দেশৰ স্বাধীনতাৰ ইতিহাসত অসমৰ বিশিষ্টতাৰ উল্লেখ আজিও সন্তুষ্টিদায়ক নহয়৷ গমধৰ কোঁৱৰ, দুই পিয়লী বা মণিৰাম দূৰৰে কথা, গণবিপ্লৱ আখ্যা পোৱা ৪২ৰ ৰণত আহুতি দিয়া সৈনিকসকলৰ নাম-ভূমিকাও প্ৰায় আমাৰ ৰাজ্যৰ সীমাতে আৱদ্ধ ৷ আমিয়েইবা এইসকল লোকক জানো কিমান? অথচ এইসকলৰ ত্যাগ আৰু কৰ্মক বাদ দি স্বাধীনতা ৰণৰ আখ্যান যিদৰে আধৰুৱা, তাৰ মহত্ত্বয়ো আমাৰ মনত সাৰ্থক অৰ্থত জোকাৰণি তুলিব নোৱাৰে ৷ সুখৰ কথা, এনে প্ৰেক্ষাপটতে সম্প্ৰতি প্ৰকাশ পাইছে নাট্যকাৰ ভূপেন গোস্বামীৰ গৱেষণামূলক নাটক কুশল কোঁৱৰ ৷
ঐতিহাসিক ব্যক্তি আৰু ঐতিহ্য সন্ধানৰ পথত জটিল সমস্যা হ’ল এনে প্ৰক্ৰিয়াত বহু সময়ত অন্ধ প্ৰেম আৰু আনুগত্যই মূৰ দাঙি উঠে ৷ অন্বেষক নিৰ্মোহ হ’ব নোৱাৰিলে ইতিহাসো যে বিকৃত হয়, তাৰ অনেক উদাহৰণ আমাৰ মাজত আছে ৷ হেৰোৱা অতীত নে অনাগত প্ৰজন্ম--- কাৰ ওচৰত অন্বেষক দায়বদ্ধ হৈ ৰ’ব, তাৰ ওপৰতে তেওঁৰ কৃতকৰ্মৰ প্ৰকৃত মূল্য নিৰ্ভৰশীল ৷ গোস্বামীয়ে তেওঁৰ গ্ৰন্থৰ ’নেপথ্য’ত পঢ়ুৱৈক জনাই দিছে যে এই নাটক ৰচনাত আছে আবেগৰেই অনুৰণন ৷ নিজৰ অৱস্থান তেওঁ এইবুলিও স্পষ্ট কৰি থৈছে যে "সময়ৰ আহ্বানত মানহে যুক্তিতকৈ আৱেগক প্ৰাধান্য দিযে কেতিয়াবা ৷... আৱেগৰ ওচৰত কেতিয়াবা যুক্তিয়েও হাৰ মানে৷" অৰ্থাৎ এই নাটকৰ মাজেৰে আমি কুশল কোঁৱৰৰ নিৰ্ভৰযোগ্য জীৱনকথা বিচৰাটো হ’ব ভুল ৷ তাৰ মাজতো তথ্য আৰু সমলৰ সন্ধানত যথেষ্ট পৰিশ্ৰম কৰি কল্পনা আৰু সত্যৰ সংমিশ্ৰণেৰে নাট্যকাৰে যুগুতোৱা এই গ্ৰন্থত ফুটি উঠিছে আমাৰ জনজীৱনত লীন হৈ থকা কুশলৰেই প্ৰতিমূৰ্তি ৷ এক কথাত কুশল কোঁৱৰ হৈছে চক্ৰান্ত আৰু প্ৰতাৰণাৰ বলি হোৱা অহিংসাৰ পূজাৰীগৰাকীৰ নিৰ্মল ব্যক্তিত্বৰ পৰিশ্ৰমী প্ৰকাশ ৷ ইয়াত থকা মৌজাদাৰ, গাঁওবুঢ়া, পুলিন-- চক্ৰান্ত আৰু প্ৰতাৰণাৰ এই চৰিত্ৰবোৰ সকলো সমাজৰ সকলো কালৰে প্ৰতিনিধি ৷ মানৱ চৰিত্ৰৰ চিৰাচৰিত বৈচিত্ৰ্যৰ এইখন সমাজতে ৰহমত, সোণাৰামৰ দৰে উদাৰ লোকো আছে ৷ কুশলৰ পিতৃ সোণাৰাম আৰু ৰহমতৰ বন্ধুত্ব সাতামপুৰুষীয়া অসমীয়া সমাজৰ সম্প্ৰীতিৰো নিদৰ্শন৷ এই সমাজখন আৰু ৪২ৰ গণ জাগৰণৰ বৈচিত্ৰ্যময় দিশেই নাটকখনৰ আধাৰ৷ দৃশ্যতঃ কেন্দ্ৰীয় চৰিত্ৰ হ’লেও কুশল নাটকখনৰ আধেয়হে ৷ কুশলৰ জীৱনাদৰ্শ আৰু স্বদেশানুৰাগ তুলি ধৰাই নাট্যকাৰৰ লক্ষ্য ৷ এইক্ষেত্ৰত পঢ়ুৱৈৰ ওচৰত ভূপেন গোস্বামীয়ে সফলতা দাবী কৰিব পাৰে ৷
নাটকৰ পঢ়ুৱৈ-- কথাষাৰ অৱশ্যেই আহুকলীয়া৷ কেনেথ পিকাৰিঙে How to Study Modern Drama গ্ৰন্থত সকীয়ায়ো থৈছে যে When you are studying any form of drama you must be constantly aware that a 'play' really only exists when it is performed. কিন্তু পিকাৰিঙেই আমাক সোৱৰাই দিছে যে (নাটকৰ) পঠনৰ সময়ত সম্ভাব্য পৰিৱেশন মনটোতেই ৰূপায়িত হৈ থাকে৷ এইখিনিতেই আহে সংলাপৰ গুৰুত্ব ৷
অৱশ্যে এইটোও ঠিক যে সংলাপ আৰু পৰিৱেশনৰ আন্তঃসম্পৰ্কক আধুনিক নাট্য সাহিত্যৰ সমালোচকে আগৰ দৰে মূল্যায়ন কৰিব নোখোজে ৷ মূকাভিনয়ৰ কথা বাদ দিও (পিকাৰিঙৰ কথা ধাৰ কৰি ক’বলৈ গ’লে) এণ্টনী শ্বেফাৰৰ মাৰ্ডাৰাৰৰ দৰে আধুনিক বহু নাটকত দীৰ্ঘ সময় অতিবাহিত হয় সংলাপহীন পৰিৱেশনৰে৷ জনাথন কালপেপাৰ প্ৰভৃতি সমালোচকৰ ধাৰণা, কথ্য ভাষা ব্যৱহাৰ কৰাৰ বাবেই নাটকৰ সংলাপক দীৰ্ঘদিনে সাহিত্যৰ ভাষা বুলি গণ্য কৰা হোৱা নাই ৷ কিন্তু তাতো সমস্যা আছে৷ শ্বেইক্সপীয়েৰে ব্যৱহাৰ কৰা কাব্যিক ভাষাক নব্য সমালোচনাই dramatic poems বুলি অভিহিত কৰিছে ৷ তথাপি আমাৰ বাবে এতিয়াও সংলাপ নাটকৰ অন্যতম শক্তি৷ কুশল কোঁৱৰ নাটকত পৰিস্থিতি আৰু চৰিত্ৰৰ ভিন্নতা অনুসৰি সংলাপ চয়নত নাট্যকাৰে নিষ্ঠা আৰু শ্ৰমৰ পৰিচয় দাঙি ধৰিছে ৷ অনুভৱ হয়, ৭০ বছৰৰ আগৰ গোলাঘাটৰ কথ্য ভাষাৰ পৰিচয় দিবলৈও গোস্বামীয়ে একধৰণৰ চেষ্টা কৰিছে ৷
ভূপেন গোস্বামীৰ নাটক কুশল কোঁৱৰ অকালতে মৃত্যুবৰণ কৰা স্বাধীনতা সংগ্ৰামী এগৰাকীৰ পূৰ্ণ জীৱন কথা নহয়-- কিন্তু কুশলৰ ত্যাগ বুজিবলৈ এই নাটক যে সহায়ক হ’ব, নাটকখনৰ পঠনে তেনে ধাৰণা দিয়ে৷ কেৱল স্বাধীনতা সংগ্ৰামীগৰাকীক তুলি ধৰাই নহয়-- মানৱীয় প্ৰেম, হিংসা, সংহতিৰ মাজেৰে নাট্যকাৰে দাঙি ধৰিছে অসমৰো এক সময়খণ্ড ৷ জাতীয় আৰু ধৰ্মীয় সংহতিলৈ প্ৰত্যাহ্বান অহাৰ এই পৰত কুশল কোঁৱৰৰ চৰ্চাই আমাক দিব পাৰে নিশ্চিত সকাহ ৷ এই বাট মুকলি কৰাৰ বাবেই ভূপেন গোস্বামী আমাৰ বাবে ধন্যবাদৰ পাত্ৰ হৈ ৰ’ল৷ আমি আশা কৰিম, বিভিন্ন ঠাইত এই নাটকখনৰ সফল পৰিৱেশনে উঠি অহা প্ৰজন্মক অহিংসাৰ পূজাৰীজনৰ মাজেৰে স্বাধীনতাৰ কণ্টকময় পথটোও উপলব্ধি কৰাত সহায় কৰিব ৷
here is the edited and corrected version of the matter initially published in the Dainik Janambhumi, August 15, 2018.
No comments:
Post a Comment