Saturday, May 07, 2011

ৰামধেনু ব্যৱহাৰকাৰীৰ বাবে ইউনিকোড

এই কথাখিনি কেৱল সেইসকল লেখক- সাংবাদিকৰ কাৰণে, যিসকল ইতিমধ্যে অসমীয়া কম্পজৰ ক্ষেত্ৰত ৰামধেনুৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবাবেই মন থাকিলেও অসমীয়া ইউনিকোড ব্যৱহাৰ কৰিবলৈ আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হয়৷ অৰ্থাৎ ৰামধেনু ব্যৱহাৰ নকৰাকৈ পোনে পোনে যিসকলে unicodeত ইতিমধ্যে অসমীয়াত type কৰি আছে তেখেতসকলে এই টোকাটি নপঢ়িলেও (বা পঢ়িলেও অনুসৰণ নকৰিলেও) কোনো কথা নাই ৷

অসমীয়া কম্পজৰ ক্ষেত্ৰত আমাৰ যিসকল লেখক- সাংবাদিকৰ মাজত ইতিমধ্যে ৰামধেনু অভ্যস্ততা গঢ় লৈ উঠিছে, তেওঁলোকে Unicode-ত অসমীয়া লিখিবলৈ আগ্ৰহী নোহোৱাৰ কাৰণ মূলতঃ এই—Unicode key-board খন ৰামধেনুৰ পৰা সম্পূৰ্ণ পৃথক ৷ হওঁতে ইউনিকোড কী- ব’ৰ্ডখন সৰল, কিন্তু সমস্যা হ’ল আমি কাকত- আলোচনী বা কিতাপ- পত্ৰৰ কাম কৰোঁতে ৰামধেনু বাদ দি চলিব নোৱাৰোঁ ৷ ফলত এই কামবোৰ কৰোঁতে ৰামধেনুত, আকৌ internet-ৰ বাবে Unicode-ত এনেদৰে দুখন সমান্তৰাল কী- বৰ্ড ব্যৱহাৰ কৰি থাকোতে মনৰ মাজত দুয়োখন key board-ৰে আখৰবোৰ খেলিমেলি হৈ পৰে ৷ অৱধাৰিতভাৱে আঙুলিবোৰৰ সঞ্চালনো লেহেমীয়া হৈ পৰে— speed কমে, ভুল হোৱাৰ আশংকা বাঢ়ে-- এক কথাত কোনো এখন key board-এই সুবিধাজনক হৈ নাথাকে৷ তেতিয়াই আমাৰ মনত ভাৱ হয়, অামি বৃত্তিগতভাৱে যিহেতু কাকত- আলোচনী বা কিতাপ- পত্ৰৰ কাম কৰিবই লাগিব, গতিকে ৰামধেনু key board-ক লৈ বেমেজালি হবলৈ দিব নোৱাৰি— লাগিলে Unicode- য়েই বাদ দিম!

আৰম্ভণিতে মোৰ নিজৰ ক্ষেত্ৰতে ভাৱ হৈছিল এনে ৷

কিন্তু ইউনিকোড আমি সঁচাকৈয়ে বাদ দি চলিব পাৰিমনে?

ইউনিকোড কি, সেই বিষয়ে এই টোকাত লিখিব খোজা হোৱা নাই—যিসকলে এতিয়াও Unicode-ৰ বিষয়ে নাজানে তেখেতসকলে ইণ্টাৰনেটত ’চাৰ্চ’ কৰিও এই সন্দৰ্ভত অৱগত হ’ব পাৰিব ৷ কথা হ’ল বিশ্বব্যাপী জনপ্ৰিয় হৈ উঠা ইউনিকোড ব্যৱস্থা আজি নহ’লেও কাইলৈ, কাইলৈ নহ’লেও পৰহিলৈ মানি লবলৈ আমি সকলো বাধ্য ৷ এনে এটা দিন আসন্ন, যেতিয়া কিতাপ- পত্ৰ লিখা হ’ব ইউনিকোডত৷ কেৱল সিমানেই নহয়, এই ব্যৱস্থাই লেখক বা সাংবাদিক হিচাপে আপুনি এতিয়াও মনে মনে ভাৱি থকা (বা ইতিমধ্যে আৰম্ভ কৰা) ৱেবছাইট কিম্বা ব্লগ্-টোত নিজক প্ৰকাশ কৰাৰ ক্ষেত্ৰতো আপোনাক সহায় কৰিব ৷ (ৰামধেনু ব্যৱহাৰ কৰিটো আৰু পোনচাটেই ৱেবছাইট বা ব্লগ্-ত লিখিব পৰা নাযায়!) গতিকে পৰহিলৈ যদি আমি Unicode ব্যৱহাৰ কৰিবই লাগে, আজিয়েইনো নকৰোঁ কিয়? আজিয়েই যদি কৰিব লাগে, এতিয়াইনো নকৰোঁ কিয়? অসমীয়া লেখক- সাংবাদিক হ’লো বুলি ইমান পিচ পৰি ৰোৱাৰ কাৰণ কি?

’কাৰণ’ নহয়, কেৰোণ ৷ আৰু এই কেৰোণটো আমি ইতিমধ্যে উল্লেখ কৰি অহা ভিন্ন কী- বৰ্ড ৷ তেন্তে যদি এনে এটা ব্যৱস্থা কৰা যায়, য’ত আমি বৰ্তমানৰ ৰামধেনু কী- বৰ্ডখনতে Unicode লিখাৰ সুবিধা কৰি ল’ব পাৰোঁ!

ছচিয়েল নেটৱৰ্কিং ছাইটৰ জৰিয়তে মোৰ বন্ধুত্ব গঢ় লৈ উঠা বনজীৎ পাঠক পেছাত চিকিৎসক, কিন্তু অসমীয়া ভাষাপ্ৰেমী পাঠকে ইণ্টাৰনেটত অসমীয়া ভাষা জনপ্ৰিয় কৰাৰ স্বাৰ্থত নিজা শক্তিৰে অভিযান চলাই আহিছে ৷ তেওঁক মই ভিন্ন কী- বৰ্ডৰ বাবে লেখক- সাংবাদিকসকলে Unicode ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দেখুওৱা অনীহাৰ কথা কোৱাৰ লগে লগে হাতে কামে লাগি গ’ল আৰু কেই ঘণ্টামানৰ ভিতৰতে ৰামধেনু ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে প্ৰস্তুত কৰি উলিয়ালে এখন কী- বৰ্ড ৷ এই টোকাটি মই সেই কী- বৰ্ড অনুসৰি প্ৰস্তুত কৰিছোঁ ৷ ’পূৱেৰুণ’ নাম দিয়া এই key- boardখন ৰামধেনুৰ সৈতে প্ৰায় ৯৫ শতাংশ মিলে, গতিকে Ramdhenu-ৰ সৈতে অভ্যস্ত লোকে ’পূৱেৰুণ’ৰে কম্পজ কৰাত বিশেষ অসুবিধা নাপায় ৷ ৰামধেনুত নিৰ্ভৰশীলসকলে ’পূৱেৰুণ’ৰে মাইক্ৰ’ছফ্ট ৱৰ্ডত কম্পজ কৰি ব্লগ বা ৱেব্ ছাইটত আপলোড কৰিব পাৰে, নতুবা পোনচাটেই ব্লগ বা ৱেব্ ছাইটত কম্পজ কৰিব পাৰিব ৷ এক কথাত এই key board-এ ৰামধেনু ব্যৱহাৰকাৰীসকলক ’ই- বিশ্ব’ত মাতৃভাষাৰে নিজক প্ৰকাশ কৰিবলৈ সুচল পথৰ দিহা কৰিছে ৷ গুৰুত্বপূৰ্ণ কথাটি হ’ল ’পূৱেৰুণ’ আপোনাক বনজীৎ পাঠকে বিনামূলীয়াকৈয়ে যোগান ধৰিব ৷ তাৰ বাবে পাঠকক banajitpathak@gmail.com- এই ই- মেইলত যোগাযোগ কৰিলেই হ’ল ৷


এই লেখাটোৰ সম্পাদিত ৰূপ প্ৰকাশ পাইছে ৮ মে’, ২০১১ তাৰিখৰ অসমীয়া প্ৰতিদিন কাকতৰ চতুৰ্থ পৃষ্ঠাত

5 comments:

বুলজিৎ said...

অসমীয়া প্ৰতিদিন'অত পঢ়িছিলো, এতিয়া আকৌ পঢ়িলোঁ। কথাখিনি জানি ভাল লাগিল। পাঠক ডাঙৰীয়া ধন্যবাদৰ পাত্রৰ,লগতে আপুনিও।

Prankrishna said...

ভাল লাগিছে শুনিবলৈ পাই। আমি নিজে এখন অসমীয়া অনলাইন আলোচনীৰ কাম কৰি থমকিব লগীয়া হৈছে। অৱশ্যে UNICODE ত কিছুমান বৰ্ণ আমি এতিয়াও বিচাৰি পোৱা নাই।

Anjal said...
This comment has been removed by the author.
Anjal said...

পঢ়ি ভাল লাগিল৷ বনজিত পাঠকে সঁচাই এটা ভাল কাম কৰিছে৷ মইও এটা সৰু লেখা প্ৰস্তুত কৰিছোঁ৷ ইউনিক'ড সম্পৰ্কে আমি অধিক প্ৰচাৰ কৰিব লাগে৷

সুশান্ত কর said...

আৰু বেছিকৈ লিখা হওক এই বিষয়ে।