Tuesday, October 05, 2021

প্ৰদীপৰ কথাৰে

 আমি তেতিয়া অষ্টম মানলৈ উঠিছোঁ মাত্ৰ৷ এদিন সহপাঠীৰ মাজত দেখিলোঁ এখন নতুন মুখ৷ কিছু ইতস্ততঃ ভাবেৰে বহি থাকিলেও মুখখনত কোমলতা আৰু ইষৎ হাঁহিৰ ৰেঙণি৷ প্ৰথম দৃষ্টিতে আকৰ্ষণ কৰিব পৰা ল’ৰাজনৰ সৈতে নিজেই চিনাকি হ’লোঁ৷ লাওদলনিত ঘৰ, ইমান দিনে ওচৰৰে খৰাশিমলু হাইস্কুলত পঢ়িছিল, এতিয়া আহিছে আমাৰ চাৰিআলি একাডেমিলৈ৷ সেইদিনাৰ পৰাই প্ৰদীপৰ— প্ৰদীপ দৈমাৰীৰ সৈতে আমাৰ দুজনমানৰ ঘনিষ্ঠতা বাঢ়িল৷ বিদ্যালয়ৰ কাষতে ঘৰ হোৱাৰ সূত্ৰে নিৰঞ্জন আৰু মই দুপৰীয়াৰ বিৰতিত নিজৰ নিজৰ ঘৰলৈ যাওঁতে প্ৰদীপো মাজে মাজে লগ হ’ল— নিৰঞ্জনৰ ঘৰত কেতিয়াবা ভাত খায়ো অহা হ’ল৷

শিক্ষকৰ মৰম আৰু সহপাঠীৰ সহৃদ্যতাৰে ডাঙৰ হোৱা সেই পৰিৱেশতে আমি এদিন হাইস্কুল শিক্ষান্তৰ দেওনা পাৰ হৈ দিশে দিশে ঢাপলি মেলিলোঁ৷ কোনোবাই বিজ্ঞান শাখাত, কোনোবাই কলা শাখাত, কোনোবাই মহাবিদ্যালয়ত, কোনোবাই উচ্চতৰ মাধ্যমিকত, কোনোবাই বিশ্বনাথ এৰি আন ঠাইলৈ পঢ়িবলৈ যোৱাৰ বাবে আগৰ সঘন সান্নিধ্যত যতি পৰিল৷ প্ৰদীপৰ ঘৰ আমাৰ পৰা নিলগত থকাৰ কাৰণে লগালগি নোহোৱাই হ’ল৷ কিন্তু প্ৰাণখোলা হাঁহিৰ ফুলজাৰিটো পাহৰিব পাৰিনে? প্ৰাণৰ বান্ধৈ নিৰঞ্জনক বা বসন্তক মাজে মাজে সোধোঁ প্ৰদীপৰ বতৰা৷ তেনেকৈয়ে জানিছিলো প্ৰদীপে আয়ুৰ্বেদিক কলেজত নাম লগোৱাৰ কথা৷ ব্যক্তিগত কাৰণত আয়ুৰ্বিজ্ঞানৰ শিক্ষা আধাখনীয়া কৰি বি এছ চি পঢ়াৰ কথা৷ আৰু এদিন আচম্বিতে পল্টন বজাৰতে হৈছিল দেখা৷ কিন্তু যোৰহাটমুখী গাড়ীত উঠিবলৈ মোৰ বাবে ইমানেই সময়ৰ নাটনি হৈছিল যে সামান্য বাৰ্তালাপ কৰাৰো অৱকাশ তেতিয়া নাছিল৷

সেই প্ৰদীপক দুবছৰমানৰ পূৰ্বে বিশ্বনাথতে লগ পাইছিলোঁ৷ ৰাস চাবলৈ গৈ গম পালোঁ, আৰক্ষীত চাকৰি কৰা প্ৰদীপৰ পোষ্টিং তেতিয়া বিশ্বনাথত৷ ফোন কৰাৰ লগে লগে প্ৰদীপো মোৰ কাষ পালেহি৷ মধুৰ আলিংগনৰ পাছত কথাৰ জীয়াভৰলী৷

এইবাৰ বিশ্বনাথলৈ যাওঁতে যোৱা ২ অক্টোবৰত নিৰঞ্জন-বসন্ত সহিতে প্ৰদীপ দৈমাৰীৰ ঘৰ ওলালোগৈ৷ আমাক পাই প্ৰদীপৰ কেনে হৰ্ষ-উচ্ছাস! আমি আগতীয়াকৈ জনা নাছিলো যে সেইদিনা তেওঁৰ একমাত্ৰ সন্তানৰ ওপজা দিন৷ প্ৰদীপক মই প্ৰথম লগ পাওঁতে আমি অষ্টম মানৰ ছাত্ৰ৷ ঘটনাক্ৰমে তেওঁৰ সন্তানক মই প্ৰথম লগ পাওঁতেও বন্ধু-পুত্ৰ ক্লাছ এইটৰে ছাত্ৰ৷ বন্ধু-পুত্ৰ বাথৌছাক দিবলৈ মোৰ আশীৰ্বাদৰ বাদে একো নাছিল৷ ওলাই আহিল দখনা পৰিহিতা বন্ধু-পত্নী, হাইস্কুলৰ শিক্ষয়িত্ৰী মীৰা৷ গুৱাহাটীৰ পৰিৱেশত ডাঙৰ হোৱা ছোৱালী মীৰা ৰামছিয়াৰী৷ চাকৰিৰ মাজতো প্ৰদীপে খেতিখোলাত ধৰিছে—ধাননি, চাহনি, তামোলবাৰীকে ধৰি অনেক দায়-দায়িত্বত মীৰাই কৰি গৈছে আন্তৰিক সহযোগ৷ গৃহস্থৰ বন্ধুসকলৰ প্ৰতিও তেওঁৰ কেনে আগ্ৰহ৷ আৰু প্ৰদীপ? আমাক আতিথ্য দিয়াৰ বাবেই সন্তানৰ ওপজা দিনৰ মাজতো দিনটো ব্যস্ত হৈ থাকিল বিভিন্ন আয়োজনত৷ মেজ ভৰিল বিভিন্ন উপাচাৰেৰে, খাবলৈ অনৰ্থক জোৰ-জবৰদস্তি নাই—ইয়াতকৈ নিবিৰ আন্তৰিকতা আন কি থাকিব পাৰে! তেওঁৰ দৈনন্দিন জীৱনত আমাৰ কোনো ভূমিকা নাই, তেওঁৰ সংসাৰত কেতিয়াও হয়তো আমাৰ কোনো প্ৰয়োজন নহ’ব, অথচ আমাক কেন্দ্ৰ কৰি ইমান আদৰ-আব্দাৰ!

সেই প্ৰাণৱন্ত পৰিৱেশৰ সুবাস বুকুত বৈ জোনাকী পৰুৱাৰ তিৰবিৰণিৰ মাজেৰে ওভতাৰ পৰত আমাৰ অনুভৱৰ জগতত মাথোঁ দোলা দি ৰ’ল বন্ধুত্বৰ সংজ্ঞাৰ গভীৰতা৷ তেজৰ সম্পৰ্কৰ উৰ্ধৰ আত্মীয়তাৰ বিশালতা৷

@Diganta Oza.

Contact at  <digantadiganta@gmail.com>

2 comments:

Anonymous said...

পঢ়িলো! আহ্লাদিত হ'লোঁ।

Anonymous said...

পঢ়িলোঁ। ভাল লাগিল।
-জয়ন্ত শৰ্মা