৰ বাবে জনপ্ৰিয় সংস্কৃতি তেওঁলোকৰ সংস্কৃতি নহয়, আৰু তেওঁলোকে এইবিষয়ে বেছি একো নাজানেও৷ থিয়ড’ৰ এড’ৰ্ন’, ষ্টুৱাৰ্ট হল, বা হেৰল্ড ব্লুমে জনপ্ৰিয় সংস্কৃতিৰ বিষয়ে কি কৈছে সেইবিষয়ে তেওঁলোকে (প্ৰজ্ঞাজীৱীসকলে) বহু কথা জানিব পাৰে, পিছে স্বয়ং জনপ্ৰিয় সংস্কৃতিৰ বিষয়ে জানে তেনেই কম৷”
মেককী বৰ্ণিত এই পৰিৱেশ সত্বেও ১৯৬০ৰ দশকৰ পৰা জনপ্ৰিয় সংস্কৃতি সন্দৰ্ভত ইউৰোপ-আমেৰিকা, জাপান-কোৰিয়াত অনেক গৱেষণা সম্পন্ন হৈছে৷ এতিয়া পৰিৱেশ আৰু সলনি হৈছে৷ জনপ্ৰিয় সংস্কৃতিয়ে “স্ক্ৰীনত থিতাপি লৈছে৷ অট’মবাইল উইণ্ডশ্বিল্ড (ব্ৰিটিছ ইংলিছত উইণ্ডস্ক্ৰীন), ম’ভি স্ক্ৰীন, টেলিভিছন স্ক্ৰীন, কম্পিউটাৰ স্ক্ৰীন, আৰু আনকি মবাইলৰ সৰু স্ক্ৰীনত—স্ক্ৰীনেই এতিয়া মধ্যস্থতাকাৰী, জগতৰ খুলিব নোৱাৰা খিৰিকি৷”(Betts: 2004: p.145) আৰু বিশ্বৰ চুকে কোণে প্ৰতি সপ্তাহতে অগণিত সাংগিতিক অনুষ্ঠান পৰিৱেশিত হৈ থকাৰ সময়ত, প্ৰযুক্তিগত বিকাশে বিনোদনক উদ্যোগত পৰিণত কৰাৰ পৰত, অসম মুলুকতো জনপ্ৰিয় সংগীতে নিৰ্বাচনতো প্ৰভাৱ বিস্তাৰ কৰাৰ পৰত, জনপ্ৰিয় সংস্কৃতিৰ বা অধিক পোনপটীয়াকৈ ক’বলৈ গ’লে জনপ্ৰিয় সংগীতৰ চৰ্চাৰ পৰা আঁতৰি থাকিব পাৰি কিদৰে? তাতেই জনপ্ৰিয় সংগীতে প্ৰথমে স্পৰ্শ কৰা শ্ৰেণীটো হৈছে কিশোৰ আৰু মূলতঃ যুৱ-প্ৰজন্ম৷ লক্ষণীয় কথাটো হ’ল এই যুৱ-প্ৰজন্মক দ্বিতীয় মহাসমৰৰ পাছত এটা ‘শক্তি’ বা বিশেষ ‘গোট’ হিচাপে প্ৰতিষ্ঠা কৰাৰ আঁৰতো আছে জনপ্ৰিয় সংগীতৰেই ভূমিকা৷
যুৱ-প্ৰজন্ম সন্দৰ্ভত এই মন্তব্যক কেন্দ্ৰ কৰি মূল প্ৰসংগলৈ যোৱাৰ পূৰ্বে সামান্য ব্যাখ্যাৰ প্ৰয়োজন৷ এ ডিকাৰ্টিছ সম্পাদিত প্ৰেজেণ্ট টেন্স ঃ ৰক এণ্ড ৰ’ল এণ্ড কালচাৰ গ্ৰন্থত ডি শ্বামৱে’ই মন্তব্য কৰিছে যে ১৯৫০ৰ দশক আৰু তাৰ পৰৱৰ্তীকালত চেমনীয়াসকল (টিনেজাৰ) এক গুৰুত্বপূৰ্ণ বজাৰ, অৰ্থাৎ ব্যয়সাধ্য ধনৰ গৰাকী হৈ নুঠা হ’লে যুৱসংস্কৃতিও গঢ় লৈ নুঠিলেইহেঁতেন৷ (Decurtis, A. (ed): 1992: P. 119-20) প্ৰকৃততে দ্বিতীয় মহাসমৰৰ বিভীষিকাৰ অৱসানৰ পাছত ৰণক্ষেত্ৰ হৈ উঠিছিল ৰং-ৰহইচৰ ক্ষেত্ৰ, আতংক ওপজোৱা অগ্নিগোলকৰ ঠাইত আগমন ঘটিল উদযাপনৰ ফুলজাৰিৰ, ৰণৰ সময়ত অন্ধকাৰে আৱৰা মহানগৰী শোভা কৰি উপচি পৰিছিল পোহৰৰ বান৷ (Betts: 2004: p.80) এই সময়ছোৱাত প্ৰযুক্তিগত বিকাশে ভোগবাদী ব্যৱস্থাক পূৰ্বৰ সীমিত মধ্যবিত্তক চেৰাই গৈ খাটিখেৱা শ্ৰেণীৰো সহজসাধ্য কৰি তুলিলে— ৱাশ্চিং মেচিন, মিক্সাৰ, টেইপ ৰেকৰ্ডাৰ আদি প্ৰযুক্তিগত সঁজুলিক ঘৰে-ঘৰোৱাহে উপভোগ্য কৰি তুলিলে৷ ইউৰোপ-আমেৰিকাত এপিনে উদ্যোগ খণ্ডত যুৱ প্ৰজন্মক মকৰলৰ ফলত আৰু আনপিনে গাইগুটীয়া পৰিয়ালত যুৱকসকলে গুৰুত্ব লাভ কৰিলে৷ এণ্ডি বেনেটৰ ভাষাত এনে প্ৰেক্ষাপটতে “যুৱ বজাৰ মুকলি হ’ল৷ উপভোক্তা উদ্যোগসমূহে শীঘ্ৰেই উপলব্ধি কৰিলে যৌৱনদীপ্ত লোকসকলে এক অতি ৰূপায়নসাধ্য, লাভজনক বজাৰ উপহাৰ দিছে আৰু সমান্তৰালভাৱে তেওঁলোকৰ বাবে বিশেষকৈ প্ৰস্তুত কৰা দেধাৰ সামগ্ৰী ওলাবলৈ ধৰিলে৷ এইবোৰৰ মাজত আছিল চৌখিন কাপোৰ, লিপছ্টিক-মাছকাৰাৰ দৰে প্ৰসাধন সামগ্ৰী, আৰু আপেক্ষিকভাৱে নতুন সঁজুলি যেনে প্লাছ্টিক 45rpm (ৰিভলিউচন পাৰ মিনিট) ৰেকৰ্ডছ, ৰেকৰ্ড প্লেয়াৰ আৰু ট্ৰেনজিষ্টৰ ৰেডিঅ’৷” (Bennett: 2001: p.9) বিনোদনৰ বাবে এনেদৰে লাভ কৰা সঁজুলি আৰু সময়ে মহাসমৰোত্তৰ যুৱ-শক্তিক এক নতুন সূত্ৰৰে ঐকবদ্ধ কৰে আৰু সেয়া আছিল ৰক এন ৰ’ল—এণ্ডি বেনেটক পোনপতীয়াকৈ উদ্ধৃত কৰিবলৈ হ’লে—“While all of these commodities played their part in articulating the collective identity of youth, the most significant aspect of post-war youth culture was the music which effectively became its signature tune, rock ‘n’ roll. (Bennett: 2001: p. 10)
ইউৰোপত যুৱ-শক্তিৰ অভ্যুদয় আৰু ৰক ‘এন‘ ৰ’লৰ সম্পৰ্কৰ সৈতে অসমত জুৱিন আৰু তেওঁৰ অনুৰাগী যুৱ-প্ৰজন্মৰ সম্পৰ্কৰ ক্ষীণ সমান্তৰাল টানিব পাৰি নিশ্চয়৷ জুবিনৰ ‘অনামিকা’ মুকলি হৈছিল সেই সময়ত, যেতিয়া ভাৰতে গ্ৰহণ কৰিছে নতুন অৰ্থনৈতিক নীতি—LPG—লিবাৰেলাইজেশ্বন, প্ৰাইভেটাইজেশ্চন, গ্লোবেলাইজেশ্চন৷ জুবিনে এলবাম মুকলি কৰাৰ বাবে আত্মবিশ্বাস লাভ কৰিছিল পাশ্চাত্য সংগীত চৰ্চাৰ মাজেৰে, ১৯৯২ৰ যুৱ মহোৎসৱত পাশ্চাত্য সংগীতত স্বৰ্ণ পদক লাভৰ মাজেৰে৷ (উইকিপিডিয়াৰ তথ্য, সংগ্ৰহ ১৭ জানুৱাৰী, ২০২২) ভাৰতত বিশ্বায়নে ক্ৰমান্বয়ে মুকলি কৰিছিল পাশ্চাত্যৰ সমাজ-সংস্কৃতিত ইতিমধ্যে অভিন্ন অংশ হৈ উঠা আৰু আমাৰ বাবে ইতিপূৰ্বে আচহুৱা অলেখ উপকৰণ৷ আকৰ্ষণীয়, সহজসাধ্য পণ্য, বিনোদনৰ নতুন সঁজুলি আৰু জুবিনৰ গানে একেলগেই হাত ধৰাধৰিকৈ অসমৰ যুৱ-সমাজৰ ওচৰত দেখা দিছিল৷ অসমীয়া থলুৱা সুৰৰ সৈতে পাশ্চাত্য সংগীতৰ সুৰৰ সমন্বয়-সাধনেৰে এই গীতিকাৰ-গায়কজনে ৰোমাণ্টিকতাক পিন্ধোৱা নতুন সাজ নৱ-যৌৱনেৰে উজ্জীৱিতসকলক উদ্বাউল কৰিবৰ বাবেও আছিল যথেষ্ট৷ ‘জোনাক গলা’ ৰাতি ‘মনৰ নিজানত’ ‘প্ৰীতিৰ সুবাস’ বিচাৰি যেতিয়া পালে ‘এন্ধাৰ হ’ব’ নোৱাৰাৰো সংকল্প, তেতিয়াই জুবিন হৈ উঠিল এচাম যুৱকৰ হিয়াৰ আমঠু৷ জুবিনৰ এই অনুৰাগীৰ মাজত লক্ষণীয় হৈ ধৰা দিয়ে লিছা এ লিৱিছ সম্পাদিত দি এড’ৰিং অডিয়েঞ্চ ঃ ফেন কালচাৰ এণ্ড পপুলাৰ মিডিয়া গ্ৰন্থত জ’লি জেনছেনে শ্ৰেণীবিভক্ত কৰা দুয়োবিধ ভক্তক— নিয়ন্ত্ৰণহীন সমষ্টি (hysterical crowd) আৰু আচ্ছন্ন একাকী (obsessed individual) (Lewis: 1992: p.9 ৷ প্ৰসংগতঃ অনুৰাগী সন্দৰ্ভত তেওঁৰ প্ৰবন্ধৰ আৰম্ভনিতেই জেনছেনে কোৱা এই কথাষাৰলৈও ৰসগ্ৰাহী পঢ়ুৱৈয়ে মন কৰিব পাৰে ঃ The fan is consistently characterized (referencing the term’s origins) as a potential fanatic. This means that fandom is seen as excessive, bordering on deranged, behavior.) এইসকল অনুৰাগীক গানেৰে মুগ্ধ কৰাই নহয়, বহুদূৰলৈ প্ৰভাৱিতও কৰি ৰাখিছে জুবিন গাৰ্গে৷ কেৱল কণ্ঠৰ যাদুৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰাই নহয়, অনুজ বহু অসমীয়া সংগীত-শিল্পীৰো তেওঁ মাৰ্গ দৰ্শন কৰাইছে৷
সেইবাবেই প্ৰশ্ন উঠে, সংগীতৰ সাধনাৰে প্ৰভাৱশালী হৈ উঠা জুবিন গাৰ্গৰ সাংগীতিক বৈশিষ্ট্য আৰু বৈবিধ্যক কেন্দ্ৰ কৰি বৌদ্ধিক বিচাৰ কৰাত সংগীত তথা গীতি-সাহিত্যৰ বিদ্যায়তনিক ক্ষেত্ৰখনে প্ৰদৰ্শন কৰা শুচিবায়ুগ্ৰস্ততা সমসাময়িক অসমীয়া সামাজিক কেৰোণৰে আন এটা উদাহৰণ হৈ নৰয়তো? জুবিন গাৰ্গে কেৱলতো অসমীয়া আধুনিক গীতকেই নতুন সাজ পিন্ধোৱা নাই, পৰিৱেশন কৰি আহিছে অলেখ কামৰূপী-গোৱালপৰীয়া লোকগীত, শতাধিক টোকাৰী গীত, সহস্ৰাধিক বিহুগীত৷ গীতৰ এনে যিকেনো এটা শাখাৰ চৰ্চাকাৰী হিচাপেই য’ত বৌদ্ধিক ক্ষেত্ৰত বিভিন্নজনৰ চৰ্চা কৰা বা মান্যতা হয়, তেনেস্থলত সংগীতৰ বহুধাবিভক্ত ক্ষেত্ৰৰ এইজন সাধকৰ প্ৰতি বিদ্যায়তনিক ক্ষেত্ৰখনৰ অমনোযোগিতা আৰু ইচ্ছাকৃত উদাসীনতাৰ ব্যাখ্যা আমি হয়তো পামগৈ ইতিপূৰ্বে উল্লেখ কৰি অহা এলেন মেককীৰ কথাতেই৷ ই অৱশেষত জনপ্ৰিয় সংগীতৰ গৱেষণা-অধ্যয়নৰ সন্দৰ্ভত যেন আমাৰ বিদ্বৎ সমাজৰ অজ্ঞতা-অক্ষমতাৰেই প্ৰকাশ৷ অথচ সাম্প্ৰতিক অসমীয়া সমাজখনৰ গতিগোত্ৰ উপলব্ধি কৰিবলৈও অসমীয়া যুৱ-মনটোক বুজিব লাগিব, সেই যুব-মনক আচ্ছন্ন কৰি ৰখা জনপ্ৰিয় সংস্কৃতিক পৰিমণ্ডলটোৰ কাষ চাপিবই লাগিব৷ আমোদজনকভাৱে জুবিনৰ অনুৰাগীৰ জেনছেন বৰ্ণিত ‘নিয়ন্ত্ৰণহীন সমষ্টি’ (hysterical crowd)ৰ আদৱ-কায়দাৰ বাবে বৌদ্ধিক মহলৰ এচামে জুৱিনৰ নেতৃত্বক দোষাৰোপ কৰাই পৰিলক্ষিত হয়৷ তাৰ আঁৰতো ক্ৰিয়াশীল বিশ্বায়নে আগমন ঘটোৱা জনপ্ৰিয় সংস্কৃতিৰ প্ৰতি একধৰণৰ অৱজ্ঞা-অজ্ঞতা৷ গছৰ তলৰ পৰা প্ৰেম নিৱেদনে ইণ্টাৰনেটত স্থান পাইছে, মুখামুখি বক্তব্যৰ স্থান লৈছে মবাইলৰ ভিডিঅ’-বাৰ্তালাপে, বজাৰ-সমাৰ, আনকি যৌনতাৰো বিনিময় ঘটে ইণ্টাৰনেটত, ঢেঁকীৰ চিৰা-কোমল চাউলতকৈ পিজ্জা-বাৰ্গাৰৰ প্ৰতি মধ্য বয়স্কৰো বাঢ়িছে আসক্তি,-- আৰু এইবোৰৰ সংবাদসুলভ পৰিৱেশনৰ বাহিৰে গভীৰ বিশ্লেষণ য’ত উপেক্ষিত-- বিগত শতিকাৰ আশীৰ দশকৰ মূল্যবোধেৰে এইবোৰক লৈ চলি থকা সামাজিক বিচাৰ অৱশেষত জনপ্ৰিয় সংস্কৃতিৰ মননশীল বিচাৰ নোহোৱাৰ পৰিণতিৰেই নামান্তৰ৷ ইয়াৰ মাজতে বিশ্বায়ন-উত্তৰ পৰিৱৰ্তিত মূল্যবোধ আৰু চেতনাই ৰাজনীতিও গ্ৰাস কৰিছে ইতিমধ্যে৷ ১৯৮০ৰ দুৱাৰডলিৰ পৰা আঁতৰি আহি সামাজিক চেতনাৰে জড়িত বিষয়সমূহৰ বিচাৰ এই পথতে হ’ব লাগিব, আৰু সেই অৰ্থতো সৰ্বাগ্ৰে জনপ্ৰিয় সাংস্কৃতিক উপকৰণেৰে আৱৰা আজিৰ যুৱ-প্ৰজন্মক এটা দূৰলৈ মন্ত্ৰমুগ্ধ কৰি ৰখা জুবিন গাৰ্গৰ দৰে শিল্পীৰ বৌদ্ধিক বিচাৰ হোৱাৰ প্ৰয়োজন৷ একেদৰে বিগত শতিকাৰ অন্তিম দশকৰপৰা অসমৰ সমাজ জীৱনলৈ অহা পৰিৱৰ্তনসমূহৰ লগতো জুবিনৰ সাযুজ্যতাৰ বিশ্লেষণৰ থল থাকে৷ জুবিনকেন্দ্ৰিক শ্ৰেণীবিভক্ত সমাজৰ পৰা বিদ্বান-গৱেষকে উপযুক্ত সময়ত এনে অন্বেষণ কৰাহেঁতেন বিগত তিনিটা দশকৰ জুবিন গাৰ্গক হয়তো বৰ্তমানতকৈও দীক্ষিত-সমৃদ্ধ ৰূপতেই অসমীয়া সমাজখনে লাভ কৰিলেহেঁতেন৷ সংগীতক্ষেত্ৰৰ বাহিৰৰ যিবোৰ কৃতকৰ্মৰ বাবে এইগৰাকী শিল্পীক ককৰ্থনা কৰা হয়, সেয়া কৰবাত বৌদ্ধিক সমাজৰ অনীহাৰেই পৰিণতি নহয়তো? কোৱা হয়, অভিভাৱকহীন হ’লেই সন্তান তথা সমাজ বিপথগামী হয়৷ উনবিংশ শতিকাৰ মাজভাগতে হেনৰী ডেভিড থৰোৱে সকীয়াই দিছিল যে বাৰ্ধক্য যৌৱনতকৈ ভাল শিক্ষক নহয়, কাৰণ বাৰ্ধক্যই যিমান পালে তাতকৈ বেছি হেৰুৱালে৷ ‘যৌৱন’ক বাট দেখুওৱাৰ দায়িত্ব ‘বাৰ্ধক্য’ই ল’ব লাগিব সঁচা, তাকে হ’ব লাগিব ‘যৌৱন’ক উপলব্ধিৰ মাজেৰে— ককৰ্থনা-নিন্দাৰে নহয়৷
টোকা ঃ
১) পূৰ্বৰ এটা লেখাতে আমি উল্লেখ কৰিছিলোঁ যে “গীতৰ সৈতে আমাৰ সম্পৰ্ক কেৱল শ্ৰোতাৰ আৰু ভাল লগা কথাংশৰ মনতে পাগুলনি তুলি থকাৰহে ৷” (https://manimugdha.blogspot.com/2022/01/blog-post_8.html) গীতৰ আঁৰৰ নিৰ্মিতি উপলব্ধি কৰাৰ লেশমানো যোগ্যতা আমাৰ নাই৷ সমাজ বিজ্ঞানৰ এগৰাকী অনুৰাগী আৰু অন্বেষক হিচাপে সামাজিক ৰূপান্তৰৰ ক্ষেত্ৰত জনপ্ৰিয় সংস্কৃতিয়ে লোৱা ভূমিকা উপলদ্ধিৰ প্ৰয়াসেৰে দুবছৰমানপৰা পঢ়া কিছুসংখ্যক কিতাপে আমাৰ মনত ওপজোৱা জুবিনকেন্দ্ৰিক ভাৱনাৰ ফলতহে এই লেখাৰ সৃষ্টি৷ এই লেখাত তেনে দুখনমান কিতাপৰ উল্লেখ আছে৷
২) popular musicক অসমীয়াত জন-সংগীত বুলিও ক’ব পাৰি নেকি, তেনে ভাৱনা এটাও আমাৰ মনলৈ আহিছিল৷ পিছে জন-সংগীতে ‘গণ-সংগীত’ বা mass musicৰ সৈতে বেমেজালি সৃষ্টি কৰাৰ শংকাতে এই লেখাত জনপ্ৰিয় সংগীত বুলিয়েই উল্লেখ কৰা হৈছে৷
২) এই লেখা সামৰাৰ সময়তে ব্যক্তিগত আলাপত শান্তনু ৰৌমুৰীয়াই জনোৱা মতে জুবিন গাৰ্গৰ গীতৰ সন্দৰ্ভত সমুদ্ৰ কাজল শইকীয়াই এক বৌদ্ধিক বিশ্লেষণ আগবঢ়াইছে৷ একেদৰে, সঞ্জীৱ পল ডেকাই জনাইছে যে আমাৰ অসম কাকতত অংকুৰ তামুলী ফুকনেও এটা মননশীল আলোচনা কৰিছিল৷ উক্ত লেখা দুটাও আমাৰ লেখাৰ প্ৰসংগতে আগ্ৰহীসকলে পঢ়ি চাব নিশ্চয়৷ আমিও শইকীয়াৰ আৰু তামুলী ফুকনৰ বিশ্লেষণ শীঘ্ৰেই পঢ়াৰ আশা ৰাখিছোঁ৷
গ্ৰন্থপঞ্জী ঃ
1. Bennett, Andy. 2001. Cultures of Popular Music. New York. Open University Press.
2. Betts, Raymond F. 2004. A History of Popular Culture: More of Everything, Faster and Brighter. New York. Routledge. E-book.
3. Decurtis, A. (ed). 1992. Present Tense: Rock and Roll Culture. Durham. Duke University Press. pdf
4. Lewis, Lisa A. (ed.) 1992. The Adoring Audience: Fan Culture and Popular Media. London. Routledge. E-book.
5. McKee, Alan. (ed.) 2007. Beautiful Things in Popular Culture. Malden, USA. Blackwell Publishing.
6 comments:
সুন্দৰ মনোগ্রাহী, ভবা-চিন্তাৰ নতুন অৱকাশ পাইছো।
মন্তব্যৰ বাবে ধন্যবাদ৷
বিদ্যায়তনিক আৰু প্ৰজ্ঞাজীৱি মহলৰ অৱজ্ঞাৰ কথা যে কোৱা হ'ল, তাৰ অন্যতম উদাহৰণ হৈছে আকাশবাণী গুৱাহাটী। জুবিন গাৰ্গৰ বহু গান, চিডি আকাশবাণী গুৱাহাটীত নাই। জুবিন গাৰ্গৰ পৰিৱেশকে সেই সময়ত আকাশবাণীৰত দিয়া নাছিল, ঠিক আছে। কিন্তু, হিন্দী চিনেমাৰ চিডি বজাৰৰ পৰা ক্ৰয় কৰি অনাৰ দৰে জুবিন গাৰ্গৰ কণ্ঠসমৃদ্ধ চিনেমা বা এলবামৰ গানবোৰ সংগ্ৰহ নকৰাৰ অন্তৰালত এই ব্যাখ্যাই ঠিয় দিয়ে। তাৰ বিপৰীতে অঙ্গৰাগ মহন্তৰ গানবোৰ আছে। তেখেতৰ পিতৃ খগেন মহন্ত নোহোৱা হ'লে হয়তো তেখেতো এই প্ৰজ্ঞা বৈষম্যৰ বলি হ'লহেঁতেন। আজি লিখক মহোদয়ে মুনিন বৰুৱাৰ চিনেমা বা এন.কে. প্ৰডাক্সনৰ মন ছিৰিজৰ গান অনুৰোধ কৰি আকাশবাণীলৈ চিঠি/বাৰ্তা পঠিয়াওক, আকাশবাণীয়ে বজাব নোৱাৰে। কাৰণ, সংগ্ৰহ নাই।
আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ৷
দাদা । এনে সুন্দৰ বিশ্লেষণ আৰু তথ্য সমৃদ্ধ লিখনিৰ বাবে আপোনাক ধন্যবাদ জনালো। জুবিনৰ সৃষ্টিৰাজীৰ সঠিক মূল্যায়নৰ অভাব আমিও বাৰুকৈয়ে অনুভৱ কৰি আছো। এতিয়া সময় হল তেওৰ অবদানৰ প্ৰকিত মৰ্যাদা দিয়াৰ।
বহুত ধন্যবাদ ৰবছন৷
Post a Comment