Tuesday, August 02, 2011

ফেচবুক কাণ্ড সন্দৰ্ভত

তদন্ত আৰম্ভ হৈছে— ফেচবুক নামৰ চচিয়েল নেটৱৰ্কিং ছাইটত আহোম ৰমণীক অপমান কৰা বিষয় সম্পৰ্কে নিৰপেক্ষ আৰু দ্ৰুত তদন্ত হলে কোন সঁচা কোন মিছা নিশ্চয় জানিব পৰা যাব৷ কিন্তু ১৯৯৩ চনৰ পৰা প্ৰতক্ষ্যভাবে সাংবাদিকতাত জড়িত থকা লোক হিচাপে আন কেইটিমান দিশৰ পৰাহে সাম্প্ৰতিক ঘটনাপ্ৰবাহে মোক ব্যথিত কৰিছে৷

সামান্য যি পঢ়া-শুনা কৰিছোঁ, অসমীয়া সাংবাদিকতাৰ যি সামান্য ইতিহাস জানো, এই প্ৰথমবাৰৰ বাবে এজন সাংবাদিকৰ বিৰুদ্ধে উত্তাল হৈছে অসমৰ ৰাজপথ৷ আন্দোলন- প্ৰতিবাদ অসমৰ বাবে ডাঙৰ কথা নহয়, আন নহলেও ১৯৭৯ চনৰ পৰা আমি এই পৰিৱেশতে ডাঙৰ- দীঘল হৈছোঁ—কিন্তু এই সকলোবোৰ প্ৰতিবাদ, সমদল, ধৰ্ণা আছিল কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে, ৰাজনীতিকৰ বিৰুদ্ধে, চৰকাৰী নীতিৰ বিৰুদ্ধে৷ এনেবোৰ ক্ষেত্ৰতো সাংবাদিকৰ ভূমিকা কেতিয়াবা সমালোচিত হৈছিল হয়তো, কিন্তু তাৰ বাবে সাংবাদিকৰ বিৰুদ্ধে ধৰ্ণা- বিক্ষোভ- সমদল বাহিৰ হোবাৰ নিদৰ্শন—

এবাৰ ভৃগু কুমাৰ ফুকন সম্পৰ্কীয় বাতৰি এলানিক কেন্দ্ৰ কৰি এখন কাকতৰ বিৰুদ্ধে কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ হৈছিল, কিন্তু সেয়া আছিল একান্তই ৰাজনৈতিক কাৰবাৰ, সাংবাদিকৰ ব্যক্তিগত মন্তব্যক কেন্দ্ৰ কৰি সৰ্বাত্মক ক্ষোভ হোৱা নাছিল, সাংবাদিকৰ প্ৰতি অসমীয়া মানুহৰ আস্থা আৰু শ্ৰদ্ধা একেবাৰে নোহোৱা হৈ হয়তো পৰা নাছিল৷ কোনো কথাত মতদ্বৈধতা আহিলেও কৰবাত এধানিমান বিশ্বাস আছিল৷

এতিয়া ছচিয়েল নেটৱৰ্কিং ছাইটত যেতিয়া এটাৰ পিছত এটাকৈ উন্মোচিত হৈছে সাংবাদিকৰ অসহিষ্ঞু মন্তব্য, জাতিৰ শ্ৰদ্ধেয়- পুৰোধা ব্যক্তিৰ প্ৰতি ব্যৱহাৰ কৰা অসাংবিধানিক শব্দ, ৰাজ্যজুৰি সাংবাদিকৰ বিৰুদ্ধে উত্তাল হৈছে ৰাইজ—তেতিয়া, সংবাদক্ষেত্ৰৰ সৈতে জডিত ব্যক্তি হিচাপে বিব্ৰত হৈছোঁ, সংবাদক্ষেত্ৰ তেন্তে কলুষিত হোৱাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ল!(আমি জানো উপযুক্ত হৈছোঁ ছচিয়াল নেটৱৰ্কিং ছাইটৰ বাবে? এই আক্ষেপতেইতো মই পৰিত্যাগ কৰিছোঁ সকলো ছচিয়াল নেটৱৰ্কিং ছাইট)

জাতিবিদ্বেষী মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উঠাৰ দিনাই বিনয়ৰে এই কথা অস্বীকাৰ কৰি ক’ব পৰা গ’লহেতেন যে এই সন্দৰ্ভত অভিযোগ দিয়া হৈছে আৰু তদন্তৰ প্ৰতিবেদন নোলোৱা পৰ্যন্ত ৰাইজক কোনো অধিক প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকিবলৈও অনুৰোধ কৰিব পৰা গ’লহেতেন৷ কিন্তু দেখা গ’ল অসমীয়া জাতিৰ যি চৰিত্ৰগত বৈশিষ্ট্য সেই বিনয়ৰ কোনো অৱশেষ আৰু নাই, তাৰ ঠাই লৈছে চৰম উদ্ধতালি আৰু অভব্যতাই—এয়া বাৰু অসমীয়া সমাজৰো ক্রমাৎ পৰিৱৰ্তন হ’ব ধৰা চৰিত্ৰগত বৈশিষ্ট্য নেকি? ইয়াত এজন নিমাষিত ব্যক্তি হিচাপে মোৰ কৰণীয়ই বা কি?

শেহতীয়া কাণ্ড- কাৰখানা দেখি এনে লাগিছে যেন অসমত এতিয়া কোনো সমস্যা নাই,—বানপানী নাই, নদী বান্ধৰ সমস্যা নাই, বস্তুৰ মূল্য বঢ়া নাই, নিবনুৱা সমস্যা নাই-- কেৱল কোন ব্যক্তিয়ে কাৰ বিষয়ে কি ক’লে সেয়াই মূল কথা, আৰু তাৰ ওপৰতে নিৰ্ভৰশীল অসমৰ সৰ্বাত্মক উন্নয়ন! আৰু এনেদৰেই আমি বিশ্ব ইতিহাসত নাম ৰখাৰ পক্ষপাতী!

2 comments:

হিমজ্যোতি said...

সময়োপযোগী লেখা। ফেচবুকৰ নামত অসমত যেন এক বিষবাষ্প হে বিয়পিছে।

DIGANTA OZA. দিগন্ত ওজা said...

ধন্যবাদ৷