Monday, September 28, 2020

On Navakanta Barua

 নৱকান্ত স্মৰণ

(যদিও মৃত্যুতকৈ ওপজা দিনৰ সোঁৱৰণহে আছিল ন.কা.ব.ৰ কাম্য)

(১)
মোৰ বাবে তেওঁ মহাদ্ৰুম৷ আন কোনো অসমীয়া কবিৰ সান্নিধ্যত মই নাপালোঁ মেধা, মনীষা, কৌতুকবোধৰ এনে অপূৰ্ব অন্বয়৷ মই গৌৰৱশালী তেওঁৰ বহু ঘৰুৱা মেলৰ অংশীদাৰৰে৷ মই সমৃদ্ধিশালী তেওঁৰ চেনেহ পৰশেৰে৷ কেতিয়াবা পুৱা পাইপ হুপি হুপি ফুলনিত জাৰিৰে পানী দি থকাৰ পৰত, আন কেতিয়াবা আবেলি উপস্থিত হৈছিলোঁ তেখেতৰ ঘৰত৷ পাইলছ ৰোগীৰ পথ্য আঁৰি মাছৰ পৰা কড়ি খেললৈ, পদ্যৰ পৰা অনুবাদলৈ কথাই কেঁকুৰি লৈছিল৷ সেই কথাত উঠি আহিছিল "মৰি যোৱা শতাব্দীবোৰৰ দেহ৷" তেওঁ বক্তা, অভিজ্ঞানৰ৷ মই শ্ৰোতা, সময়ৰ৷ তেওঁ যে নৱকান্ত! ব্যংগ, বিদ্ৰূপ, অহংকাৰৰ সমতুল সত্তা৷

(২)
নৱকান্ত প্ৰেমিক, পৃথিৱীৰ৷ নৱকান্ত প্ৰেমিক, সময়ৰ৷ নৱকান্ত প্ৰেমিক, জ্ঞানৰ৷ বৌদ্ধ হ’বলৈ এদিন তেওঁ ঘৰ এৰি ওলাই গৈছিল৷ শাসনবংশই আশ্বাস দিছিল, আপুনি গৃহী হৈও বৌদ্ধ হ’ব পাৰিব৷ এনেদৰে উভতি আহিছিল "তামোলৰ পিক সনা আইতাৰ জধলা চুমাত" শান্তি বিচাৰি বোধিদ্ৰুমৰ খৰি বুটলিবলৈ৷ উপলব্ধি কৰিলে সেই সত্য-- "আমাৰ দুখৰ দীপ্তিত জ্বলে তোমাৰ জ্ঞানৰ দীপ"৷ আৰু বুদ্ধৰ নিৰীশ্বৰবাদী সত্য সন্ধানী পথ হৈ উঠিল তেওঁৰ স্বপ্ন- সত্তা- বৰ্তমান- অহংকাৰ, সৰ্বোপৰি অলংকাৰ৷ তেওঁ আৰম্ভ কৰিলে অসমত বৌদ্ধধৰ্মৰ ইতিহাসৰো চৰ্চা৷ ১৯৯১ৰ ৩০ অক্টোবৰত মাদ্ৰাজৰ (চেন্নাই) এছীয় অধ্যয়ন সংস্থাৰ অধিৱেশনত ক’লেগৈ, “Buddha, the speaker of plain truths was dubbed a heretic or worse, a false prophet by orthodox Brahminism and by the later Vaisnavite revival in Assam as elsewhere... With his second coming after the British conquest, Buddha unobstrusively entered the history text book with all scholastic blessings.” আৰু এই পথতেই ৰচিত হৈছিলগৈ নৱকান্তৰ সেই কবিতা--বুদ্ধক যেতিয়া মোৰ মৃতদেহে লগ পালে-- যিটো কবিতাৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ ভাষণত বৰুৱাই কৈছিলঃ “I feel tempted to quote another fragment of a poem of mine as documentation of my state of emotional limbo.” (এই ভাষণটোৰ লগতে ৪ দিনীয়া সেই অধিৱেশনত বিভিন্ন গৱেষক-বিদ্বানে প্ৰদান কৰা বক্তৃতাসমূহৰ এটা সংকলন মোক তেওঁ নিজ হাতে প্ৰদান কৰিছিল উপহাৰ হিচাপে৷ যিটো মোৰ এতিয়াও সাঁচতীয়া সম্পদ৷)

(৩)
খং দেখিছিলো নৱকান্তৰ৷ মই দেখা খঙৰো যুক্তি আছিল৷ অহংকাৰো আছিল তেওঁৰ অলংকাৰ৷ আজিৰ প্ৰেক্ষাপটত এনে বহুবোৰ কথাই সূচনা কৰিব পাৰে দ্ব্যৰ্থকতাৰ৷ কাৰোবাৰ প্ৰতি ওপজাব পাৰে বিৰূপ মনোভাৱ৷ সেইবোৰ উল্লেখ কৰিবলৈ ব্যাখ্যা লাগিব৷ অসন্তুষ্ট লেখকে সদ্য-প্ৰকাশিত কিতাপ প্ৰকাশকৰ ওচৰত ফালি পেলোৱাৰ নিদৰ্শন আছিল নৱকান্তৰ৷ নিজৰ বিষয়ে মস্কৰা কৰা নৱকান্তৰ আন ৰূপো মোৰ বাবে স্মৰণীয়, সদায়৷ তাৰ আঁৰৰ যুক্তিৰ বিচাৰ মই কৰিছোঁ৷ নৱকান্তৰ সান্নিধ্যই সেয়ে মোক কৰি তুলিছে তেওঁৰ আমৰণ গুণগ্ৰাহী৷ দুৰ্ভাগ্য, আন কোনো অসমীয়া কবিক মোৰ মানসপটত নৱকান্তৰ স্থানত বহুৱাবলৈ মই অপাৰগ৷ সেইবাবেই মই তেওঁৰ সাহিত্যৰ মূল্যায়ন কৰাৰ পৰা নিজকে নিলগাই ৰাখিছোঁ৷

গুণগ্ৰাহী হৈতো আৰু সমালোচনা কৰা নাযায়!

অ-ভূতপূৰ্ব কবিলৈ (তেওঁ কৈছিল, ’ভূতপূৰ্ব’ বুলি যাতে নকয়, তাৰবাবেই মই লেখি আছোঁ, আৰু সেইবাবেই মই ’অ-ভূতপূৰ্ব’) আজিৰ দিনটোত যাচিলোঁ শ্ৰদ্ধাৰ্ঘ্য৷


originaly posted in facebook on July 14, 2020. here is the link-

https://www.facebook.com/story.php?story_fbid=10214205871098991&id=1780994328

No comments: