অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে ইমৰাণ শ্বাহ নিৰ্বাচিত হোৱাটো আনন্দৰ বতৰা, আৰু সেইবাবেই তেখেতক অভিনন্দন৷ অসম সাহিত্য সভাক গতিশীল কৰিবলৈ এতিয়া তেখেতে কেনে উদ্যোগ লয় তাৰ প্ৰতি নিশ্চয় সকলোৱে চকু ৰাখিব৷
বিগত দুটামান দশকৰ পৰাই অসম সাহিত্য সভা বিভিন্ন ধৰণে সমালোচিত হৈ আহিছে-- ইয়াৰ অৰ্থ এইটোৱেই যে অসম সাহিত্য সভাই শুভাকাংক্ষী তথা গুণগ্ৰাহীসকলৰ ইপ্সিত লক্ষ্য পূৰণ কৰাত ব্যৰ্থ হৈছে৷ এই সময়ছোৱাত বিশেষকৈ দুটা মনোযোগ আকৰ্ষণকাৰী কাম হৈছিল-- মহিম বৰাৰ সভাপতিত্বত সভাই বিভিন্ন জনগোষ্ঠীৰ কাষ চপাৰ চেষ্টা কৰিছিল, একেদৰে হোমেন বৰগোহাঞিৰ নেতৃত্বত বিশ্বকোষ আন্দোলনে ঠন ধৰি উঠিছিল৷ কিন্তু অসম সাহিত্য সভাৰ লক্ষ্য-উদ্দেশ্য সিমানতে সীমাৱদ্ধ থাকিলেও নহ’ব৷ সভাৰ সন্মিলীত শক্তিক অসমৰ গণশক্তিত পৰিণত কৰাৰ বাবে এতিয়াও সংগঠিত কৰা হোৱা নাই৷ অসম সাহিত্য সভা মানে ‘‘অসমীয়া সাহিত্য সভা’’ নহয়-- এই ভুল সভাই ইতিপূৰ্বে বহুবাৰ কৰিছে৷ প্ৰকৃততে ‘‘অসম সাহিত্য সভা’’ৰ পৰা ‘‘সাহিত্য’’ শব্দটিয়েই বাদ দি সভাৰ শক্তিক অসমৰ সমূহীয়া কল্যাণৰ বাবে প্ৰয়োগ কৰাটো অত্যধিক জৰুৰী হৈ উঠিছে৷ অসমীয়া সমাজৰ সংকটো এতিয়া বহুমুখী৷ এনে সময়ত সকলোৰে আস্থা অৰ্জন কৰাটোও সাহিত্য সভাৰ অন্যতম কৰণীয়৷ ইমৰাণ শ্বাহে এই দিশবোৰৰ প্ৰতি নিশ্চয় মনোযোগ দিব৷ শ্বাহে সুদীৰ্ঘ দিন ধৰি সাহিত্য সাধনাত নিয়োজিত হৈ আহিছে-- নিৰলে থাকি তেখেতে অসমৰ সমাজ জীৱন নীৰিক্ষণো কৰি আহিছে৷ সাহিত্য সভাৰ হৃত মৰ্যাদা ওভতাই অনাত তেখেতৰ অভিজ্ঞতা আৰু জীৱন বীক্ষাই কেনে ভূমিকা লয়, সেয়া লক্ষণীয় হ’ব৷
আনহাতে সাহিত্যৰো এতিয়া স্বৰূপ সলনি হৈছে৷এসময়ৰ সাঁচিপাত-তুলাপাতত কৰা সাহিত্যৰ চৰ্চাই ছপাৰূপ লৈছিল, এতিয়া ছপা কিতাপে ইলেক্ট্ৰনিক কিতাপৰ ৰূপ লৈছে৷ আমাৰ ইয়াত ইলেক্ট্ৰনিক কিতাপক এতিয়াও মুকলি মনেৰে গ্ৰহণ কৰা হোৱা নাই ঠিকেই, কিন্তু পৰিৱৰ্তনৰ এই বতাহক ৰোধ কৰিব পৰা নাযাব৷সাঁচিপাতৰ পৰা ছপা কিতাপলৈ ঘটা ৰূপান্তৰৰ সময়তো হয়তো নতুন ‘ৰূপ’টিক গ্ৰহণ কৰিবলৈ বহুতো সন্মত হোৱা নাছিল, পিছে এতিয়া সাঁচিপাতত কোনেও হয়তো চৰ্চা কৰিবলৈ নিবিচাৰিব৷ সাঁচিপাতত পঢ়াৰ ক্ষেত্ৰতো একেটাই কথা৷ ইলেক্ট্ৰনিক কিতাপকো সেইদৰে গ্ৰহণ কৰিবই লাগিব, আৰু তাৰ বাবে এতিয়াৰে পৰাই সংগঠিতভাৱে অসমৰ সাহিত্যক (কেৱল অসমীয়া নহয়) সাজু কৰাৰো দায়িত্ব ল’ব লাগিব সাহিত্য সভাই৷ শ্বাহ ডাঙৰীয়াই এই আধুনিক মনৰো পৰিচয় দিব লাগিব৷ এশ বছৰৰো পূৰ্বে এনে আধুনিক মনৰ পৰিচয় দিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ ডেৰশ বছৰীয়া জয়ন্তীত সেয়াই হ’ব ‘সাহিত্যৰথী’ৰ প্ৰতিও উপযুক্ত শ্ৰদ্ধাঞ্জলি৷

2 comments:
ভাল লাগিল৷ আমাৰ মনৰ কথাকে লিখিছে৷ বহু দিনৰ পিছত সাহিত্য সভাৰ পৰা কিবা ভাল এটাৰ আশা সকলোৱে কৰি আছে... আমিও আশা কৰিছোঁ তেখেতে ৰাইজৰ আশা পূৰণ কৰিব পাৰিব৷
জ্ঞান আহৰণ আৰু শিক্ষা প্ৰসাৰৰ ব্যৱস্থাবোৰত অসম বা অসমীয়া জাতিয়ে সদায় কেইবাটাও যুগৰ পাছতহে নিজৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰি আহিছে। কিন্তু আজিৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগত সেই পিছ পৰি থকাৰ মানসিকতা ত্যাগ কৰিবৰ হ'ল।
প্ৰথম অসমীয়া উপন্যাস ৰচিত হৈছিল আন উন্নত জাতিবোৰৰ উপন্যাসে বহু যুগ অতিক্ৰম কৰাৰ পাছত। প্ৰথম অসমীয়া বাতৰি-কাকত প্ৰচলন হৈছিল একেদৰেই কত যুগৰ পাছত, প্ৰথমখন অসমীয়া আলোচনীও ওলাইছিল বহু যুগৰ পাছত। আমাৰ পূৰ্ণাংগ বিশ্বকোষ প্ৰণয়ন কৰা হ'ল একবিংশ শতিকাতহে, তাকো এতিয়াও সম্পূৰ্ণ হৈ উঠাগৈ নাই; আৰু এতিয়ালৈকে প্ৰকাশ হোৱা খণ্ডকেইটাও সহজে পঢ়িব পৰাকৈ সকলো মানুহে ক্ৰয় কৰিবও পৰা নাই। বহু যুগ পিছুৱাই নোযোৱাকৈ, তুচ্ছ অৰিয়াঅৰিত ব্যস্ত নাথাকি অসম সাহিত্য সভাই বিশ্বকোষৰ খণ্ডকেইটি আন বিশ্বকোষবোৰৰ দৰে ইণ্টাৰনেটত উপলব্ধ কৰাৰ ব্যৱস্থা ইতিমধ্যেই আৰম্ভ কৰিব লাগিছিল।
Post a Comment