Monday, December 02, 2013

প্ৰিয় প্ৰুডেঞ্চ, ... তোমাৰ ছাৰা !

২০১৩ চনৰ নৱেম্বৰ মাহৰ এদিন৷ চান্দমাৰিত অসম প্ৰকাশন পৰিষদে আয়োজন কৰা গ্ৰন্থমেলাত মই এখন বিপনীত পুৰণি- হাত বাগৰা (secondhand) কিতাপ দুখনমান কিনিছিলো৷ এই কিতাপবোৰ কিনাৰ আগেয়ে লিৰিকি বিদাৰি থাকোতে এখন কিতাপৰ মাজত, পৃষ্ঠা ১৫০-১৫১ৰ ভিতৰত এটুকুৰা কাগজ পালোঁ৷ যিকোনো ভোজ-ভাতলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে ছপা কৰা কাগজ এডোখৰ, তাতে অভ্যাগতক আমন্ত্ৰণ জনাই লিখা আখৰ কেইটিও সুন্দৰ হাতৰ আখৰৰ৷১৯৫৬ চনৰ জানুৱাৰী মাহৰ এক ভোজ-উৎসৱলৈ বুলি নিমন্ত্ৰণ জনাই প্ৰেৰণ কৰা এই চিঠিখন ২০১৩ চনৰ নবেম্বৰ মাহত পোৱাৰ পিছতে আমাৰ মনত উদ্ভৱ হোৱা অনুভৱ ‘‘সাতসৰী’’ৰ ‘শেষ পৃষ্ঠা’ত (ডিচেম্বৰ, ২০১৩) লিখিছিলোঁ৷ ইয়াত এয়া চিঠিখন৷
যিখন কিতাপৰ মাজত এই আমন্ত্ৰণি পত্ৰখন পোৱা গৈছিল, সেই কিতাপখন আছিল Eric Williamsৰ The Wooden Horse৷ মই ক্ৰয় কৰা কিতাপখন ১৯৪৯ চনৰ মাৰ্চ মাহৰ সংস্কৰণৰ৷ দ্বিতীয় মহাসমৰত জাৰ্মান সেনাই বন্দী কৰা Williams-এ কিদৰে পলায়ন কৰিছিল তাৰেই কাহিনী The Wooden Horse প্ৰকাশ পাইছিল ১৯৪৯ চনৰ জানুবাৰী মাহত৷ প্ৰকাশৰ লগে লগে গ্ৰন্থখনে এনে আলোড়ন তুলিছিল যে মাৰ্চ মাহলৈ কিতাপখনৰ চতুৰ্থটো প্ৰকাশ হৈছিল৷ অৰ্থাৎ যদি প্ৰুডেঞ্চেই (আমাৰ চিঠিত ভোজলৈ আমন্ত্ৰিত ব্যক্তিগৰাকী) এই কিতাপখন কিনিছিল, তেন্তে এনে কথাও ভাবিব পাৰি, তেওঁ (বা প্ৰুডেঞ্চে নহলেও এই কিতাপৰ মূল গৰাকীয়ে) The Wooden Horse কিনিছিল গ্ৰন্থখনে সৃষ্টি কৰা হৈ-চৈৰ মোহত পৰি!

No comments: